শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
বিশ্বৰ বুকুত ইউএইৰ গুৰুত্ব সম্পৰ্কে কি কয় TV9 নেটৱৰ্কৰ এমডি তথা চিইঅ' বৰুণ দাসে?

বিশ্বৰ বুকুত ইউএইৰ গুৰুত্ব সম্পৰ্কে কি কয় TV9 নেটৱৰ্কৰ এমডি তথা চিইঅ’ বৰুণ দাসে?

raj-saikia
Raj Saikia | Published: 19 Jun 2025 19:03 PM

দেশ হিচাপে ইউ এ ইৰ সফলতাৰ কথা উল্লেখ কৰি টিভি ৯ নেটৱৰ্কৰ এম ডি তথা চি ই অ’ বৰুণ দাসে কয়, ‘‘১৯৭১ চনত ইউ এ ইৰ আৰম্ভণিৰ পৰাই এই দেশৰ দূৰদৰ্শী নেতাসকলে ইয়াক এনে এখন দেশ হিচাপে গঢ়ি তুলিছে, যিখন দেশ সঁচাকৈয়ে আচৰিত।

আজিৰে পৰা ডুবাইত আৰম্ভ হৈছে দেশৰ সৰ্ববৃহৎ সংবাদ গোষ্ঠী টিভি ৯ নেটৱৰ্কৰ নিউজ৯ গ্ল’বেল সন্মিলন। এই উপলক্ষে টিভি৯ নেটৱৰ্কৰ MD তথা CEO বৰুণ দাসে কয় যে আজি এই মঞ্চত ইউএইৰ শান্তি আৰু সহাৱস্থান মন্ত্ৰী শ্বেখ নাহিয়ান মুবাৰক আল নাহিয়ান আমাৰ লগত থাকিলহেঁতেন, কিন্তু কিছু গুৰুত্বপূৰ্ণ কামৰ বাবে তেওঁ আহিব নোৱাৰিলে।

তেওঁ আৰু কয়, “প্ৰথমে দৃষ্টিভংগীৰ প্ৰয়োজন আৰু তাৰ পিছত সেই দৃষ্টিভংগীক আগুৱাই নিয়াৰ সাহস আৰু দায়বদ্ধতা লাগে। মই ক’ব লাগিব যে প্ৰতিবাৰেই ডুবাইলৈ আহিলেই মোৰ এই কথা মনত পৰে। মই ডুবাইক ‘ভিজন ইন মোচন’ বুলি কওঁ।”

দেশ হিচাপে ইউ এ ইৰ সফলতাৰ কথা উল্লেখ কৰি টিভি ৯ নেটৱৰ্কৰ এম ডি তথা চি ই অ’ বৰুণ দাসে কয়, ‘‘১৯৭১ চনত ইউ এ ইৰ আৰম্ভণিৰ পৰাই এই দেশৰ দূৰদৰ্শী নেতাসকলে ইয়াক এনে এখন দেশ হিচাপে গঢ়ি তুলিছে, যিখন দেশ সঁচাকৈয়ে আচৰিত। মই মাত্ৰ কল্পনা কৰিব পাৰো যে তেওঁলোকে নিজৰ সাহসী সপোনক আগুৱাই নিবলৈ প্ৰতিটো খোজতে কিমান প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। ইউ এ ই এক সমৃদ্ধিশালী, প্ৰগতিশীল আধুনিক দেশ যিখন বিশ্বৰ বাকী অংশৰ ঈৰ্ষাৰ বিষয়। আজি এমিৰেট কেৱল অঞ্চলটোৰ বাবেই নহয় সমগ্ৰ বিশ্বৰ বাবেও গুৰুত্বপূৰ্ণ।”