Top 10 headlines today: ১ মিনিটতে পঢ়ক দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ
ভয়াৱহ ৰূপ ধাৰণ কৰিছে মধ্যপ্ৰাচ্যৰ যুদ্ধই । ইয়াৰ মাজতে ভাৰত চৰকাৰে চলাইছে আন এক নতুন অভিযান। এইবাৰ ভাৰতে আৰম্ভ কৰিছে ‘অপাৰেশ্যন সিন্ধু’। লগতে পঢ়ক আজিৰ দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ...

১ মিনিটতে পঢ়ক দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ
আজি দিনটোত বহুকেইটা ঘটনা সংঘটিত হৈছে। পলকতে চাও আহক অসমৰ লগতে দেশ বিদেশৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ-
- পুনৰ কংগ্ৰেছক সমালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কংগ্ৰেছত থাকিলে আত্মসন্মান ফিক্সড ডিপোজিতত থৈ আহিব লাগে। কংগ্ৰেছৰ পুনৰুজ্জিৱীত কৰিবলৈ হলে গান্ধী পৰিয়ালক আঁতৰ কৰিব লাগিব বুলিও কয় মুখ্যমন্ত্ৰীয়ে।
- আজি পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৪৮১ যুৱক-যুৱতীক অসম চৰকাৰৰ বিভিন্ন বিভাগৰ অধীনত নিযুক্তি পত্ৰ বিতৰণ কৰে। ২০২১ চনৰ পৰা বৰ্তমানলৈকে ১,২০,৮৪০গৰাকী যুৱক-যুৱতীয়ে বিনামূলীয়া আৰু নিৰপেক্ষভাৱে চৰকাৰী চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে বুলি কয় মুখ্যমন্ত্ৰীয়ে।
- ২০২১ চনৰ পৰা অসমত ১.২ লাখৰো অধিক যুৱক-যুৱতীয়ে সম্পূৰ্ণ স্বচ্ছতা আৰু মেধাৰ ভিত্তিত চৰকাৰী চাকৰি লাভ কৰিছে। অহা ১০ অক্টোবৰত একেলগে আৰু ৪০ হাজাৰ যুৱক-যুৱতীক নিযুক্তি প্ৰদান কৰা হ’ব। এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
- ৰাজ্য চৰকাৰে কেইবাখনো জিলাত চলাই থকা উচ্ছেদ অভিযানক ধিক্কাৰ দি আজি কোকৰাঝাৰৰ গান্ধী পাৰ্কত দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাই। শেহতীয়াকৈ গোৱালপাৰা, মুকালমুৱা, আৰু বঙাইগাঁৱত উচ্ছেদ অভিযান চলাইছিল প্ৰশাসনে।
- প্ৰায় ছমাহ ধৰি দৰমহা লাভ কৰা নাই আহোম যুগৰ কীৰ্তিচিহ্ন চোৱাচিতা কৰিবলৈ প্ৰত্নতত্ত্ব সঞ্চালকালয়ে নিয়োগ কৰা ঠিকাভিত্তিক কৰ্মচাৰীসকলে । ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামকে ধৰি সমগ্ৰ অসমৰ আহোম যুগৰ ১৬৭টা কীৰ্তিচিহ্ন চোৱাচিতা কৰিবলৈ নিয়োগ কৰা হৈছিল তেওঁলোকক। চৰকাৰে এই বিষয়টো শীঘ্ৰে সমাধানৰ প্ৰক্ৰিয়াত আছে বুলি কয় কৰ্তৃপক্ষই।
- নলবাৰীৰ মুকালমুৱাত আজি সংঘটিত হয় এক নাও দুৰ্ঘটনা। পেৰাধৰা ঘাটত ব্ৰহ্মপুত্ৰ নদীত সংঘটিত হয় এই ঘটনা। শিক্ষাৰ্থীসহ চাৰিজন লোক সন্ধানহীন হয় এই নাও দুৰ্ঘটনাত। সন্ধানহীনক উদ্ধাৰৰ বাবে অভিযান এছ ডি আৰ এফৰ।
- আজি কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ জন্মদিন। কংগ্ৰেছৰ বিভিন্নজন নেতাই শুভেচ্ছা জনাই নেতাগৰাকীক। ইফালে জন্মদিনৰ দিনাই নতুন ঘৰত প্ৰৱেশ কৰে ৰাহুল গান্ধীয়ে। চৰকাৰীভাৱে আৱন্টিত নিজৰ নতুন গৃহত আজিৰে পৰা বাস কৰিব ৰাহুলে।
- ভয়াৱহ ৰূপ ধাৰণ কৰিছে মধ্যপ্ৰাচ্যৰ যুদ্ধই । ইয়াৰ মাজতে ভাৰত চৰকাৰে চলাইছে আন এক নতুন অভিযান। এইবাৰ ভাৰতে আৰম্ভ কৰিছে ‘অপাৰেশ্যন সিন্ধু’। ইৰাণ-ইজৰাইল সংঘাতৰ বাবে মধ্যপ্ৰাচ্যত সৃষ্টি হোৱা যুদ্ধৰ পৰিস্থিতিৰ মাজতে আৰম্ভ কৰা হৈছে এই অভিযান। এই অভিযানৰ জৰিয়তে ইৰাণত আবদ্ধ ভাৰতীয়সকলক উদ্ধাৰ কৰি দেশলৈ ঘূৰাই অনা হ’ব। প্ৰথম পৰ্যায়ত ১১০ জন ভাৰতীয় ছাত্ৰ-ছাত্ৰীক দিল্লীলৈ উভতাই অনা হৈছে।
- আহমেদাবাদৰ এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ পিছতে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে ল’লে এটা ডাঙৰ সিদ্ধান্ত। ইতিমধ্যে বিমানবন্দৰৰ আশে-পাশে থকা ওখ অট্টালিকাত বিমানে খুন্দা মৰাৰ বিষটোক লৈ আশংকা বৃদ্ধি পাইছে। যাৰ বাবে এইবাৰ এনে ওখ অট্টালিকাবোৰ নিৰ্মাণক লৈ এটা ডাঙৰ সিদ্ধান্ত লৈছে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে।
- প্ৰথমে হাতত ধৰিলে, ইজনে সিজনক সাৱতি কান্দিলে আৰু তাৰ পাছত প্ৰেমিক-প্ৰেমিকাই ৰে’লৰ আগত জঁপিয়াই জীৱনৰ চৰম সিদ্ধান্ত গ্ৰহণ কৰে। এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ মুৰাদাবাদত।