ব্যাহত ৰে’ল-পথ পৰিবহণ ব্যৱস্থা, বান-ভূমিস্খলনত প্ৰাণ হেৰুৱাইছে ৰাজ্যখনৰ ৮ জন লোকে…
ধাৰাসাৰ বৰষুণৰ ফলত গুৱাহাটীকে ধৰি নামনি অসমৰ বহু ঠাইত ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি হৈছে । একে সময়তে বেয়া বতৰৰ বাবে ৰাজ্যখনৰ পথ পৰিবহণ আৰু ৰে’ল সেৱাত ব্যাঘাত জন্মিছে । লাভ কৰা তথ্য অনুসৰি, ধৰাসাৰ বৰষুণৰ ফলত হোৱা বান আৰু ভূমিস্খলনত এতিয়ালৈকে ৰাজ্যখনত ৮ জন লোকৰ মৃত্যু হৈছে।

বতৰৰ কালৰূপ ! যোৱা দুদিন ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ ফলত গুৱাহাটীকে ধৰি নামনি অসমৰ বহু ঠাইত ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি হৈছে । একে সময়তে বেয়া বতৰৰ বাবে ৰাজ্যখনৰ পথ পৰিবহণ আৰু ৰে’ল সেৱাত ব্যাঘাত জন্মিছে । লাভ কৰা তথ্য অনুসৰি, ধৰাসাৰ বৰষুণৰ ফলত হোৱা বান আৰু ভূমিস্খলনত এতিয়ালৈকে ৰাজ্যখনত ৮ জন লোকৰ মৃত্যু হৈছে। ১৫খনতকৈও অধিক জিলাত ৭৮ হাজাৰৰো অধিক বাসিন্দা ক্ষতিগ্ৰস্ত হৈছে বুলি জানিব পৰা গৈছে ।
ইফালে, ব্ৰহ্মপুত্ৰ আৰু বৰাককে ধৰি ১০খন প্ৰধান নদী বাঢ়নীপানী বিপদৰ সীমাৰ ওপৰেৰে বৈ আছে । এই ক্ষেত্ৰত “গুৰুতৰ বান পৰিস্থিতি”ৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় জল আয়োগে ৰাজ্যখনৰ বাবে ‘অ’ৰেঞ্জ বুলেটিন’ জাৰি কৰিছে। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, বিগত ২৪ ঘণ্টা ধৰি হোৱা প্ৰচণ্ড বৰষুণ আৰু বৰায়গ্ৰাম-দুলাবচেৰা অংশৰ ট্ৰেকসমূহৰ ওপৰেৰে পানী বৈ থকাৰ পৰিপ্ৰেক্ষিতত দিনটোৰ বাবে দুলাবচেৰা-শিলচৰ যাত্ৰীবাহী ৰে’লখন বাতিল কৰা হৈছে।
দুলাবচেৰা-গুৱাহাটী এক্সপ্ৰেছ দুলাবচেৰাৰ পৰিৱৰ্তে বৰায়গ্ৰামৰ পৰা আৰম্ভ হ’ব বুলিও তেওঁ লগতে কয়। কামৰূপ জিলাৰ ছয়গাঁও অঞ্চলৰ সমীপত শনিবাৰৰ পৰা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এটা বৃহৎ অংশ বানত প্ৰভাৱিত হৈছে । ধাৰাসাৰ বৰষুণৰ লগতে চুবুৰীয়া মেঘালয়ৰ পাহাৰৰ পৰা পানী বৈ অহাৰ ফলত অঞ্চলটোৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে বুলি তেওঁলোকে জানিবলৈ দিয়ে।
বিকল্প পথ ব্যৱহাৰ কৰি যান-বাহন চলাচলৰ সুবিধাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি বিষয়াসকলে জানিবলৈ দিছে । ডিব্ৰুগড় আৰু নিমাতীঘাট (যোৰহাট)ত ব্ৰহ্মপুত্ৰ বিপদ সীমাৰ ওপৰেৰে বৈ আছে বুলি চি ডব্লিউ চিৰ বুলেটিনত উল্লেখ কৰা হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনাৰ বুলেটিনত প্ৰকাশ কৰা অনুসৰি, শনিবাৰে সন্ধিয়ালৈকে ভূমিস্খলনত ৫ জন আৰু বানত তিনিজন লোকৰ মৃত্যু হৈছে।
জানিব পৰা মতে, এন ডি আৰ এফ, এছ ডি আৰ এফ, আৰক্ষী, অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন সেৱাৰ কৰ্মীকে ধৰি একাধিক সংস্থাই সাহায্য আৰু উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । বানপীড়িত অঞ্চলৰ পৰা লোকসকলক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হয় বুলি বিষয়াসকলে জনায়।