শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

জীৱনত সকলোৱেই সফল হ’ব খোজে, কি কি গুণে আমাক সফলতাৰ শিখৰলৈ লৈ যাব পাৰে জানো আহক

শিক্ষাৰ্থী এজনে যেনেকৈ শিক্ষা জীৱনত সফলতা লাভ কৰি এটা ভাল কেৰিয়াৰ গঢ়াৰ আশা কৰে, খেলুৱৈ এজনে যিদৰে নিজৰ প্ৰদৰ্শনৰ দ্বাৰা ক্ৰীড়া ক্ষেত্ৰখনত সফলতা অৰ্জন কৰিব বিচাৰে, ঠিক তেনেকৈ ব্যৱসায়ী এজনে নিজৰ ক্ষেত্ৰখনত অধিক সফলতা লাভ কৰি ক্ষমতাশালী হ'বলৈ আশা কৰে । সফলতা লাভৰ বাটত সকলোকেই প্ৰয়োজন কেইটামান গুণৰ । সেই গুণসমূহ নাথাকিলে সফল হ'ব পৰা নাযায় । আহক আজি সফল হোৱাৰ কথা পাতো-

জীৱনত সকলোৱেই সফল হ’ব খোজে, কি কি গুণে আমাক সফলতাৰ শিখৰলৈ লৈ যাব পাৰে জানো আহক
প্ৰতীকী ছবিImage Credit source: Getty Images
raj-saikia
Raj Saikia | Published: 03 May 2025 14:38 PM

প্ৰতিজন মানুহেই জীৱনত সফলতা বিচাৰে । সফলতাৰ প্ৰতি প্ৰতিজন ব্যক্তিয়েই আকৃষ্ট । এজন ছাত্ৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত জড়িত ব্যক্তি বিশেষলৈ, সফলতা সকলোৰে কাম্য । কিন্তু সফলতা জানো আলাসতে পোৱা যায় । সফলতা লাভৰ বাট সকলোৰে বাবে সহজ নহয় । কোনোৱে অৱশ্যে ভাগ্যৰ বলতেই বোলক বা আন কোনো কাৰকৰ বাবেই বোলক খুব সহজেই কোনো কোনো ক্ষেত্ৰত সফলতা অৰ্জন কৰে । কিন্তু সকলোৱেই নহয় । তাৰ বাবে প্ৰচুৰ ধৈৰ্য, সাধনা, প্ৰাপ্তিৰ তাড়ণা আদিৰ প্ৰয়োজন ।

শিক্ষাৰ্থী এজনে যেনেকৈ শিক্ষা জীৱনত সফলতা লাভ কৰি এটা ভাল কেৰিয়াৰ গঢ়াৰ আশা কৰে, খেলুৱৈ এজনে যিদৰে নিজৰ প্ৰদৰ্শনৰ দ্বাৰা ক্ৰীড়া ক্ষেত্ৰখনত সফলতা অৰ্জন কৰিব বিচাৰে, ঠিক তেনেকৈ ব্যৱসায়ী এজনে নিজৰ ক্ষেত্ৰখনত অধিক সফলতা লাভ কৰি ক্ষমতাশালী হ’বলৈ আশা কৰে । একেদৰে ৰাজনৈতিক নেতা এজনেও নিজৰ ৰাজনীতিৰ ক্ষেত্ৰখনত সফল হোৱাৰ লক্ষ্যৰে আগবাঢ়ে । সফলতা লাভৰ বাটত সকলোকেই প্ৰয়োজন কেইটামান গুণৰ । সেই গুণসমূহ নাথাকিলে সফল হ’ব পৰা নাযায় । আহক আজি সফল হোৱাৰ কথা পাতো-

১. লক্ষ্য আৰু পৰিকল্পনা নিৰ্ধাৰণ কৰক । সফলতা লাভ কৰিবলৈ প্ৰথমে আপুনি কি বিচাৰে সেই কথা জানিব লাগিব । যদি লক্ষ্য স্পষ্ট নহয়, তেন্তে প্ৰচেষ্টাও লক্ষ্যহীন হ’ব । নিৰ্দিষ্ট আৰু সময়সীমাবদ্ধ লক্ষ্য নিৰ্ধাৰণ কৰক । তাৰ পিছত সেই অনুসৰি পৰিকল্পনা যুগুত কৰক আৰু কামত মনোযোগ দি আগবঢ়ক ।

২. সময়ৰ মূল্য দিয়া উচিত । সময় হৈছে জীৱনৰ আটাইতকৈ মূল্যৱান সম্পদ । সফল লোকসকল সময় পৰিচালনাৰ ক্ষেত্ৰত সাধাৰণতে অতি বিচক্ষণ । অপ্ৰয়োজনীয় কামত সময় নষ্ট কৰাৰ পৰিৱৰ্তে গুৰুত্বপূৰ্ণ কাম অনুসৰি সময় খৰচ কৰক । দৈনন্দিন কামৰ বাবে এটা ৰুটিন তৈয়াৰ কৰাটো অতি উপকাৰী ।

৩. কঠোৰ পৰিশ্ৰম আৰু ধৈৰ্য্য ধৰিব লাগে, সফলতা কেতিয়াও এৰাতিতে লাভ কৰা নাযায় । অবিৰত প্ৰচেষ্টা, ভুলৰ পৰা শিকা, ধৈৰ্য্যৰে আগবাঢ়ি যোৱা গুণে আপোনাক সফলতাৰ শিখৰলৈ লৈ যাব । কেতিয়াবা বিফলতা আহিব পাৰে, নিৰুৎসাহিত নহ’ব, ইয়াক শিকাৰ এক সুযোগ হিচাপে লওক ।

