শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আন ৰাষ্ট্ৰলৈ আশা কৰিব নালাগে, ভাৰতত নিৰ্মাণ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা, পাকিস্তান আৰু চীন সীমান্তত কৰিব মোতায়েন

ভাৰতে সম্পূৰ্ণ থলুৱা প্ৰযুক্তি ব্যৱহাৰ কৰি প্ৰস্তুত কৰি আছে ‘Quick Reaction Surface to Air Missile’ বা QRSAM ব্যৱস্থা। এই নতুন ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা নিৰ্মাণৰ বাবে ভাৰতে ব্যয় কৰিছে এক লাখ কোটিতকৈও অধিক টকা।

আন ৰাষ্ট্ৰলৈ আশা কৰিব নালাগে, ভাৰতত নিৰ্মাণ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা, পাকিস্তান আৰু চীন সীমান্তত কৰিব মোতায়েন
বায়ু প্ৰতিৰক্ষা ব্যৱস্থাImage Credit source: TV9 Bangla
raj-saikia
Raj Saikia | Published: 30 Jul 2025 16:03 PM

স্বাৱলম্বিতাৰ দিশত আৰু এখোজ আগবঢ়াইছে দেশে। সম্পূৰ্ণ থলুৱা প্ৰযুক্তি ব্যৱহাৰ কৰি ‘Quick Reaction Surface to Air Missile’ বা QRSAM ব্যৱস্থা প্ৰস্তুত কৰি আছে ভাৰতে। সেনাই ইয়াক অভিহিত কৰিছে ‘বেবী এছ-৪০০’ বুলি।

এই নতুন ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা নিৰ্মাণৰ বাবে ভাৰতে ব্যয় কৰিছে এক লাখ কোটিতকৈও অধিক টকা। সম্পূৰ্ণ থলুৱা প্ৰযুক্তি ব্যৱহাৰ কৰি সামৰিক সঁজুলি নিৰ্মাণত ইমান ধন বিনিয়োগ কৰাৰ পৰা এটা কথা স্পষ্ট যে, ভাৰতে ভৱিষ্যতে শত্ৰুৰ সৈতে মুখামুখি হ’বলৈ আন কোনো বিদেশী দেশৰ ওপৰত নিৰ্ভৰশীল হ’ব নিবিচাৰে।

‘অপাৰেচন সেন্দূৰে স্পষ্টকৈ দেখুৱাইছে যে যুদ্ধত আক্ৰমণতকৈ আত্মৰক্ষা অধিক গুৰুত্বপূৰ্ণ। এই অভিযানৰ সময়ত পশ্চিম আৰু উত্তৰ ভাৰতত অবিৰতভাৱে ড্ৰ’ন আৰু মিছাইল নিক্ষেপ কৰিছিল পাকিস্তানে। কিন্তু উপযুক্ত প্ৰতিৰক্ষা ব্যৱস্থাৰ বাবে বিফল হয় পাকিস্তানী মিছাইল। ভাৰতৰ ‘অপাৰেচন সেন্দূৰ’ৰ পৰা শিক্ষা লৈ নিজা চমু দূৰত্বৰ বিমান প্ৰতিৰক্ষা ক্ষমতা বৃদ্ধি কৰিব বিচাৰিছে সেনাই।

তুলনামূলকভাৱে কম উচ্চতাত উৰি থকা আক্ৰমণাত্মক ড্ৰোন আৰু নিখুঁত নিৰ্দেশিত ক্ষেপণাস্ত্ৰৰ দৰে আক্ৰমণ ৰোধ কৰিবলৈ ভাৰতীয় সেনাক QRSAM ব্যৱস্থাৰ প্ৰয়োজন। পাকিস্তানৰ সীমান্তত থকা চীনা বায়ু প্ৰতিৰক্ষা ব্যৱস্থা ‘নিস্ক্ৰীয়’ কৰি ভাৰতে মাত্ৰ ২৩ মিনিটতে সমগ্ৰ অভিযান সম্পূৰ্ণ কৰিবলৈ সক্ষম হয়। কিন্তু ভৱিষ্যতে পাকিস্তান আৰু চীনে আৰু এনে আক্ৰমণ কৰিব বুলি ধৰি লৈ আগতীয়াকৈ নিজৰ অস্ত্ৰভাণ্ডাৰ সুৰক্ষিত কৰিব বিচাৰিছে দিল্লীয়ে।

