মৰ্মান্তিক! বাছৰ খিৰিকীৰে উলিয়াই দিছিল মূৰ, আহি আছিল তীব্ৰবেগী ট্ৰাক আৰু পাছত…
এক মৰ্মান্তিক ঘটনা। অকালতে প্ৰাণ হেৰুৱালে এজন কিশোৰে। জানিব পৰা মতে, এখন বাছত গৈ থকা এজন কিশোৰে খিৰিকীৰে বাহিৰলৈ মূৰটো উলিয়াই দিয়ে। তাৰ পাছতে সংঘটিত হয় ভয়ংকৰ ঘটনা।

এক মৰ্মান্তিক ঘটনা! প্ৰায়ে শিশুসকলক বাছ বা চলন্ত গাড়ীৰ বাহিৰত মূৰ উলিয়াই নিদিবলৈ পৰামৰ্শ দিয়া হয়। কিন্তু তাৰ পাছতো একাংশ শিশুই গাড়ীৰ খিৰিকীৰে মূৰ উলিয়াই দিয়া দেখা যায়। এনে এক ঘটনাই কাল মাতি আনে এটি শিশুৰ। বাছৰ পৰা বাহিৰলৈ মূৰ উলিয়াই দিয়াৰ পাছতে মূৰটো বিচ্ছিন্ন হৈ যায় শিশুটিৰ। যাৰ বাবে এক আনন্দৰ পৰিবেশ মূহুৰ্তৰ ভিতৰতে শোকলৈ পৰিণত হয়। এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ হাথৰাছত। জানিব পৰা মতে, বৰযাত্ৰীৰ সৈতে গৈ থকাৰ সময়তে হাথৰাছ জংচন অঞ্চলৰ কৈলোৰাৰ কাষত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়।
আলিগড়ৰ মখদুম নগৰৰ ১১ বছৰীয়া কিশোৰজন হাথৰাছৰ মহৰি গাঁৱলৈ তেওঁৰ সম্পৰ্কীয় ককায়েকৰ বিয়াত অংশ ল’বলৈ আহিছিল। বিয়াৰ বাবে সকলোফালে আনন্দময় পৰিবেশে বিৰাজ কৰি ৰাখিছিল। কিন্তু তাৰ মাজতে শনিবাৰে সংঘটিত হয় অনাকাংক্ষিত ঘটনা। কিশোৰজনে দৰাৰ লগত যাবলৈ বাছত উঠিছিল। লাহে লাহে বাছখনে যাত্ৰা আৰম্ভ কৰিছিল আৰু সকলোৱে স্ফূৰ্তি কৰি গৈছিল। কিন্তু তেতিয়াই শেষ হৈ যায় সকলো।
কিশোৰজনে বাছৰ খিৰিকীৰে মূৰটো বাহিৰলৈ উলিয়াই দিয়ে, লগে লগে কাষেৰে পাৰ হৈ যায় এখন ডিচিএম ট্ৰাক। তীব্ৰবেগী ট্ৰাকখনৰ খুন্দাত মূহুৰ্ততে কিশোৰজনৰ মূৰটো শৰীৰৰ পৰা বিচ্ছিন্ন হৈ দূৰৈত বাগৰি পৰে। যাৰ ফলত থিতাতে মৃত্যু হয় শিশুটিৰ। এই ঘটনা দেখি আচৰিত হৈ পৰে সকলো আৰু লগে লগে আৰক্ষীক খবৰ দিয়ে।
কিশোৰজনৰ কৰুণ মৃত্যুৰ পাছতে পৰিয়ালৰ মাজত শোকাকূল পৰিবেশৰ সৃষ্টি হয়। কেৱল পৰিয়ালতে নহয়, আনন্দত আত্মহাৰা হৈ থকা গাঁৱবাসীৰ মাজতো শোকৰ বন্যা বিয়পে। এই ঘটনাৰ খবৰ লগে লগে শিশুটিৰ পিতৃক দিয়া হয়। সেই সময়ত পিতৃ অন্য এখন গাড়ীত আহি আছিল। যেতিয়া পিতৃ সেই স্থানত উপস্থিত হয় আৰু পুত্ৰৰ বিচ্ছিন্ন মূৰটো দেখা পায় তেতিয়া কান্দি কান্দি ভাগৰি পৰে।
ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পাছতে সেই স্থানত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে আৰু বাছৰ চালকক আটক কৰে। ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে। কিন্তু সেই শোকৰ পৰিবেশৰ মাজতো বিয়াখন পিছুৱাই দিব নোৱাৰিলে। যাৰ বাবে পৰিয়ালৰ লোকৰ উপস্থিতি বিবাহ সম্পন্ন হয়। এই সমগ্ৰ ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত।
অন্য খবৰ পঢ়কঃ Shradhanjali scheme: বহিঃৰাজ্যত মৃত্যু হোৱা ব্যক্তিৰ মৃতদেহ আনিব সন্মান সহকাৰে, শ্ৰদ্ধাঞ্জলি আঁচনিত অনুমোদন অসম কেবিনেটৰ…