শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

সাৱধান পাকিস্তান ! ৰাতি আন্ধাৰত এক্সপ্ৰেছৱেত ম’ক ড্ৰিল ভাৰতীয় বায়ুসেনাৰ, দেখা গ’ল ৰাফেলৰ পৰা জাগুয়াৰলৈকে…

পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতে এক্সপ্ৰেছৱেত অৱতৰণ কৰা দেখা গ'ল ভাৰতৰ বায়ুসেনাৰ যুদ্ধ বিমান চুখয় ৩০,ৰাফেলৰ লগতে মি-১৭ হেলিকপ্টাৰ । নিশাৰ আন্ধাৰত ইখনৰ পিছত সিখনকৈ যুদ্ধ বিমান অৱতৰণ কৰে এক্সপ্ৰেছৱেত ।

সাৱধান পাকিস্তান ! ৰাতি আন্ধাৰত এক্সপ্ৰেছৱেত ম’ক ড্ৰিল ভাৰতীয় বায়ুসেনাৰ, দেখা গ’ল ৰাফেলৰ পৰা জাগুয়াৰলৈকে…
ভাৰতীয় বায়ুসেনাৰ অনুশীলনImage Credit source: PTI
manas-borah
Manas Borah | Published: 03 May 2025 09:16 AM

কোনো নিৰ্দিষ্ট ৰাণৱে বা পথাৰত নহয় । পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতে এক্সপ্ৰেছৱেত অৱতৰণ কৰা দেখা গ’ল ভাৰতৰ বায়ুসেনাৰ যুদ্ধ বিমান চুখয় ৩০,ৰাফেলৰ লগতে মি-১৭ হেলিকপ্টাৰ । নিশাৰ আন্ধাৰত ইখনৰ পিছত সিখনকৈ যুদ্ধ বিমান অৱতৰণ কৰে এক্সপ্ৰেছৱেত । উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰ জিলাৰ গংগা এক্সপ্ৰেছৱেত শুকুৰবাৰে নিশা প্ৰায় ৯ বজাৰ পৰা ১০ বজালৈ চলিল বায়ুসেনাৰ ম’ক ড্ৰিল।

এই অনুশীলনৰ সময়ত কেৱল যুদ্ধৰ প্ৰস্তুতিতেই নহয়, দুৰ্যোগৰ সময়ত উদ্ধাৰ অভিযান কেনেকৈ চলাব লাগে সেই সন্দৰ্ভত বায়ুসেনাই কৌশল আয়ত্ত কৰে । শুকুৰবাৰে পুৱা একেটা এক্সপ্ৰেছৱেতে বায়ুসেনাই অনুশীলন চলাই থকা দেখা গৈছিল। সেই অনুশীলন নিশাৰ আন্ধাৰতো কৰা দেখা যায় ।

পহলগামত পাকিস্তানস্থিত সন্ত্ৰাসবাদীয়ে আক্ৰমণ সংঘটিত কৰাৰ পিছৰে পৰা সমগ্ৰ দেশ ক্ষোভত উতলি উঠিছে। যিকোনো মুহূৰ্ততে প্ৰতিশোধ ল’বলৈ সাজু ভাৰত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে, পৰ্যটকক তেওঁলোকৰ ধৰ্মৰ ভিত্তিত হত্যা কৰাৰ প্ৰতিশোধ লোৱা হ’ব। সেই প্ৰেক্ষাপটত এই অনুশীলনে তাৎপৰ্য বহন কৰিছে ।

নিশাৰ এক্সপ্ৰেছৱেত অনুশীলনৰ সময়ত ৰাফেল, মিৰাজ-২০০০, জাগুয়াৰ, এ এন-৩২ (পৰিবহণ বিমান) আৰু মি-১৭ হেলিকপ্টাৰ অৱতৰণ কৰা দেখা যায় । আনকি বিগত কেইবছৰমানৰ পৰা বিভিন্ন উদ্ধাৰ অভিযানত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা চি-১৩০ জে ছুপাৰ হাৰকিউলিছ বিমান এই অনুশীলনৰ সময়ত দেখা যায় ।

শুকুৰবাৰে বিমানৰ প্ৰচণ্ড শব্দ শুনি অঞ্চলটোৰ লোকসকল সেই স্থানত উপস্থিত হয়। চকুৰ সন্মুখতে ইখনৰ পিছত সিখন যুদ্ধ বিমান উৰি থকা দেখি হাজাৰ হাজাৰ লোক স্তম্ভিত হৈ পৰে ।