সেইবাবেই QRSAM ৰ দৰে ব্যৱস্থাৰ প্ৰয়োজন, যিয়ে একেলগে একাধিক আক্ৰমণ ব্লক কৰিব পাৰে। বিশেষকৈ এই নতুন ব্যৱস্থাৰ লক্ষ্য হৈছে শত্ৰুৰ ক্ষেপণাস্ত্ৰ আক্ৰমণক বাধা দিয়া। প্ৰয়োজন অনুসৰি এই প্ৰতিৰক্ষা ব্যৱস্থাক চীন আৰু পাকিস্তানৰ সীমান্তত স্থানান্তৰিত কৰিব পৰা যাব। প্ৰয়োজন হ’লে ভাৰতৰ কৌশলগত স্থানত ‘বেবী এছ-৪০০’ নিয়োগ কৰিব পৰা যাব।

নতুন প্ৰতিৰক্ষা ব্যৱস্থাৰ ৰেঞ্জ ৫ৰ পৰা ৩০ কিলোমিটাৰৰ ভিতৰত হ’ব। পূৰ্বে উল্লেখ কৰাৰ দৰে ‘বেবী এছ-৪০০’ৰ মূল লক্ষ্য হ’ব নিম্ন উৰণৰ আক্ৰমণ ৰোধ কৰা। এই প্ৰতিৰক্ষা ব্যৱস্থাই মাটিৰ পৰা ১৪ কিলোমিটাৰ ওপৰত উৰি থকা যুদ্ধ বিমান, হেলিকপ্টাৰ, ড্ৰোন আৰু ক্ৰুজ মিছাইলক ভূ-পতিত কৰিব পাৰিব। প্ৰতিটো QRSAM মিছাইলৰ গতিবেগ হ’ব শব্দৰ ৪.৭ গুণ।

এই ক্ষেপণাস্ত্ৰসমূহ অতি দ্ৰুত, উচ্চ বায়ু আক্ৰমণক প্ৰতিহত কৰিবলৈ নিৰ্মাণ কৰা হৈছে। চাৰে চাৰি মিটাৰ দৈৰ্ঘ্যৰ এই ক্ষেপণাস্ত্ৰৰ ওজনো কম কম, প্ৰায় ২৭০ কিলোগ্ৰাম। কঠিন ৰকেট ইন্ধনৰ দৰে একক পৰ্যায়ৰ, নিৰ্ভৰযোগ্য আৰু বহুলভাৱে ব্যৱহৃত ইন্ধন ব্যৱহাৰ কৰা হ’ব ইয়াত। ডি আৰ ডি অ’ই ভৱিষ্যতৰ ড্ৰ’ন যুদ্ধৰ কথা মনত ৰাখি এই অত্যাধুনিক অস্ত্ৰটো প্ৰস্তুত কৰি আছে।

যিটো লঞ্চাৰৰ পৰা এই ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হ’ব, সেই লঞ্চাৰতো বিশেষ বৈশিষ্ট্য আছে। প্ৰতিটো মোবাইল লঞ্চাৰ প্লেটফৰ্মত থাকিব ৬টা মিছাইল। ই ৩৬০ ডিগ্ৰী ঘূৰিব পাৰে। ইয়াৰ ওজন লঘু আৰু কঢ়িয়াব পৰাকৈ সহজ কৰি তোলা হৈছে, যাতে ইয়াক এঠাইৰ পৰা আন ঠাইলৈ দ্ৰুতগতিত নিব পাৰে। পৰীক্ষাৰ সময়ত এই প্ৰতিৰক্ষা ব্যৱস্থাই ৮৫ শতাংশ সঠিকতাৰে ‘চিংগল শ্বট কিল’ বা লক্ষ্যত আঘাত কৰিবলৈ সক্ষম হৈছে।

এই প্ৰতিৰক্ষা ব্যৱস্থাই সকলো সময়তে চাৰিওফালৰ অঞ্চল স্কেন কৰিব। ইয়াত আছে ‘এক্টিভ ইলেক্ট্ৰনিকলি স্কেনড এৰে’ বা এইএছএ প্ৰযুক্তি। মুঠতে ‘বেবী এছ-৪০০’ৰ ২২টা ৰেজিমেণ্ট গঠন কৰা হ’ব। প্ৰথম অৱস্থাত ৬টা ৰেজিমেণ্ট সশস্ত্ৰ বাহিনী আৰু বায়ুসেনাৰ মাজত বিভক্ত কৰা হ’ব। প্ৰতিটো ৰেজিমেণ্টৰ খৰচ প্ৰায় ৬ হাজাৰ কোটি টকা। প্ৰথম অৱস্থাত ‘বেবী এছ-৪০০’ পাকিস্তান আৰু চীন সীমান্তত মোতায়েন কৰা হ’ব।