শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ৰাজাৰ সৈতে হানিমুন, ফোনত ৰাজৰ সৈতে কি কথা পাতিছিলা? সোণমক আৰক্ষীয়ে কৰা ১৩ টা কঠিন প্ৰশ্ন…

ৰাজা ৰঘুবংশী হত্যাকাণ্ড সন্দৰ্ভত নিতৌ ন ন তথ্য পোহৰলৈ আহিছে। জানিব পৰা মতে, ঘটনা সন্দৰ্ভত সোণমক জেৰা চলাইছে আৰক্ষীয়ে। হানিমুনৰ পৰা বিভিন্ন দিশ সামৰি এই প্ৰশ্ন কৰে।

ৰাজাৰ সৈতে হানিমুন, ফোনত ৰাজৰ সৈতে কি কথা পাতিছিলা? সোণমক আৰক্ষীয়ে কৰা ১৩ টা কঠিন প্ৰশ্ন…
ৰাজা ৰঘুবংশী আৰু সোণম ৰঘুবংশীImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 10 Jun 2025 15:52 PM

ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ মূল অভিযুক্ত সোণম ৰঘুবংশীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ইয়াৰ লগতে আৰক্ষীয়ে সোণমৰ প্ৰেমিক ৰাজ কুছৱাহা আৰু অভিযুক্ত তিনি চুপাৰি কিলাৰক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ মাজতে মেঘালয় আৰক্ষীয়ে এই ঘটনাৰ মাণ্ডাৰমাইণ্ড সোণমক সোধা-পোছা কৰিছে। আজি সোণমক লৈ আৰক্ষী শ্বিলঙত উপস্থিত হোৱাৰ কথা। সোধা-পোছাৰ সময়ত আৰক্ষীয়ে সোণমক ৰাজাৰ সৈতে হানিমুন, প্ৰেমিক ৰাজ কুছৱাহকে ধৰি হত্যাৰ লগত জড়িত প্ৰায় ১৩ টা কঠিন প্ৰশ্ন কৰিছে। যাৰ উত্তৰ দিয়াৰ সময়ত অসহজ হয় সোণম।

মেঘালয় আৰক্ষীয়ে সোণমক এইসমূহ প্ৰশ্ন কৰে

  • তুমি আৰু ৰাজাই কেতিয়া হানিমুনৰ পৰিকল্পনা কৰিছিলা?
  • উভতি অহাৰ টিকট কিয় বুকিং কৰা হোৱা নাছিল? আৰম্ভণিৰে পৰাই পৰিকল্পনাৰ অংশ আছিল নেকি?
  • বিয়াৰ পূৰ্বৰ পৰা ৰাজৰ সৈতে চিনাকী আছিল নেকি? তোমালোক সকলো সময়তে যোগাযোগত আছিলা।
  • এনক্ৰিপ্ট কৰা এপ চেটত দেখা যায় যে হানিমুনৰ সময়তো তুমি ৰাজৰ সৈতে যোগাযোগত আছিলা। কি কথা পাতিছিলা দুয়ো?
  • অভিযুক্তক কিয় লাইভ লোকেশ্যন শ্বেয়াৰ কৰিছিলা?
  • ২৩ মে’ত ৰাজা আৰু ৩ জন হিন্দীভাষিক মৌলাখিয়াত দেখা গৈছিল। তেওঁলোক কোন?
  • স্থানীয় গাইড এলবাৰ্ট পেডে কয় যে ২২ মে’ত তেওঁ তোমালোকৰ অফাৰ নাকচ কৰিছিল। কিয়?
  • এলবাৰ্টে চিনাক্ত কৰা তিনিজন লোক পাছলৈ ৰাজাৰ মৃত্যুৰ অভিযুক্ত হৈছিল। তুমি বা ৰাজে তেওঁলোকক নিযুক্তি দিছিলা নেকি?
  • আৰক্ষীয়ে ৰাজাৰ স্মাৰ্টৱাচ আৰু ফোনটো সেই লোকসকলৰ সৈতে তেওঁৰ লোকেশ্যনৰ সৈতে ওভাৰলেপ হৈ থকা অৱস্থাত উদ্ধাৰ কৰে। তোমাৰ গহনা চুৰি হোৱা নাই কিন্তু ৰাজাৰ ১০ লাখ টকাৰ সোণ নোহোৱা হৈছে। এয়া কিয়?
  • ৰাজাৰ মাতৃয়ে কৈছে যে তেওঁ মেঘালয় যাব বিচৰা নাছিল। তোমাৰ হেঁচাত গৈছিল। ৰাজাক হেঁচা দিছিলা নেকি?
  • বিয়াৰ ভিডিঅ’টোত তোমাক অস্বস্তিকৰ আৰু দুখী দেখা গৈছে। ইযাৰ আগতেও তোমাৰ এই সম্পৰ্কৰ প্ৰতি কোনো আগ্ৰহ নাছিল। তেন্তে কিয় বিয়া পাতিলা?
  •  ৰাজ কুছৱাহাৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰিব পৰাকৈ যথেষ্ট প্ৰমাণ পোৱা গৈছে। কি ক’ব বিচাৰে?
  • ৰাজ কুছৱাহাৰ লগতে ৰাজা হত্যাৰ ষড়যন্ত্ৰ কৰিছিল নেকি?

 

উল্লেখ্য যে, ১১ মে;ত সোণম আৰু ৰাজা বিবাহ পাশত আৱদ্ধ হৈছিল। তাৰ পাছতে দুয়ো মেঘালয়লৈ হানিমুনৰ বাবে গৈছিল আৰু ২৩ মে’ত নিৰুদ্দেশ হৈছিল। যোৱা ২ জুনত ৰাজাৰ মৃতদেহ উদ্ধাৰ হৈছিল যদিও সোণম নিৰুদ্দেশ হৈ আছিল। আৰক্ষীৰ তদন্তৰ অন্তত ৮ জুনত গ্ৰেপ্তাৰ হয় সোণম আৰু আন সতীৰ্থসকল। অভিযোগ অনুসৰি সোণম আৰু তেওঁৰ প্ৰেমিক ৰাজে মিলি এই হত্যাৰ ষড়যন্ত্ৰ ৰচিছিল। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে।

 

অন্য খবৰ পঢ়কঃ পাহাৰ বগাই ভাগৰি পৰিছিল চুপাৰি কিলাৰ! তেতিয়া সোণমে কৈছিল-২০ লাখ দিম আৰু…