কৰ্ণেল ছফিয়া কুৰেশ্বীক লৈ বিতৰ্কিত মন্তব্য, এতিয়াও বিজেপিয়ে কিয় ব্যৱস্থা লোৱা নাই বিজয় শ্বাহৰ বিৰুদ্ধে?
বিজয় শ্বাহক লৈ বিজেপি নেতৃত্বত বিভ্ৰান্তিৰ সৃষ্টি হৈছে । বিজয় শ্বাহৰ গোচৰত আদালত আৰু আৰক্ষীয়ে আইনী ব্যৱস্থা গ্ৰহণ নকৰালৈকে অপেক্ষা কৰাৰ পক্ষত আছে বিজেপি নেতৃত্ব ।

মধ্যপ্ৰদেশৰ মন্ত্ৰী বিজয় শ্বাহে কৰ্ণেল ছফিয়া কুৰেশ্বীক লৈ কৰা বিতৰ্কিত বক্তব্যক লৈ বিজেপিৰ শীৰ্ষ নেতৃত্ব অতিশয় ক্ষুব্ধ হৈ পৰিছে যদিও মধ্যপ্ৰদেশৰ বিতৰ্কিত মন্ত্ৰী বিজয় শ্বাহক অপসাৰণক লৈ বিজেপিত বিভ্ৰান্তিৰ সৃষ্টি হৈছে । বিজয় শ্বাহক লৈ বিজেপি নেতৃত্বত বিভ্ৰান্তিৰ সৃষ্টি হৈছে । বিজয় শ্বাহৰ গোচৰত আদালত আৰু আৰক্ষীয়ে আইনী ব্যৱস্থা গ্ৰহণ নকৰালৈকে অপেক্ষা কৰাৰ পক্ষত আছে বিজেপি নেতৃত্ব ।
বিজয় শ্বাহ গণ্ড জনগোষ্ঠীৰ হোৱাটো বিজেপিৰ বাবে বিভ্ৰান্তিৰ কাৰণ হৈ পৰিছে । মধ্যপ্ৰদেশৰ গণ্ড জনগোষ্ঠীৰ প্ৰতিনিধি হিচাপে বিজয় শ্বাহক মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছিল । বিজয় শ্বাহ গণ্ড সম্প্ৰদায়ৰ আৰু গণ্ড ৰাজপৰিয়ালৰ অন্তৰ্গত । মধ্যপ্ৰদেশত ৰাজ্যখনৰ জনসংখ্যাৰ প্ৰায় ৮ শতাংশ গণ্ড জনগোষ্ঠীৰ । মধ্যপ্ৰদেশৰ ৮৪খন বিধানসভা আসনত গণ্ড জনজাতিৰ ভোটাৰে প্ৰভাৱ পেলায় ।
গণ্ড জাতিৰ প্ৰতিনিধি হিচাপে তেওঁক মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছিল
মধ্যপ্ৰদেশৰ মুঠ জনসংখ্যাৰ ২২ শতাংশ জনজাতীয় লোক । ইয়াৰে গণ্ড জনজাতিৰ জনসংখ্যা ৩৫ শতাংশ । মধ্যপ্ৰদেশৰ গণ্ড জনগোষ্ঠীৰ জনসংখ্যা ৫০ লাখৰো অধিক । ছিণ্ডৱাৰা, বেতুল, নৰ্মদাপুৰম, নৰসিংহপুৰ, ছিওনী, জবলপুৰ, মণ্ডলা, বালাঘাট, ডিন্দোৰী, উমৰিয়া আৰু শ্বাহদোল জিলাত এই গণ্ড জনগোষ্ঠী বিয়পি আছে ।
উল্লেখ্য যে কৰ্ণেল ছফিয়া কুৰেশ্বী সন্দৰ্ভত মন্ত্ৰী বিজয় শ্বাহে দিয়া বিতৰ্কিত বক্তব্যই ৰাজনৈতিক আৰু আইনী মহলত আলোড়নৰ সৃষ্টি কৰিছে । ১১ মে’ত মানহাউত অনুষ্ঠিত ৰাজহুৱা অনুষ্ঠানত কৰ্ণেল কুৰেশ্বীৰ বিষয়ে আপত্তিজনক মন্তব্য কৰিছিল শ্বাহে, যাৰ বাবে তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে উচ্চ ন্যায়ালয়ে ।
কৰ্ণেল ছফিয়াক লৈ কৰা মন্তব্যৰ বাবে বিতৰ্কৰ আৱৰ্তত মন্ত্ৰী বিজয় শ্বাহ
এই বিবৃতিৰ পিছত কংগ্ৰেছে শ্বাহৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰি মন্ত্ৰীসভাৰ পৰা বৰ্খাস্ত কৰাৰ দাবী জনায় । ১৫ মে’ত মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে শ্বাহক এই গোচৰত ক্ষমা খুজিবলৈ কোৱাৰ বিপৰীতে উচ্চতম ন্যায়ালয়ে শ্বাহৰ অন্তৱৰ্তীকালীন জামিনৰ আবেদন নাকচ কৰি তেওঁৰ বক্তব্যক আপত্তিজনক বুলি অভিহিত কৰে ।
এই বিষয়ত বিজেপিয়ে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি শ্বাহৰ পৰা প্ৰতিবেদন বিচাৰিছিল । পিছত শ্বাহে ক্ষমা বিচাৰি কয় যে তেওঁৰ কথাৰ ভুল ব্যাখ্যা কৰা হৈছে ।
ভাৰতীয় সেনাৰ চিগনেল কৰ্পছত কৰ্ণেল পদবী লাভ কৰা কৰ্ণেল ছফিয়া কুৰেশ্বীয়ে পাকিস্তানে ভাৰতীয় সামৰিক ঘাটিত আক্ৰমণ কৰা বুলি দাবী কৰা পাকিস্তানৰ ভুৱা দাবী উদঙাই দিছিল । সংবাদমেলত কুৰেশ্বীয়ে এই দাবীসমূহ অস্বীকাৰ কৰি কয় যে ভাৰতৰ সামৰিক ঘাটিসমূহ সম্পূৰ্ণ নিৰাপদে আছে । অপাৰেচন সেন্দূৰৰ বাবে কৰ্ণেল ছফিয়া কুৰেশ্বী লাইমলাইটলৈ আহিছিল যদিও বিজয় শ্বাহে তেওঁৰ ওপৰত মন্তব্য কৰাৰ বাবে সম্পূৰ্ণৰূপে চৰ্চাত আছে ।