শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পাহাৰ বগাই ভাগৰি পৰিছিল চুপাৰি কিলাৰ! তেতিয়া সোণমে কৈছিল-২০ লাখ দিম আৰু…

দাবী অনুসৰি ৰাজাৰ শেষকৃত অনুষ্ঠানত ৰাজ কুছৱাহা উপস্থিত আছিল। ভাইৰেল হোৱা ভিডিঅ'ত দেখা গৈছে যে, ৰাজে ৰাজাৰ শহুৰেক দেৱী সিঙক কান্ধত ধৰি সান্তনা দিছিল। ভিডিঅ'টোত ৰাজক আৱেগিক হোৱা দেখা গৈছে।

পাহাৰ বগাই ভাগৰি পৰিছিল চুপাৰি কিলাৰ! তেতিয়া সোণমে কৈছিল-২০ লাখ দিম আৰু…
ৰাজা ৰঘুবংশী আৰু অভিযুক্ত কেইজনImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 10 Jun 2025 10:34 AM

ৰাজা ৰঘুবংশী হত্যাকাণ্ড সন্দৰ্ভত নিতৌ ন ন তথ্য পোহৰলৈ আহিছে। ৰাজাৰ পত্নী সোণম ৰঘুবংশী আৰু তেওঁৰ প্ৰেমিক ৰাজ গ্ৰেপ্তাৰ হোৱাৰ পাছত ন ন তথ্য পোহৰলৈ আহিছে। ইয়াৰোপৰি ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৩ জন চুপাৰি কিলাৰক। আৰক্ষীৰ সূত্ৰ অনুসৰি, মেঘালয়ৰ পাহাৰত ৩০০০ চিৰিত ট্ৰেকিং কৰি থকাৰ সময়ত ৰাজাক হত্যা কৰিছিল। সেই সময়ত ঘটনাৰ অভিযুক্ত কেইজন চিৰি বগাই বগাই ভাগৰি পৰিছিল আৰু হত্যা নকৰাৰ সিদ্ধান্ত লৈছিল। কিন্তু তেতিয়া সোণমে তেওঁলোকক দুগুণ টকা দিয়াৰ প্ৰলোভন দিয়ে আৰু এই হত্যাকাণ্ড সংঘটিত কৰে।

আৰক্ষীৰ মতে, ২৪ মে’ত ফটোশ্বুট কৰিব বুলি সোণমে ৰাজাক পাহাৰৰ এটা নিৰ্জন ঠাইলৈ লৈ গৈছিল। সেই সময়ত সোণমে পিছে পিছে খোজ কাঢ়ি আছিল আৰু আগে আগে ৩ জন চুপাৰি কিলাৰৰ সৈতে ৰাজা গৈ আছিল। যেতিয়াই তেওঁলোকে দেখে যে সেই ঠাইত কোনো নাই তেতিয়া সোণমে চিঞৰি কৈছিল- “তেওঁক মাৰি পেলোৱা”। ইয়াৰ পাছতে দুই অভিযুক্ত বিশাল চৌহানে ৰাজাৰ মূৰত চোকা অস্ত্ৰৰে আক্ৰমণ কৰে। এই সময়চোৱাত ঘটনাৰ পৰা কিছু দূৰত আন এজন অভিযুক্ত আকাশ ৰাজপুতে বাইকেৰে তেওঁক অপেক্ষা কৰি আছিল।

২০ লাখ টকা

অভিযুক্তই আৰক্ষীক জনাই যে, পাহাৰৰ চিৰি বগাই বগাই অভিযুক্ত ভাগৰি পৰিছিল আৰু হত্যা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। তেতিয়া সোণমে তেওঁলোকক ২০ লাখ টকা দিয়াৰ প্ৰলোভন দিছিল। সোণমে কৈছিল- তোমালোকক ২০ লাখ টকা দিম, কিন্তু মাৰিব লাগিব। তেতিয়াই সোণমে ৰাজাৰ মানিবেগৰ পৰা ১৫ হাজাৰ টকা উলিয়াই তেওঁলোকক দিয়ে। উল্লেখ কৰা প্ৰয়োজন যে, ইয়াৰ পূৰ্বে চুপাৰি কিলাৰ আৰু সোণমৰ মাজত ৫০ হাজাৰ টকাৰ ডিল হৈছিল।

দাবী অনুসৰি ৰাজাৰ শেষকৃত অনুষ্ঠানত ৰাজ কুছৱাহা উপস্থিত আছিল। ভাইৰেল হোৱা ভিডিঅ’ত দেখা গৈছে যে, ৰাজে ৰাজাৰ শহুৰেক দেৱী সিঙক কান্ধত ধৰি সান্তনা দিছিল। ভিডিঅ’টোত ৰাজক আৱেগিক হোৱা দেখা গৈছে।

উল্লেখ্য যে, মে’ মাহৰ ১১ তাৰিখে ৰাজা আৰু সোণম ৰঘুবংশীৰ বিয়া হৈছিল। মেট্ৰমনিয়েল চাইটৰ জৰিয়তে পৰিয়ালে দুয়োৰে বিবাহ ঠিক কৰিছিল। তাৰ পাছতে দুয়ো ২৩ মে’ত নিৰুদ্দেশ হৈছিল। প্ৰথম অৱস্থাত দুয়োকে বিচাৰি আৰক্ষীয়ে অভিযান চলাইছিল আৰু ২ জুনত ৰাজা ৰঘুবংশীৰ মৃতদেহ উদ্ধাৰ হৈছিল। ইফালে নিৰুদ্দেশ হৈ আছিল সোণম। আৰক্ষীৰ তদন্তৰ অন্তত ৮ জুনত গ্ৰেপ্তাৰ হয় । এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত চলি আছে। তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

 

অন্য খবৰ পঢ়কঃ মই বিধৱা হৈ যাম আৰু…ৰাজাৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত কি আছে? সোণমৰ পৰিকল্পনা আছিল…