ধৰ্মনিৰপেক্ষ মনোভাৱৰ বাবে UAE ত মন্দিৰ নিৰ্মাণ সম্ভৱ হৈছেঃ নিউজ ৯ গ্ল’বেল ছামিটত হৰদ্বীপ সিং পুৰী
আজি ডুবাইত অনুষ্ঠিত হয় টিভি৯ৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন। য'ত ভাৰতৰ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ পৰিক্ৰমা মন্ত্ৰী হৰদীপ সিং পুৰীয়ে অংশগ্ৰহণ কৰে। ভাৰ্চুৱেলী এই সন্মিলনত অংশগ্ৰহণ কৰি তেওঁ ডুবাই আৰু ভাৰতৰ সম্পৰ্কৰ বিষয়ে কয়।
আজি ডুবাইত অনুষ্ঠিত হৈছে টিভি৯ নেটৱৰ্কৰ দ্বিতীয়খন নিউজ ৯ গ্ল’বেল ছামিট ( News9 Global Summit)। এই সন্মিলনত অংশ গ্ৰহণ কৰে ভাৰতৰ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ পৰিক্ৰমা মন্ত্ৰী হৰদীপ সিং পুৰীয়ে। ভাৰ্চুৱেলী এই সন্মিলনত অংশগ্ৰহণ কৰি তেওঁ ডুবাই আৰু ভাৰতৰ সম্পৰ্কৰ বিষয়ে কয়।
তেওঁ আৰু কয়, দুয়োখন দেশৰ মাজত কৌশলগত অংশীদাৰিত্ব ৩ বছৰ সম্পূৰ্ণ হ’বলৈ গৈ আছে। এই অংশীদাৰিত্ব দুয়োখন দেশৰ জনসাধাৰণৰ মাজত। এই সময়চোৱাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ইউ এ ইত নিৰ্মিত মন্দিৰ তথা স্থাপনা অতি গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰে। তেওঁ কয় যে, ইউ এ ইৰ ধৰ্মনিৰপেক্ষ মনোভাৱৰ বাবেহে সেয়া সম্ভৱ হৈছে। ইয়াৰোপৰি ইউ এ ইত থকা ৩৫ লাখ ভাৰতীয় দুয়োখন দেশৰ সম্পৰ্কৰ শক্তিশালী স্তম্ভ বুলি তেওঁ কয়।
Latest Videos