১১ গৰাকী মহিলা, ১২ জন পুৰুষ! স্পা চেন্টাৰৰ দুৱাৰ খুলি হতবাক আৰক্ষী, দেখিলে…
স্পাৰ নামত একাংশই আজিকালি কিছুমান ৰঙীণ ব্যৱসায় চলাই থাকে। শেহতীয়াকৈ এনে এক খবৰ পোহৰলৈ আহিছে য'ত আৰক্ষীয়ে এখন স্পাত অভিযান চলাই কেইবাজনক গ্ৰেপ্তাৰ কৰে।

আজিকালি স্পা-পাৰ্লাৰৰ নামত একাংশ দুষ্ট প্ৰকৃতিৰ লোকে বিভিন্ন অবৈধ ব্যৱসায় চলাই থাকে। এনে অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষী প্ৰায়ে সষ্টম হৈ থকা দেখা যায়। যাৰ বাবে বিভিন্ন সময়ত বিভিন্ন স্থানৰ পৰা আৰক্ষীয়ে বহু লোকক গ্ৰেপ্তাৰ কৰে। শেহতীয়াকৈ পুনৰ এনে এক ঘটনা পোহৰলৈ আহিছে, যত আৰক্ষীয়ে ২৩ জন লোকক হাতে-লোটে ধৰা পেলায়। জানিব পৰা মতে, এই লোককেজইন অনৈতিক কামত জড়িত হৈ আছিল।
নামত স্পা, কিন্তু ভিতৰত এক ৰঙীণ ব্যৱসায়। এই স্পা-পাৰ্লাৰখন সন্দৰ্ভত প্ৰায়ে আৰক্ষীয়ে অভিযোগ লাভ কৰি আছিল। যাৰ বাবে আৰক্ষীয়ে এই স্পা-পাৰ্লাৰখনত অভিযান চলায়। কিন্তু যেতিয়া আৰক্ষী কোঠাৰ দুৱাৰ খোলে তেতিয়া আচৰিত হৈ পৰে। সেই দৃশ্য চাব নোৱাৰি আৰক্ষী তলমূৰ কৰে। কিয়নো স্পাখনত চলি আছিল দেহ ব্যৱসায়।
সেই স্থানৰ পৰা আৰক্ষীয়ে ২৩ জন লোকক গ্ৰেপ্তাৰ কৰে। ইয়াৰ পিছতে আৰক্ষীয়ে ১১ গৰাকী মহিলা আৰু ১২ গৰাকী পুৰুষক গ্ৰেপ্তাৰ কৰে। দেওবাৰ (২২জুন)য়ে ৰাজস্থানৰ ‘ভগত কি কোঠী’ থানা এলেকাৰ এটা স্পা চেণ্টাৰত অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আটাইকেইজনক। ৰাজস্থানৰ যোধপুৰ আৰক্ষী আয়ুক্তৰ নেতৃত্বত চলে এই অভিযান।
জানিব পৰা মতে, যেতিয়া আৰক্ষীয়ে স্পাত অভিযান চলাই, তেতিয়া বাহিৰত এখন সাধাৰণ পাৰ্লাৰৰ কাম চলি আছিল। কিন্তু যেতিয়া ভিতৰলৈ যায় তেতিয়া আচৰিত হৈ পৰে আৰক্ষী। কোঠাৰ ভিতৰত একাংশ পুৰুষ মহিলাক অৰ্ধউলংগ আৰু আপত্তিজনক অৱস্থাত উদ্ধাৰ কৰে আৰক্ষীয়ে। তেওঁলোকক আৰক্ষীয়ে প্ৰশ্ন কৰিছিল যদিও সঠিক উত্তৰ দিব পৰা নাছিল। ইয়াৰ বিপৰীতে একাংশই সেই স্থানৰ পৰা পলায়ন কৰাৰ চেষ্টা কৰে যদিও বিফল হয়। তাৰ পাছতে আৰক্ষীয়ে আটাইকেইজনক গ্ৰেপ্তাৰ কৰে।
আৰক্ষীয়ে জনোৱা মতে, বাছনী শ্বপিং চেণ্টাৰৰ সমীপত অৱস্থিত এই স্পা চেণ্টাৰক লৈ দীৰ্ঘদিন ধৰি অভিযোগ উত্থাপন হৈ আহিছে। যাৰ বাবে দেওবাৰে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰে। অভিযানত আৰক্ষীয়ে ২৩ জন লোকক গ্ৰেপ্তাৰ কৰা হয়। আৰক্ষী আয়ুক্ত ৰাজেন্দ্ৰ সিঙে জানিবলৈ দিয়া মতে অন্য স্পা চেণ্টাৰসমূহৰ বিৰুদ্ধে অভিযান চলোৱা হৈছে।
অন্য খবৰ পঢ়কঃ মৰ্মান্তিক! বাছৰ খিৰিকীৰে উলিয়াইছিল মূৰ, আহি আছিল তীব্ৰবেগী ট্ৰাক আৰু পাছত…