শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

সোণমে দিছিল নিৰ্দেশ, বিশালে কৰিছিল প্ৰথম প্ৰহাৰ! ন-পত্নীৰ বৰ্বৰতাৰ ভয়ংকৰ তথ্য…

ৰাজা ৰঘুবংশী হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ দেশ। এই ঘটনা সন্দৰ্ভত তদন্ত চলি থকাৰ মাজতে পোহৰলৈ আহিছে হত্যাকাণ্ডত ব্যৱহাৰ কৰা দাখনৰ ফটো।

সোণমে দিছিল নিৰ্দেশ, বিশালে কৰিছিল প্ৰথম প্ৰহাৰ! ন-পত্নীৰ বৰ্বৰতাৰ ভয়ংকৰ তথ্য…
ৰাজা-সোণমImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 16 Jun 2025 20:01 PM

ৰাজা ৰঘুবংশী হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ দেশ। এই কাণ্ডক লৈ চৰ্চা অব্যাহত থকাৰ মাজতে এই হত্যাকাণ্ডত ব্যৱহৃত অস্ত্ৰৰ ছবি পোহৰলৈ আহে। এইখন দাৰে ৰাজাক হত্যা কৰিছিল সোণমে হায়াৰ কৰা চুপাৰি কিলাৰে। এই অস্ত্ৰৰে ৰাজাক কেইবাবাৰো আক্ৰমণ কৰা হৈছিল। পোহৰলৈ অহা তথ্য অনুসৰি, ৰাজাৰ ওপৰত প্ৰথম আক্ৰমণ কৰিছিল বিশাল ওৰফে বিকি ঠাকুৰে। সূত্ৰ অনুসৰি, আক্ৰমণৰ সময়ত ৰাজই নিজক ৰক্ষা কৰাৰ চেষ্টা কৰিছিল। যাৰ বাবে আকাশৰ টি শ্বাৰ্টত তেজৰ দাগ পৰিছিল। শ্বিলং আৰক্ষীয়ে জনোৱা মতে, অভিযুক্তই গুৱাহাটী ৰে’লৱে ষ্টেচনৰ ওচৰৰ পৰা এই অস্ত্ৰ ক্ৰয় কৰিছিল।

ৰাজা ৰঘুবংশী হত্যাকাণ্ডত ৫ জন লোক গ্ৰেপ্তাৰ হৈছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সোণম, তেওঁৰ প্ৰেমিক ৰাজ কুছৱাহা, বিশাল ওৰফে বিকি ঠাকুৰ, আনন্দ কুৰ্মী আৰু আকাশ ৰাজপুত বৰ্তমান শ্বিলং আৰক্ষীৰ জিম্মাত আছে। এই নৃশংস হত্যাকাণ্ডৰ কাৰণ জানিবলৈ আৰক্ষীয়ে দিন ৰাতি একাকাৰ কৰি আটাইকেইজনৰে জেৰা চলাই আছে। অভিযোগ উত্থাপন হৈছে যে, সোণমৰ প্ৰেমিক ৰাজ কুছৱাহাই এই সমগ্ৰ হত্যাকাণ্ডৰ পৰিকল্পনা প্ৰস্তুত কৰিছিল। এই হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড ৰাজ। অৱশ্যে তেওঁৰ লগত জড়িত আছিল সোণম।

অভিযোগ অনুসৰি, ৰাজে তেওঁৰ তিনি বন্ধুক ৰাজাৰ হত্যা কৰিবলৈ নিয়োগ কৰিছিল। এই তিনি বন্ধু আছিল বিশাল, আনন্দ আৰু আকাশ। তাৰ পাছত তেওঁলোকে পৰিকল্পনা অনুসৰি মেঘালয়ত ৰাজাক হত্যা কৰিছিল। হত্যাকাণ্ডত ব্যৱহাৰ কৰা দাখন গুৱাহাটী ৰে’ল ষ্টেচনৰ সমীপৰ পৰা ক্ৰয় কৰিছিল। শ্বিলঙত বিশালে সোণমৰ নিৰ্দেশত প্ৰথমে ৰাজাক আক্ৰমণ কৰে। তাৰ পাছত আনন্দ আৰু আকাশৰ সহায়ত ৰাজাক হত্যা কৰি মৃতদেহটো খাৱৈত পেলাই দিয়ে। ইয়াৰ পাছতে আটাইকেইজন অভিযুক্ত ঘৰলৈ ৰাওনা হয়।

উল্লেখ্য যে, হানিমুনৰ বাবে মেঘালয়লৈ অহা ৰাজাৰ মৃতদেহ ২ জুনত উদ্ধাৰ হৈছিল। প্ৰথম অৱস্থাত সোণমক কোনোৱে অপহৰণ কৰা বুলি সন্দেহ কৰিছিল যদিও ৮ জুনত উত্তৰ প্ৰদেশৰ গাজিপুৰৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰে। ইয়াৰ লগতে ৰাজ, আনন্দ , বিশালক মধ্যপ্ৰদেশৰ পৰা আৰু আকাশক উত্তৰ প্ৰদেশৰ ললিতপুৰৰ পৰা গ্ৰেপ্তাৰ কৰে।

উল্লেখ কৰা প্ৰয়োজন যে, মে’ মাহৰ ১১ তাৰিখে ৰাজ আৰু সোণমৰ বিয়া হৈছিল। তাৰ পাছতে দুয়ো মেঘালয়লৈ আহিছিল আৰু ২৩ মে’ত নিৰুদ্দেশ হৈ পৰিছিল।  অভিযোগ অনুসৰি, পৰিকল্পিতভাবে ৰাজাক হত্যা কৰিছিল আটায়ে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান অব্যাহত আছে তদন্ত।

 

অন্য খবৰ পঢ়কঃ ৰাজ, মই তাৰ লগত সম্পৰ্ক স্থাপন কৰিব নোৱাৰো, প্লীজ…সোণমে বিয়াৰ পাছত কি মেছেজ কৰিছিল…