মই বিধৱা হৈ যাম আৰু…ৰাজাৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত কি আছে? সোণমৰ পৰিকল্পনা আছিল…
ৰাজা ৰঘুবংশী হত্যাকাণ্ড সন্দৰ্ভত নিতৌ ন ন তথ্য পোহৰলৈ আহিছে। সূত্ৰ অনুসৰি সোণমে ৰাজাক সোণৰ চেইন পিন্ধি যাবলৈ বাধ্য কৰাইছিল। সোণমে কৰিছিল মেঘালয় ভ্ৰমণৰ পৰিকল্পনা।

মধ্যপ্ৰদেশৰ ৰাজা ৰঘুবংশী কাণ্ডই সমগ্ৰ দেশ জোকাৰি গৈছে। যোৱা কিছুদিন পূৰ্বে মেঘালয়ৰ দ’ খাৱৈত ৰাজাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে ৮ জুনত গ্ৰেপ্তাৰ হয় নিৰুদ্দেশ হৈ থকা পত্নী সোণম ৰঘুবংশী। সোণমৰ লগতে এই কাণ্ডত এতিয়ালৈকে আন ৪ জন যুৱকো গ্ৰেপ্তাৰ হৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি প্ৰেমিক ৰাজৰ সৈতে মিলি সোণমে বিয়াৰ ৫দিন পাছত হত্যাৰ সম্পূৰ্ণ পৰিকল্পনা তৈয়াৰ কৰিছিল।
বিগত মাহৰ ১১ মে’ত ৰাজা আৰু সোণমৰ বিয়া হৈছিল। সকলো ঠিকেই চলি আছিল। কিন্তু মনে মনে সোণমে ৰাজাক হত্যাৰ পৰিকল্পনা কৰিছিল। সূত্ৰ অনুসৰি ১৬ মে’ত সোণমে তেওঁৰ প্ৰেমিক ৰাজ কুছৱাহৰ সৈতে মিলি ৰাজাক হত্যাৰ ষড়যন্ত্ৰ ৰচে। ৰাজক সোণমে কৈছিল যে, “ৰাজাক শেষ কৰি পেলাও, এই লুটপাটৰ কাহিনী বুলি ক’ম। পাছত মই বিধৱা হৈ যাম আৰু তেতিয়া মোৰ দেউতাই আমাৰ বিয়াত সন্মতি প্ৰদান কৰিব”।
সূত্ৰ অনুসৰি, ৰাজাক যিখন দাৰে হত্যা কৰিছিল সেইখন সোণমে গুৱাহাটীৰ পৰা অনলাইন অৰ্ডাৰ কৰিছিল। ঘটনাৰ অন্য অভিযুক্তসকল সোণমৰ হোমষ্টেৰ পৰা প্ৰায় ১ কিলোমিটাৰ দূৰত আছিল। সোণমে তেওঁলোকক লোকেশ্যন প্ৰেৰণ কৰিছিল। এই সমগ্ৰ কাণ্ডৰ বাবে চুপাৰি কিলাৰত সোণমে ৫০ হাজাৰ টকা দিছিল।
২৩ মে’ত ৰাজাক হত্যা কৰিছিল আৰু সেই দিনা সন্ধিয়া সোণমে গুৱাহাটীত উপস্থিত হৈছিল।তাৰ পৰা তেওঁ ট্ৰেইনৰ জৰিয়তে বাৰণাসী হৈ গাজিপুৰত উপস্থিত হয়। এই সময়চোৱাত তেওঁ নিজৰ মোবাইল ফোন ভাঙি পেলায়। তদন্তত এটা চিচিটিভি ফুটেজ পোহৰলৈ আহিছে য’ত সোণমে অভিযুক্তৰ সৈতে কথা পাতি থকা দেখা গৈছে।
মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন
ইতিমধ্যে পোহৰলৈ আহিছে ৰাজাৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন। মেঘালয়ৰ পূব খাচী হিলছৰ আৰক্ষী অধীক্ষক বিবেক ছায়ামে কয় যে, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি ৰাজাক চোকা অস্ত্ৰৰে হত্যা কৰা হৈছিল। তেওঁৰ মূৰত দুবাৰকৈ প্ৰহাৰ কৰা হৈছিল। এবাৰ পাছফালে আৰু এবাৰ মূৰৰ আগৰ পিনে প্ৰহাৰ কৰিছিল।
উত্তৰ-পূব ইন্দিৰা গান্ধী আঞ্চলিক স্বাস্থ্য আৰু চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান (NEIGRIHMS)ত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয়। ছায়ামে কয় যে নেইগ্ৰিহমছৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে মৃত লোকজনৰ মূৰত দুটা গভীৰ আঘাত আছে – এটা পিছফালে আৰু এটা সন্মুখত।
ৰাজাৰ মাতৃয়ে কি কয়
ঘটনা সন্দৰ্ভত ৰাজাৰ মাতৃয়ে কয় যে, সোণমে বিয়াৰ পাছত মেঘালয় ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰিছিল। তাৰ বাবে তেওঁ টিকট বুক কৰিছিল। এটা মেট্ৰমনিয়েল চাইটৰ জৰিয়তে পৰিয়ালে সোণম আৰু ৰাজাৰ বিয়া ঠিক কৰিছিল। ৰাজাৰ মাতৃয়ে জনোৱা অনুসৰি বিয়াৰ পূৰ্বে ৰাজাই সোণমক লগ কৰিব বিচাৰিছিল কিন্তু সোণম সন্মত হোৱা নাছিল। বিয়াৰ পাছত সোণমে পৰিয়ালৰ সৈতে ভালকৈ আছিল কিন্তু এনে কিবা হ’ব বুলি কোনোৱে ভাবিব পৰা নাছিল। সোণমে ৰাজাক সোণৰ চেইন পিন্ধি যাবলৈ বাধ্য কৰাইছিল। এই সমগ্ৰ ঘটনাত জড়িত সোণম জড়িত আছে তেন্তে উচিত তদন্তৰ দাবী জনাইছে ৰাজাৰ মাতৃয়ে।
অন্য খবৰ পঢ়কঃ ৰাজা ৰঘুবংশী কাণ্ডৰ মাষ্টাৰমাইণ্ড সোণম! গ্ৰেপ্তাৰ ৫ জন, প্ৰেমিক ৰাজ আৰক্ষীৰ জালত…