শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

গিণিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভুক্ত প্ৰধানমন্ত্ৰী মোদীৰ পৰীক্ষা পে চৰ্চাঃ এই দিশত গঢ়িলে বিশ্ব অভিলেখ

প্ৰধানমন্ত্ৰী মোদীৰ এই অনুষ্ঠানে সমগ্ৰ দেশৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱক আৰু শিক্ষকৰ মাজতো যথেষ্ট উৎসাহ যোগাই আহিছে। এই কাৰ্যসূচীয়ে পৰীক্ষাৰ মানসিক চাপ হ্ৰাস কৰাৰ লগতে পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক প্ৰেৰণা তথা উৎসাহ যোগায়।

গিণিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভুক্ত প্ৰধানমন্ত্ৰী মোদীৰ পৰীক্ষা পে চৰ্চাঃ এই দিশত গঢ়িলে বিশ্ব অভিলেখ
গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত প্ৰধানমন্ত্ৰী মোদীImage Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 07 Aug 2025 19:09 PM

পুনৰ এবাৰ গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত লিপিবদ্ধ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাম। নাগৰিক অংশগ্ৰহণ মঞ্চত এমাহৰ ভিতৰত সৰ্বাধিক ৩.৫৩ কোটি পঞ্জীয়নৰ বাবে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰিছে প্ৰধানমন্ত্ৰী মোদীৰ ‘পৰীক্ষা পে চৰ্চা’ শীৰ্ষক অনুষ্ঠানটোৱে। ধৰ্মেন্দ্ৰ প্ৰধানৰ নেতৃত্বত শিক্ষা মন্ত্ৰালয়ৰ এই পদক্ষেপৰ বাবে পুনৰবাৰ এই বিশ্ব অভিলেখ গঢ়ি তুলিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। এইবাৰ দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী মোদীক গিনিজ বুক প্ৰমাণ পত্ৰ প্ৰদান কৰিছে ধৰ্মেন্দ্ৰ প্ৰধানে।

গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ তথ্য মতে, ‘পৰীক্ষা পে চৰ্চা’ অনুষ্ঠান এমাহৰ ভিতৰত সৰ্বাধিক পঞ্জীয়ন লাভ কৰা নাগৰিক অংশগ্ৰহণ মঞ্চ হিচাপে পৰিগণিত হৈছে এই অনুষ্ঠানৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদীয়ে পৰীক্ষাৰ পূৰ্বে ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে।

প্ৰধানমন্ত্ৰী মোদীৰ এই অনুষ্ঠানে সমগ্ৰ দেশৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱক আৰু শিক্ষকৰ মাজতো যথেষ্ট উৎসাহ যোগাই আহিছে এই কাৰ্যসূচীয়ে পৰীক্ষাৰ মানসিক চাপ হ্ৰাস কৰাৰ লগতে পৰীক্ষাৰ বাবে ছাত্ৰছাত্ৰীসকলক প্ৰেৰণা তথা উৎসাহ যোগায়

উল্লেখ্য যে ইতিপূৰ্বে ২০১৫ চনতো ধৰ্মেন্দ্ৰ প্ৰধান পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ত গিণিজ বুক অৱ ৰেকৰ্ডছত স্থান পাইছিল প্ৰধানমন্ত্ৰী মোদীয়ে গ্ৰহণ কৰা আঁচনিয়ে সেই সময়ত ১২.৫৭ কোটি পৰিয়াললৈ নগদ ধন স্থানান্তৰ প্ৰদানৰ বাবে ‘পহল’ (এল পি জিৰ বাবে প্ৰত্যক্ষ লাভ হস্তান্তৰ) আঁচনিখনক বিশ্বৰ সৰ্ববৃহৎ নগদ ধন হস্তান্তৰ কাৰ্যসূচী হিচাপে স্বীকৃতি দিয়া হৈছিল।

এই পৰ্যন্ত মোদী চৰকাৰৰ চাৰিটা পদক্ষেপে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ দ্বাৰা স্বীকৃতি লাভ কৰিছে। ইয়াৰে দুটা ধৰ্মেন্দ্ৰ প্ৰধানৰ নেতৃত্বত কাৰ্যকৰী কৰা হৈছিল। ইয়াৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস (২০১৫) আৰু প্ৰধানমন্ত্ৰী জন ধন যোজনায়ো গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰিছে।