শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ৰাজা ৰঘুবংশী কাণ্ডৰ মাষ্টাৰমাইণ্ড সোণম! গ্ৰেপ্তাৰ ৫ জন, প্ৰেমিক ৰাজ আৰক্ষীৰ জালত…

ৰাজা ৰঘুবংশী হত্যাকাণ্ডত গ্ৰেপ্তাৰ হৈছে ৫ জনকৈ লোক। ইয়াৰ ভিতৰত আছে তেওঁৰ পত্নী। আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত পোহৰলৈ অহা অনুসৰি সোণম আৰু তেওঁৰ প্ৰেমিকে এই ষড়যন্ত্ৰ ৰচিছিল।

ৰাজা ৰঘুবংশী কাণ্ডৰ মাষ্টাৰমাইণ্ড সোণম! গ্ৰেপ্তাৰ ৫ জন, প্ৰেমিক ৰাজ আৰক্ষীৰ জালত…
ৰাজা ৰঘুবংশী আৰু অভিযুক্ত কেইজনImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 09 Jun 2025 16:13 PM

মধ্য প্ৰদেশৰ ৰাজা ৰঘুবংশী হত্যাকাণ্ড সন্দৰ্ভত ন ন তথ্য পোহৰলৈ আহিছে। এই হত্যাকাণ্ডৰ ৰহস্য ভেদ কৰিবলৈ ৩ খন ৰাজ্য আৰক্ষীয়ে দিনে নিশাই চেষ্টা চলাই আছে। ১৭ দিন ধৰি মেঘালয় আৰু মধ্যপ্ৰদেশ আৰক্ষীয়ে তদন্ত চলাই থকাৰ মাজতে ৮ জুনত গ্ৰেপ্তাৰ হয় সোণম ৰঘুবংশী আৰু তেওঁৰ সংগী। আৰক্ষীৰ মতে এই হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড সোণম ৰঘুবংশী। ইয়াৰোপৰি অন্য ৪ অভিযুক্তকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

ৰাজা আৰু সোণমে হানিমুনৰ বাবে মেঘালয়লৈ গৈছিল। পূৰ্ব পৰিকল্পনা অনুসৰি তাতেই সোণমে চুপাৰি কিলাৰৰ সহায়ত ৰাজাক হত্যা কৰি দ’ খাৱৈত পেলাই দিছিল। কিছুদিন পূৰ্বে মেঘালয় আৰক্ষীয়ে গলি যোৱা অৱস্থাত উদ্ধাৰ কৰিছিল ৰাজাৰ মৃতদেহ। কিন্তু ৰাজাৰ ভাতৃয়ে তেওঁৰ হাতত থকা টাটুৰ সহায় চিনাক্ত কৰিছিল। ইয়াৰ বিপৰীতে নিৰুদ্দেশ হৈ আছিল সোণম। আৰক্ষীয়ে কয় যে, সোণমে প্ৰেমিক ৰাজ কুছৱাহৰ সৈতে মিলি এই হত্যাৰ ষড়যন্ত্ৰ ৰচিছিল।

মেঘালয় ইষ্ট খাচী হিলচৰ আৰক্ষী অধীক্ষক বিবেকে কয় যে, আৰক্ষীয়ে সোণমৰ লগতে আন ৪ জনক গ্ৰেপ্তাৰ কৰিছিল। প্ৰথমে আকাশ ৰাজপুত নামৰ এজন ১৯ বছৰীয়া যুৱকক গ্ৰেপ্তাৰ কৰা হয়। আকাশ ললিতপুৰৰ বাসিন্দা। ইয়াৰোপৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত বিশাল সিং চৌহান আৰু ৰাজ সিং কুছৱাহাক। দুয়ো মধ্যপ্ৰদেশ ইন্দোৰৰ বাসিন্দা। ২১ বছৰীয়া ৰাজ সোণমৰ প্ৰেমিক বুলি জানিব পৰা গৈছে। ইয়াৰোপৰি গ্ৰেপ্তাৰ হৈছে আনন্দ কুৰ্মী নামৰ আন এজন যুৱক। তথ্য অনুসৰি আনন্দ কুৰ্মীয়ে প্ৰথমে ৰাজা ৰঘুবংশীক প্ৰহাৰ কৰিছিল।

আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে,এছ আই টিয়ে মাত্ৰ ৭ দিনৰ ভিতৰত এই গোচৰৰ তদন্ত কৰি মুখ্য অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। প্ৰাৰম্ভিক তদন্তত এই ঘটনাৰ মূল অভিযুক্ত সোণম আৰু ৰাজ বুলি চিনাক্ত হৈছে। আৰক্ষীয়ে জনোৱা মতে, যোৱা কেইবাদিন ধৰি সোণম আৰু অন্যান্য অভিযুক্তসকল পলায়ন কৰি আছিল। কিন্তু আৰক্ষীৰ তদন্তৰ মাজতে হঠাতে সোণমে পৰিয়ালক ফোন কৰি নিজৰ বিষয়ে জনাই আৰু পাছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে, ১১ মে’ত সোণম আৰু ৰাজাৰ বিয়া হৈছিল। তাৰ পাছতে দুয়ো মেঘালয়ত হানিমুনৰ বাবে আহিছিল আৰু ২৩ মে’ত নিৰুদ্দেশ হৈছিল। প্ৰথম অৱস্থাত দুয়োকে বিচাৰ খোচৰ কৰি থকা হৈছিল যদিও ২ জুনত ৰাজাৰ মৃতদেহ উদ্ধাৰ হৈছিল। ইয়াৰ বিপৰীতে সোণমৰ নাছিল কোনো খা-খবৰ। আৰক্ষীৰ যোৰদাৰ তদন্তৰ অন্তত কালি গ্ৰেপ্তাৰ হয় সোণম। এই সমগ্ৰ হত্যাকাণ্ডৰ তদন্ত অব্যাহত আছে। গতিকে তদন্তৰ অন্তত জানিব পৰা যাব কোনে কিয় এই কাণ্ড সংঘটিত কৰিলে।

 

অন্য খবৰ পঢ়কঃ ৰাজা ৰঘুবংশী কাণ্ডঃ ১৭ দিন পাছত কেনেকৈ গ্ৰেপ্তাৰ হ’ল সোণম ? জানক ঘটনাৰ সবিশেষ…