কিডনীৰ বাবে বেয়া এইসমূহ খাদ্য...

30 JULY 2025

TV9 ASSAM

Credits: Getty Images

বৃক্ক বা কিডনী আমাৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংগ। ই শৰীৰৰ বেয়া পদাৰ্থসমূহ আঁতৰ কৰাত সহায় কৰে। গতিকে বৃক্কৰ যত্ন লোৱা অতি আৱশ্যক।

বৃক্ক

কিছুমান এনে খাদ্য আছে যি বৃক্কৰ স্বাস্থ্যৰ বাবে বেয়া। আমেৰিকান নেশ্যনেল কিডনী ফাউণ্ডেশ্যনৰ মতে, ছডিয়াম,ফচফৰাছ, পটেছিয়ামেৰে ভৰপুৰ খাদ্য বেছি খোৱা কিডনীৰ বাবে বেয়া।

বেয়া

চেনি কিডনীৰ বাবে বেয়া। গতিকে চেনি কম পৰিমাণে খাব লাগে। ইয়াৰোপৰি প্ৰজেচ়ড আৰু পেকেটত থকা খাদ্যত বেছি পটেছিয়াম থাকে। ইয়াৰ ফলত ব্লাডপ্ৰেচাৰ বাঢ়ে আৰু কিডনী প্ৰভাৱিত হয়।

কি খাব নালাগে

ফাষ্ট ফুড, জাংক ফুড আদিত সাধাৰণতে ছডিয়াম, ফেট আৰু তেল অধিক মাত্ৰাত থাকে। গতিকে ই কিডনীত বেয়া প্ৰভাৱ পেলায়। ইয়াৰোপৰি কোল্ড ড্ৰিংক কমকৈ খাব।

ফাষ্ট ফুড

বেছিকৈ নিমখ খোৱা স্বাস্থ্যৰ বাবে বেয়া। নিমখত বেছিকৈ ছডিয়াম থাকে। ই শৰীৰত বেছিকৈ জমা হ'লে কিডনীত সমস্যাৰ সৃষ্টি কৰে।

নিমখ

পাম অইল আৰু ৰিফাইন অইলে কিডনীত দীৰ্ঘদিনীয়াভাৱে প্ৰভাৱিত কৰিব পাৰে। গতিকে খাদ্যত সদায় ভাল তেল ব্যৱহাৰ কৰিব লাগে। 

পাম অইল

ইয়াৰোপৰি বেছিকৈ বিষৰ দৰৱ খোৱা বৃক্কৰ বাবে বেয়া। চিকিৎসকৰ পৰামৰ্শ মতে দৰৱ খাব লাগে। ইয়াৰ বিষয়ে অধিক জানিবলৈ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত।

ঔষধ

পঢ়িবলৈ ক্লিক কৰক 

আগষ্ট মাহ ভাল এই ৰাশিৰ বাবে