ৰে’লত যাত্ৰা কৰাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰঃ ৱেইটিং টিকট থাকিলে নাপাব এনে সুবিধা…
বহুসময়ত ৰে’লযাত্ৰীসকলে টিকট কটাৰ সময়ত টিকট কনফাৰ্ম নোহোৱাৰ বাবে সমস্যাত পৰিবলগা হয়। ৱেইটিং লিষ্টত থকাৰ ফলত যাত্ৰাৰ সময়ত বিধি-পথালিৰ সন্মুখীন হয়। পিছে এতিয়া এই ৱেইটিং টিকটৰ ক্ষেত্ৰত দেখা যাব সম্পূৰ্ণ এক নতুন নিয়ম। ভাৰতীয় ৰে’লৱেই ১ মে’ৰ পৰা নতুন নিয়ম ৰূপায়ণ কৰিছে।

দেশৰ অধিকাংশ লোকৰ বাবেই যাতায়তৰ আটাইতকৈ ব্যৱহৃত মাধ্যম হৈছে ৰে’ল। এফালে সুলভ মূল্যৰ লগতে সুচল আৰু সহজলভ্য যাতায়তৰ মাধ্যম হিচাপে ৰে’ল ভ্ৰমণক বহুলোকে অগ্ৰাধিকাৰ দিয়ে। বহুসময়ত ৰে’লযাত্ৰীসকলে টিকট কটাৰ সময়ত টিকট কনফাৰ্ম নোহোৱাৰ বাবে সমস্যাত পৰিবলগা হয়। ৱেইটিং লিষ্টত থকাৰ ফলত যাত্ৰাৰ সময়ত বিধি-পথালিৰ সন্মুখীন হয়। পিছে এতিয়া এই ৱেইটিং টিকটৰ ক্ষেত্ৰত দেখা যাব সম্পূৰ্ণ এক নতুন নিয়ম। ভাৰতীয় ৰে’লৱেই ১ মে’ৰ পৰা নতুন নিয়ম ৰূপায়ণ কৰিছে।
ৰে’লৱেৰ এই নতুন নিয়মৰ প্ৰভাৱ পৰিব ৱেইটিং লিষ্টত থকা যাত্ৰীসকলৰ ক্ষেত্ৰত। টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদন মতে, নতুন নিয়মৰ অধীনত ৱেটিং টিকট লৈ ৰে’লত যাত্ৰা কৰাসকলক শ্লীপাৰ বা এচি ডবাত যাত্ৰা কৰিবলৈ দিয়া নহ’ব। প্ৰতিবেদন অনুসৰি, অনলাইনত হওক বা কাউণ্টাৰৰ পৰা সংগ্ৰহ কৰাই হওক, ৱেটিং লিষ্টৰ টিকট থকা যাত্ৰীসকল কেৱল জেনেৰেল (অসংৰক্ষিত) ডবাত উঠিব পাৰিব।
টাইমছ অৱ ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি ৱেটিং লিষ্টৰ টিকট লৈ সংৰক্ষিত ডবাত যাত্ৰা কৰাসকলৰ বিৰুদ্ধে এতিয়া ব্যৱস্থা গ্ৰহণ কৰা হ’ব। শ্লীপাৰ ডবাত যাত্ৰা কৰা এনে যাত্ৰীক ২৫০ টকা পৰ্যন্ত জৰিমনা বিহা হ’ব। একে সময়তে এচি ডবাত যাত্ৰা কৰা এনে যাত্ৰীক ৪৪০ টকা পৰ্যন্ত জৰিমনা বিহা হ’ব। ইয়াৰ উপৰিও নিয়ম উলংঘা কৰাসকলৰ পৰা বৰ্ডিং পইণ্টৰ পৰা পৰৱৰ্তী ষ্টেচনলৈ ভাড়াও ল’ব পাৰিব।
ট্ৰেভেল টিকট পৰীক্ষক বা টিটিইক এই নিয়মসমূহ কঠোৰভাৱে বলবৎ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ৱেইটিং লিষ্টৰ টিকট থকাসকলে সংৰক্ষিত ডবাত উঠিবলৈ চেষ্টা কৰিলে তেওঁলোকক নমাই দিয়া হ’ব আৰু লগতে জৰিমনাও বিহা হ’ব। এডভান্স ৰিজাৰ্ভ পিৰিয়ডো (ARP) এতিয়া ১২০ দিনৰ পৰিৱৰ্তে ৬০ দিন কৰা হৈছে। ফলত চাৰি মাহ আগতীয়াকৈ নহয়, এতিয়া যাত্ৰীসকলে দুমাহ পৰ্যন্ত আগতীয়াকৈ টিকট ক্ৰয় কৰিব পাৰিব।
প্ৰতিবেদন অনুসৰি নিৰাপত্তা উন্নত কৰাৰ বাবে এতিয়া সকলো অনলাইন টিকট ক্ৰয়ৰ বাবে অ’ টি পিৰ প্ৰয়োজন হ’ব। সাধাৰণতে ৰে’ল যাত্ৰাৰ সময়ত অতিমাত্ৰা ভিৰ সততে দেখা পোৱা এক সমস্যা। এই সমস্যাই যাত্ৰীসকলক অসুবিধাত পেলোৱাৰ লগতে সুৰক্ষাৰ ক্ষেত্ৰতো চিন্তাৰ সৃষ্টি কৰে। সেয়ে ভাৰতীয় ৰে’লৱেই ৱেইটিং লিষ্টত থকা যাত্ৰীসকলক জেনেৰেল ডবাতে সীমাবদ্ধ কৰি ভ্ৰমণক অধিক সংগঠিত আৰু উপভোগ্য কৰি তোলাৰ পৰিকল্পনা কৰিছে।
যদি কোনো যাত্ৰীয়ে এচি বা শ্লীপাৰ ক্লাছত যাত্ৰা কৰাৰ পৰিকল্পনা কৰে, তেতিয়া যাত্ৰীগৰাকীয়ে ভ্ৰমণৰ তাৰিখৰ পূৰ্বে তেওঁৰ টিকট কনফাৰ্ম হোৱাটো নিশ্চিত কৰিব লাগিব। নতুবা ৱেইটিং লিষ্টৰ টিকট থকা ব্যক্তিসকলৰ বাবে ৰিজাৰ্ভচনৰ প্ৰয়োজন নহয় বাবে জেনেৰেল ডবা উপলব্ধ হ’ব।