এতিয়াৰ পৰা তুলিব নোৱাৰিব ৰে’লৱে ষ্টেচনৰ ফটো-ভিডিঅ’, ডাঙৰ সিদ্ধান্ত
তুলিব নোৱাৰিব ৰে’ল ষ্টেচনৰ ফটো, ল’ব নোৱাৰিব ভিডিঅ’। এই ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে ৰে’ল কৰ্তৃপক্ষই । দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ স্বাৰ্থত ৰে’ল কৰ্তৃপক্ষই গ্ৰহণ কৰিছে এই সিদ্ধান্ত ।

এতিয়াৰ পৰা কোনো ইউটিউবাৰ আৰু ব্লগাৰে তুলিব নোৱাৰিব ৰে’ল ষ্টেচনৰ ফটো, ল’ব নোৱাৰিব ভিডিঅ’। এই ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে ৰে’ল কৰ্তৃপক্ষই । দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ স্বাৰ্থত ৰে’ল কৰ্তৃপক্ষই গ্ৰহণ কৰিছে এই সিদ্ধান্ত ।কোৱা হৈছে যে, দেশৰ ভিতৰতে আছে শত্ৰু পক্ষৰ গুপ্তচৰ । যিসকলে দেশৰ গুৰুত্বপূৰ্ণ স্থানসমূহৰ বৰ্তমানৰ পৰিস্থিতিৰ ফটো, ভিডিঅ’ তুলি শত্ৰু পক্ষক যোগান কৰে । যিটো দেশখনৰ আভ্যন্তৰীণ নিৰাপত্তাৰ বাবে চিন্তনীয় ।
শেহতীয়াকৈ ভাৰত-পাকিস্তানৰ সংঘাতৰ পিছতে হাৰিয়ানাৰ ইউটিউবাৰ জ্যোতি মালহোত্ৰাক গ্ৰেপ্তাৰ কৰা হৈছিল। কাৰণ এই গৰাকী ইউটিউবাৰৰ বিৰুদ্ধে উঠিছিল ভাৰতৰ পৰা পাকিস্তানলৈ গোপন তথ্য সৰবৰাহৰ অভিযোগ। বিভিন্ন ঠাইৰ ফটো তুলি পাকিস্তানলৈ পঠাইছিল জ্যোতিয়ে ।
এইধৰণৰ কাৰ্যকলাপ বন্ধ কৰাৰ বাবে এই সিদ্ধান্ত লৈছে ভাৰতীয় ৰে’লৱেই । সেই অনুসৰি ইষ্টাৰ্ণ ৰে’লৱেই ব্লগাৰ আৰু ইউটিউবাৰলৈ বিশেষভাৱে অনুৰোধ জনাইছে। জানিব পৰা মতে, ইষ্টাৰ্ণ ৰে’লৱেই সকলো ইউটিউবাৰ আৰু ব্লগাৰক ষ্টেচনৰ ফটো আৰু ভিডিঅ’ নল’বলৈ অনুৰোধ জনাইছে। দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ স্বাৰ্থত এই সিদ্ধান্ত লোৱা হৈছে বুলি উল্লেখ কৰিছে ৰে’ল কৰ্তৃপক্ষই ।
ৰে’লৱেই এই কথাও জনাইছে যে, ৰে’ল কৰ্তৃপক্ষই শক্তিশালী কৰিব ষ্টেচনসমূহৰ নিৰীক্ষণ ব্যৱস্থা। গুৰুত্বপূৰ্ণ ষ্টেচনত যাতে কোনেও ফটো তুলিব নোৱাৰে সেয়া নিশ্চিত কৰা হ’ব। এই সন্দৰ্ভত ইষ্টাৰ্ণ ৰে’লৱেৰ মুখপাত্ৰই কয়, “ষ্টেচনৰ চৌহদ আৰু প্লেটফৰ্মৰ ফটো তোলাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। সেই অনুসৰি দেশৰ বিভিন্ন ষ্টেচনত বৃদ্ধি কৰাৰ হ’ব নিৰাপত্তা।”
লগতে তেওঁ কয় যে, বহু ইউটিউবাৰ আৰু ব্লগাৰে ষ্টেচন বা প্লেটফৰ্মৰ ভিডিঅ’ লয়, যিটো বৰ্তমানৰ পৰিস্থিতিৰ বাবে যথেষ্ট চিন্তনীয়। যদিও সকলো শাখা আৰু ডিভিজনত নিষেধাজ্ঞা আৰোপ কৰা আছে, বহুতে এই নিয়ম মানি নচলে। আকৌ এবাৰ ইউটিউবাৰ আৰু ব্লগাৰসকলক ৰে’লৱেৰ নিয়মৰ কথা সোঁৱৰাই দিয়া হ’ল।
ৰে’ল কৰ্তৃপক্ষই এটা কথাও স্পষ্ট কৰি দিছে যে,সংবাদ মাধ্যমে ফটো তুলিব পাৰিলেও সাধাৰণ মানুহে তুলিব নোৱাৰিব ৰে’ল ষ্টেচন-প্লেটফৰ্মৰ ফটো ভিডিঅ’।
লগতে পঢ়ক: ইতিহাসৰ পাতত লিপিবদ্ধ আজি দিনটোৰ ঘটনা পৰিঘটনা…
লগতে পঢ়ক: ব্যাহত ৰে’ল-পথ পৰিবহণ ব্যৱস্থা, বান-ভূমিস্খলনত প্ৰাণ হেৰুৱাইছে ৰাজ্যখনৰ ৮ জন লোকে…