ট্ৰাম্পৰ ভাবুকিৰ মাজতে চীন ভ্ৰমণৰ বাবে সাজু হৈছে মোদী, SCO সন্মিলনত কৰিব পাৰে অংশগ্ৰহণ…
প্ৰায় ৭ বছৰ পাছত চীন যাবলৈ সাজু হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। SCO ৰ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব পাৰে মোদীয়ে। ট্ৰাম্পৰ শুল্ক যুদ্ধৰ মাজতে মোদীৰ এই ভ্ৰমণ গুৰুত্বপূৰ্ণ হোৱাৰ সম্ভাৱনা আছে।

বিশ্বৰ ৰাজনীতিত চলি থকা চাঞ্চল্যৰ মাজতে চুবুৰীয়া ৰাষ্ট্ৰ চীন ভ্ৰমণৰ বাবে সাজু হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ৩১ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰলৈ টিয়ানজিনত অনুষ্ঠিত হ’বলগীয়া চাংহাই সহযোগিতা সংস্থা (SCO)ৰ শীৰ্ষ সন্মিলনৰ বাবে দেশখনলৈ যাব পাৰে মোদী। আমেৰিকাৰ পৰা হেঁচা বৃদ্ধি পোৱাৰ মাজতে মোদীৰ এই ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ বুলি ধাৰণা কৰা গৈছে। কিয়নো ভাৰতৰ দৰে চীনেও আমেৰিকাৰ শুল্ক ভাবুকিৰ সন্মুখী হৈ আহিছে। প্ৰায় ৭ বছৰ পাছত মোদীয়ে চীন ভ্ৰমণ কৰিব। ইয়াৰ পূৰ্বে ২০১৮ চনৰ জুন মাহত মোদীয়ে কিংদাঅত অনুষ্ঠিত হোৱা SCO ৰ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ চীনত উপস্থিত হৈছিল।
মোদীৰ এই ভ্ৰমণে এতিয়া বিশ্বৰ দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে। বিগত সময়চোৱাত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত শুল্ক ভাবুকি দি আহিছে। আমেৰিকাই ইতিমধ্যে ২৫ শতাংশ শুল্ক ভাৰতৰ ওপৰত আৰোপ কৰিছে। ইফালে চীনৰ সৈতে বাণিজ্য সম্প্ৰসাৰণ কৰাৰ চেষ্টা কৰি আহিছে ভাৰতে। এই সকলো ঘটনাৰাজিৰ মাজতে মোদীৰ ভ্ৰমণে চীন-ভাৰতৰ সম্পৰ্কত সাৰ-পানী যোগাব বুলি আশা কৰা হৈছে।
PM Modi to embark on first visit to China after Galwan standoff on August 31, for SCO Summit. News9's @kartikeya_1975 shares more insights in conversation with @krishnaksays #SCOSummit #PMModi #China #PMModiinChina pic.twitter.com/6G4aWgGzoZ
— News9 (@News9Tweets) August 6, 2025
প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে ৭ আগষ্ট বৃহস্পতিবাৰে মস্কোত ৰাছিয়াৰ উচ্চপদস্থ বিষয়াৰ সৈতে এক বৈঠকত মিলিত হ’ব। এই সময়চোৱাত ভাৰত-ৰাছিয়াৰ প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতা, তেল নিষেধাজ্ঞা আৰু মোদী-পুটিনৰ শীৰ্ষ সন্মিলনৰ বিষয়ে আলোচনা কৰা হ’ব বুলি আশা কৰা হৈছে। চৰকাৰী সূত্ৰ অনুসৰি, বুধবাৰে নিশা মস্কোত উপস্থিত হ’ব ডোভাল। ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে, ভাৰতে আমেৰিকাৰ ভাবুকিক ভয় কৰা নাই। ইয়াৰ বিপৰীতে এই ভাবুকিৰ বিৰুদ্ধে মোকাবিলা কৰিবলৈ প্ৰস্তুতি চলাইছে।
উল্লেখ্য যে, ড’নাল্ড ট্ৰাম্পে দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ পাছতে ভাৰতৰ বিৰুদ্ধে কঠোৰ স্থিতি লৈ আহিছে। শেহতীয়াকৈ ভাৰতৰ ওপৰত ট্ৰাম্পে ২৫ শতাংশ শুল্ক আৰোপ কৰিছে লগতে আৰু অধিক শুল্ক আৰোপাৰ ভাবুকি দিছে। আমেৰিকাই ৰাছিয়াৰ সৈতে থকা ভাৰতৰ সম্পৰ্কৰ ওপৰতো অসন্তুষ্টি ব্যক্ত কৰে। কিন্তু ভাৰতে হাৰ নামানি কয় যে, ভাৰতে কেৱল ৰাষ্ট্ৰৰ বাবে কাম কৰিব। ট্ৰাম্পৰ শুল্কৰ বিৰুদ্ধে থিয় দিছে ৰাছিয়া, ব্ৰাজিল আদি দেশেও।
কেৱল ভাৰতেই নহয়, চীনৰ ওপৰতো কিছুদিন পূৰ্বে আমেৰিকাই উচ্চ শুল্ক আৰোপ কৰিছিল। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে চীনে আমেৰিকাৰ ওপৰত প্ৰতিশোধমূলত শুল্ক আৰোপ কৰিছিল। পৰৱৰ্তী সময়ত দুই দেশৰ শুল্ক যুদ্ধ শাম কাটে যদিও এতিয়াও পৰিস্থিতি সহজ বুলি ক’ব নোৱাৰি। ইয়াৰোপৰি কিছুদিন পূৰ্বে ৰাছিয়াই RIC সন্মিলন অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ দিছিল ভাৰতক। এতিয়ালৈকে ভাৰতে এই সকলোবোৰৰ প্ৰতি কোনো প্ৰত্যক্ষ সঁহাৰি জনোৱা নাই যদিও এতিয়া মোদীৰ এই ভ্ৰমণে বিশেষ গুৰুত্ব বহন কৰিব।
অন্য খবৰ পঢ়কঃ ট্ৰাম্পৰ শুল্ক যুদ্ধ! কোন কোন দেশে থিয় দিছে ভাৰতৰ পক্ষত?
আৰু পঢ়কঃ RIC: সলনি হ’ব নেকি বিশ্ব ৰাজনীতি? একত্ৰিত হোৱাৰ দিশে ৰাছিয়া-ভাৰত আৰু চীন…