৪. নিজৰ বিকাশত গুৰুত্ব দিয়ক । বিকাশ মানে কেৱল শাৰীৰিক বিকাশৰ কথা কোৱা নাই । মানসিক বিকাশ জীৱন যাত্ৰাৰ বাবে অতিকৈ প্ৰয়োজনীয় । নতুন কথা শিকিবলৈ আগ্ৰহ, কিতাপ পঢ়া, দক্ষতা বৃদ্ধি ইত্যাদি সকলো আত্মবিকাশৰ অংশ । সফল মানুহে সদায় শিকিবলৈ ইচ্ছা কৰে । নিজৰ আত্মবিশ্বাসৰ লগতে নিজৰ দুৰ্বলতাবোৰ চিনাক্ত কৰি সেইবোৰৰ ওপৰত কাম কৰক ।

৫. ইতিবাচক মনোভাৱ বজাই ৰাখক । নেতিবাচক চিন্তা আৰু মানুহৰ সমালোচনা সফলতাৰ ক্ষেত্ৰত বাধা হৈ পৰে । আত্মবিশ্বাসী আৰু ইতিবাচক মানসিকতা বজাই ৰাখিলে যিকোনো সমস্যাৰ সমাধান বিচাৰি পাব ।

সফলতা একক গুণ নহয়, ই নিয়মীয়া অনুশীলন আৰু মানসিক ধৈৰ্য্যৰ ফল । যদি উপৰোক্ত নিয়মবোৰ দৈনিক মানি চলিব পৰা যায়, তেন্তে সফলতা কেৱল এক সম্ভাৱনা হৈ নাথাকে, ই বাস্তৱত পৰিণত হ’ব পাৰে । আপুনি সফল হ’ব বিচাৰেনে ? যদি বিচাৰে আজিৰে পৰা নতুনকৈ প্ৰস্তুতি আৰম্ভ কৰোঁ আহক ।

সফলতাৰ ক্ষেত্ৰত বিজ্ঞজনৰ কেইটামান উক্তি মনত পেলাওঁ আহক-

১. নিশা যিমানেই গভীৰ হ’ব, প্ৰভাতো সিমানেই উজ্জ্বল হ’ব । চাৰিওফালৰ পৰা অন্ধকাৰে আৱৰি ধৰিলেও ভয় নকৰিবা, পোহৰ হ’বই । -জ্যোতিপ্ৰসাদ আগৰৱালা

২. বিফল হ’লে কেতিয়াও হতাশ নহ’বা । বিফলতাই সফলতাৰ মূল চাবি-কাঠি । -ডঃ এ পি জে আব্দুল কালাম

৩. শিক্ষা হৈছে আটাইতকৈ শক্তিশালী অস্ত্ৰ, যাক ব্যৱহাৰ কৰি আপুনি পৃথিৱীখন সলনি কৰিব পাৰিব । -নেলচন মেণ্ডেলা

৪. এলাহ মানুহৰ বাবে অভিশাপ । এলাহে ব্যক্তি তথা জাতিক আত্মাহীন কৰে আৰু লোহাত মামৰে ধৰাৰ দৰে ব্যক্তি আৰু জাতিৰ ক্ষতি কৰে । -ছেমুৱেল মাইলছ

৫. এনেদৰে শিকা যেন তুমি চিৰদিন জীয়াই থাকা, এনেদৰে জীয়াই থাকা যেন কালিলৈকে তোমাৰ মৃত্যু হ’ব । -মহাত্মা গান্ধী

৬. সফলতাই সৰ্বোচ্চ নহয়; বিফলতা মৃত্যুসম নহয়: আগবাঢ়ি যোৱাৰ সাহসহে গুৰুত্বপূৰ্ণ। -উইন্সটন চাৰ্চিল

৭. চূড়ান্ত সফলতাৰ তিনিটা উপায় আছে: প্ৰথম উপায় হ’ল দয়ালু হোৱা, দ্বিতীয় উপায় হ’ল দয়ালু হোৱা আৰু তৃতীয় উপায় হ’ল দয়ালু হোৱা । -মিষ্টাৰ ৰজাৰ্ছ

৮. প্ৰকৃত বন্ধু সেইজন যিয়ে আপোনাৰ ব্যৰ্থতাক উপেক্ষা কৰে আৰু আপোনাৰ সফলতাক সহ্য কৰে । -ডাগ লাৰ্ছন

৯. সফলতা কোনো দুৰ্ঘটনা নহয় । ই হৈছে কঠোৰ পৰিশ্ৰম, অধ্যৱসায়, শিক্ষণ, পঢ়া-শুনা, ত্যাগ আৰু সৰ্বোপৰি আপুনি যি কৰি আছে বা কৰিবলৈ শিকিছে তাৰ প্ৰতি প্ৰেম । – পেলে

১০. আপোনাৰ ইতিবাচক কাৰ্যৰ সৈতে ইতিবাচক চিন্তাৰ সংমিশ্ৰণে সফলতাৰ ৰূপ লয় । – শিৱ খেৰা

(এই উক্তিসমূহ সংগৃহীত)