শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
ক্ৰমান্বয়ে শেষ হৈ আহিছে ইজৰাইলৰ ক্ষেপণাস্ত্ৰ! কিদৰে যুঁজিব ইৰাণৰ সৈতে?

ক্ৰমান্বয়ে শেষ হৈ আহিছে ইজৰাইলৰ ক্ষেপণাস্ত্ৰ! কিদৰে যুঁজিব ইৰাণৰ সৈতে?

raj-saikia
Raj Saikia | Published: 19 Jun 2025 18:54 PM

ইৰাণৰ বেলিষ্টিক মিছাইল আক্ৰমণ বন্ধ কৰিবলৈ ইজৰাইলে ‘এৰো ২ আৰু ৩ মিছাইল’ ব্যৱহাৰ কৰিছে। ৱাল ষ্ট্ৰীট জাৰ্নেলত এই দাবী কৰিছে আমেৰিকাৰ বিষয়াসকলে। ইৰাণৰ সৈতে যুদ্ধ কিমান দিনলৈ চলিব সেয়া স্পষ্ট হোৱা নাই। এই পৰিস্থিতিত টেল আভিভে কিমান দিনলৈ নিজৰ প্ৰতিৰক্ষা শক্তিশালী কৰি ৰাখিব পাৰিব?

বাঢ়িছে সংঘাত, ইৰাণ বা ইজৰাইল কোনোখন দেশেই পিছুৱাই যাবলৈ ইচ্ছুক নহয়। দুয়োখন দেশে অহৰহ নিক্ষেপ কৰি আছে ক্ষেপণাস্ত্ৰ। ধ্বংস কৰা হৈছে পাৰমাণৱিক শক্তি কেন্দ্ৰ, ক্ষেপণাস্ত্ৰ ঘাটি, তেল উৎপাদন কেন্দ্ৰ, গেছ ক্ষেত্ৰ। আনকি সাধাৰণ মানুহৰ বাসস্থানো ৰক্ষা পৰা নাই। ইয়াৰ মাজতে আহিছে এটা বিশেষ খবৰ। ক্ৰমান্বয়ে শেষ হৈ আহিছে ইজৰাইলৰ ক্ষেপণাস্ত্ৰ ।

জানিব পৰা মতে, টেল আভিভৰ ‘এৰো মিছাইল’ৰ ভাণ্ডাৰত মিছাইল শেষ হৈ গৈছে। ইৰাণৰ বেলিষ্টিক মিছাইলৰ সৈতে ইজৰাইলে কিমান দিন মোকাবিলা কৰিব, তাকে লৈ উত্থাপন হৈছে প্ৰশ্ন।

ইৰাণৰ বেলিষ্টিক মিছাইল আক্ৰমণ বন্ধ কৰিবলৈ ইজৰাইলে ‘এৰো ২ আৰু ৩ মিছাইল’ ব্যৱহাৰ কৰিছে। ৱাল ষ্ট্ৰীট জাৰ্নেলত এই দাবী কৰিছে আমেৰিকাৰ বিষয়াসকলে। ইৰাণৰ সৈতে যুদ্ধ কিমান দিনলৈ চলিব সেয়া স্পষ্ট হোৱা নাই। এই পৰিস্থিতিত টেল আভিভে কিমান দিনলৈ নিজৰ প্ৰতিৰক্ষা শক্তিশালী কৰি ৰাখিব পাৰিব?

ইৰাণৰ পৰা নিক্ষেপ কৰা প্ৰায় ৪০০ ক্ষেপণাস্ত্ৰৰ ভিতৰত ২০টা ক্ষেপণাস্ত্ৰই ইজৰাইলৰ ৰাজধানীত আঘাত হানিছে। ইৰাণৰ সৈতে হোৱা সংঘাতত আইৰন ড’মতকৈ ‘এৰো’ অধিক ফলপ্ৰসূ বুলি দাবী কৰিছে ৱাল ষ্ট্ৰীট জাৰ্নেলে। ‘এৰো’ আৰু ‘আইৰন’ ড’মৰ উপৰিও ইজৰাইলত আছে ‘ডেভিডৰ স্লিং’। এৰো শেষ হোৱাৰ কথা আমেৰিকাৰ বিষয়াসকলে জানে, ইৰাণৰ ক্ষেপণাস্ত্ৰ ৰোধ কৰিবলৈ আমেৰিকাৰ প্ৰতিৰক্ষা ব্যৱস্থা ‘THAAD’ বা যুদ্ধ বিমান প্ৰেৰণৰ বিষয়টোও চৰ্চা চলি আছে।

আনহাতে ইজৰাইলে দাবী কৰিছে যে এসপ্তাহৰ পৰা দুসপ্তাহৰ ভিতৰত ই নিজৰ লক্ষ্যত উপনীত হ’ব। ইৰাণৰ সকলো পাৰমাণৱিক পৰীক্ষাগাৰ ধ্বংসস্তূপত পৰিণত হ’ব। এই দাবী কৰিছে ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীৰ বিষয়াসকলে। আইডিএফৰ দাবী যে অহা ৭ৰ পৰা ১৪ দিনৰ ভিতৰত ইৰাণৰ সকলো বেলিষ্টিক মিছাইল আৰু সামৰিক ঘাটি ধ্বংস কৰা হ’ব। ইৰাণৰ এক ডজন পাৰমাণৱিক ঘাটি আৰু অস্ত্ৰ ভাণ্ডাৰত কমেও ৬০খন ইজৰাইলৰ যুদ্ধ বিমানে অবিৰতভাৱে আক্ৰমণ চলাই আছে।

আইডিএফৰ মুখ্য মুখপাত্ৰ ব্ৰিগেডিয়াৰ জেনেৰেল ইফি ডাফেৰিনে দাবী কৰে যে ইজৰাইলৰ আক্ৰমণত পশ্চিম আৰু মধ্য ইৰাণত ব্যাপক ক্ষতিসাধন হৈছে। তাৰ প্ৰত্যুত্তৰত ইৰাণে এতিয়া ইছফাহানৰ পৰা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছে বুলিও তেওঁ দাবী কৰে।