ৰাজা ৰঘুবংশী কাণ্ডঃ ১৭ দিন পাছত কেনেকৈ গ্ৰেপ্তাৰ হ’ল সোণম ? জানক ঘটনাৰ সবিশেষ…
ৰাজা ৰঘুবংশী হত্যাকাণ্ড সন্দৰ্ভত ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। অভিযোগ অনুসৰি পত্নী সোণমে পূৰ্ব পৰিকল্পনা অনুসৰি এই হত্যাকাণ্ড সংঘটিত কৰিছিল। ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে সোণম।

মেঘালয়ত হত্যাৰ বলি হোৱা ৰাজা ৰঘুবংশী কাণ্ডৰ ৰহস্য় লাহে লাহে ভেদ গৈছে। মেঘালয় আৰক্ষীৰ অভিযোগ অনুসৰি ৰাজাৰ পত্নী সোণম ৰঘুবংশীয়ে এই হত্যাকাণ্ডৰ পৰিকল্পনা কৰিছিল। সোণমে বিয়াৰ পাছত স্বামীক হানিমুনৰ বাবে লৈ গৈ চুপাৰি কিলাৰৰ হতুৱাই হত্যা কৰিছিল। এই হত্যাকাণ্ডৰ পাছত সোণম উত্তৰ প্ৰদেশৰ গাজিপুৰলৈ পলায়ন কৰিছিল আৰু আৰক্ষীৰ তদন্তৰ অন্তত ৮ জুনত গ্ৰেপ্তাৰ হয় সোণমৰ লগতে তেওঁৰ ৩ সতীৰ্থ।
আৰক্ষীৰ মতে, গাজিপুৰৰ এখন ধাবাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল সোণমক। বিচলিত অৱস্থাত উদ্ধাৰ হৈছিল সোণম। আৰক্ষীয়ে তেওঁৰ সৈতে কথা পতাৰ চেষ্টা কৰিছিল যদিও কোনো মুখ খোলা নাছিল। গাজিপুৰ আৰক্ষী অধীক্ষক ড০ ইৰাজ ৰাজাই কয় যে সোণমক মহানগৰীৰ এটা কেন্দ্ৰত ৰখা হৈছে। তেওঁ নিজে পৰিয়ালক ফোন কৰি সেই ঠাইত থকাৰ কথা জনাইছিল। তাৰ পাছতে সোণমক চিকিৎসা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়।
জানিব পৰা মতে,ধাবাখনৰ পৰা সোণমে পৰিয়ালৰ সৈতে ফোনযোগে যোগাযোগ কৰিছিল। তাৰ পাছতে পৰিয়ালে আৰক্ষীক খবৰ দিয়ে আৰু পাছত আৰক্ষী উপস্থিত হৈ সোণমক গ্ৰেপ্তাৰ কৰে। মেঘালয় আৰক্ষীয়ে জনোৱা অনুসৰি গ্ৰেপ্তাৰ হোৱা আন কেইজন অভিযুক্তও মধ্য প্ৰদেশৰ। এই সমগ্ৰ হত্যাকাণ্ডৰ পৰিকল্পনা সোণমে কৰিছিল আৰু সেই অনুসৰি দুয়ো শ্বিলঙলৈ গৈছিল। সোণমে ইয়াৰ বাবে চুপাৰি কিলাৰ নিয়োগ কৰিছিল আৰু তেওঁলোকৰ বাবে ট্ৰেইনৰ টিকটো সোণমে বুক কৰিছিল।
ইফালে ৰাজাৰ পৰিয়ালে কোৱা অনুসৰি, সোণমে বিয়াৰ পাছতে ৰাজাক কামাখ্য দৰ্শনৰ বাবে অনুৰোধ জনাইছিল আৰু পাছত দুয়ো মেঘালয়লৈ গৈছিল। অৱশ্যে এই ঘটনা সন্দৰ্ভত এতিয়ালৈকে সোণমে মুখ খোলা নাই।
সোণম ৰঘুবংশীয়ে স্বামীক কিয় হত্যাৰ পৰিকল্পনা কৰিছিল তাৰ কাৰণ এতিয়ালৈকে পোহৰলৈ অহা নাই। এই ঘটনা সন্দৰ্ভত মধ্যপ্ৰদেশ আৰু মেঘালয় আৰক্ষীয়ে সোণমক জেৰা চলাব। সোণম গ্ৰেপ্তাৰ হোৱাৰ পাছতে মধ্যপ্ৰদেশ আৰক্ষীয়ে মেঘালয় আৰক্ষীক অৱগত কৰিছিল। ইয়াৰ পাছতে মেঘালয় আৰক্ষী মধ্যপ্ৰদেশলৈ ৰাওনা হৈছে।
উল্লেখ্য যে, বিগত মাহৰ ১১ মে’ত সোণম আৰু ৰাজা ৰঘুবংশী বিবাহ পাশত আৱদ্ধ হৈছিল। তাৰ পাছতে দুয়ো হানিমুনৰ বাবে মেঘালয়লৈ আহিছিল। কিন্তু মেঘালয় পোৱাৰ পাছতে ২৩ মে’ত দুয়ো নিৰুদ্দেশ হৈ পৰিছে। এই ঘটনা সন্দৰ্ভত ৰাজাৰ পৰিয়ালে এজাহাৰ দাখিল কৰাৰ পাছতে মেঘালয় আৰক্ষীয়ে দুয়োকে বিচাৰি অভিযান আৰম্ভ কৰে।
বহু দিন ধৰি চলা অভিযানৰ অন্তত কিছুদিন পূৰ্বে মেঘালয়ৰ জংঘলৰ দ খাৱৈৰ পৰা উদ্ধাৰ হৈছিল ৰাজা ৰঘুবংশীৰ গলি হোৱা মৃতদেহ। আনহাতে আৰক্ষীয়ে সন্ধান উলিয়াব পৰা নাছিল সোণমৰ। একাংশই সন্দেহ কৰিছিল যে, সোণমক কোনোৱে অপহৰণ কৰি লৈ গৈছে। আৰক্ষীয়ে সোণমক বিচাৰি অভিযান চলাই থকাৰ মাজতে ৮ জুনৰ নিশা সোণম উত্তৰ প্ৰদেশৰ পৰা গ্ৰেপ্তাৰ হয়। আৰক্ষীৰ মতে, পূৰ্ব পৰিকল্পনা অনুসৰি সোণমে হত্যা কৰিছিল ৰাজা ৰঘুবংশীক। অৱশ্যে এই হত্যাকাণ্ড সন্দৰ্ভত সকলো তথ্য পৰৱৰ্তী সময়ত পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
অন্য খবৰ পঢ়কঃ পৰকীয়া প্ৰেম! সোণমে কেনেকৈ কাৰ সৈতে কৰিছিল পৰিকল্পনা? গ্ৰেপ্তাৰ প্ৰেমিক, পোহৰলৈ বহু তথ্য…