শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

প্ৰাকৃতিক খেতি ভাৰতৰ ভৱিষ্যত… প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে Natural Farming ৰ ওপৰত LinkedIn ত শ্বেয়াৰ কৰিছে পোষ্ট

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বুধবাৰে প্রাকৃতিক খেতিৰ ভাৰতৰ কৃষি ভৱিষ্যতৰ বাবে এক শক্তিশালী ভেটি বুলি অভিহিত কৰে। কৃষকসকলে তেওঁক কইম্বাটুৰত(Coimbatore) ত অনুষ্ঠিত হোৱা Natural Farming Summit লৈ নিমন্ত্ৰণ জনাইছিল, আৰু ১৯ নৱেম্বৰত প্ৰধানমন্ত্ৰীয়ে নিজেই এই অনুষ্ঠানত অংশগ্ৰহণ কৰে।

প্ৰাকৃতিক খেতি ভাৰতৰ ভৱিষ্যত… প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে Natural Farming ৰ ওপৰত LinkedIn ত শ্বেয়াৰ কৰিছে পোষ্ট
barasha-misra
Barasha Misra | Published: 03 Dec 2025 18:31 PM

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বুধবাৰে লিংকডইনত প্রাকৃতিক খেতি সন্দর্ভত নিজৰ চিন্তাধাৰা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, দুসপ্তাহ পূৰ্বে কইম্বাটুৰ (Coimbatore) ত প্ৰাকৃতিক কৃষি সম্পৰ্কীয় সন্মিলনৰ অংশ আছিলোঁ, যিয়ে মোৰ মনত গভীৰ ছাপ পেলাইছিল। তেওঁ সমগ্ৰ ভাৰতবৰ্ষৰ লোকসকলক প্ৰাকৃতিক কৃষিৰ প্ৰসাৰৰ বাবে আহ্বান জনায়।

মোদীয়ে কয়, চলিত বৰ্ষৰ আগষ্ট মাহত তামিলনাডুৰ কৃষকৰ এটা দলে মোৰ সৈতে সাক্ষাৎ কৰি আলোচনা কৰিছিল যে তেওঁলোকে কেনেকৈ বহনক্ষমতা আৰু উৎপাদনশীলতা বৃদ্ধিৰ বাবে নতুন কৃষি কৌশল গ্ৰহণ কৰিছে। তেওঁলোকে মোক কইম্বাটুৰত প্ৰাকৃতিক কৃষিৰ ওপৰত এখন শীৰ্ষ সন্মিলনলৈ নিমন্ত্ৰণ জনাইছিল। তেওঁলোকৰ নিমন্ত্ৰণ গ্ৰহণ কৰি অনুষ্ঠানৰ সময়ত তেওঁলোকৰ লগত থাকিম বুলি প্ৰতিশ্ৰুতি দিছিলোঁ। কেইসপ্তাহমানৰ আগতে ১৯ নৱেম্বৰত মই দক্ষিণ ভাৰতৰ প্ৰাকৃতিক কৃষি সন্মিলনত অংশগ্ৰহণ কৰিবলৈ কইম্বাটুৰত আছিলো।এম এছ এম ইৰ কেন্দ্ৰ হিচাপে গণ্য কৰা চহৰখনত প্ৰাকৃতিক কৃষিৰ ওপৰত এক বৃহৎ অনুষ্ঠান অনুষ্ঠিত হৈছিল।

আমি সকলোৱে জানো যে, প্ৰাকৃতিক কৃষি ভাৰতৰ পৰম্পৰাগত জ্ঞান ব্যৱস্থা আৰু আধুনিক পৰিৱেশ নীতিৰ পৰা অনুপ্ৰাণিত হৈ কৃত্ৰিম ৰাসায়নিক পদাৰ্থ অবিহনে শস্যৰ খেতি কৰে। ই বেলেগ বেলেগ খেতিৰ প্ৰসাৰ ঘটায় য’ত উদ্ভিদ, গছ আৰু জীৱ-জন্তুৰ সহাৱস্থান কৰি প্ৰাকৃতিক জৈৱ বৈচিত্ৰ্যক সমৰ্থন কৰে।

Pm Modi Natural Farming 2 1024x576

কইম্বাটুৰত অনুষ্ঠিত হোৱা এই শীৰ্ষ সন্মিলনটো মোৰ স্মৃতিৰ অংশ হৈ থাকিব! ইয়াত ভাৰতৰ কৃষক আৰু কৃষি উদ্যমীসকলে চিন্তা আৰু আত্মবিশ্বাসৰ পৰিৱৰ্তন ঘটাই কৃষিৰ ভৱিষ্যৎ কেনেদৰে গঢ় লৈ উঠিছে তাক দেখুৱাইছিল। অনুষ্ঠানটোত তামিলনাডুৰ কৃষকৰ সৈতেও মত বিনিময় কৰা কৰিছিলোঁ, য’ত তেওঁলোকে প্ৰাকৃতিক কৃষিৰ ক্ষেত্ৰত নিজৰ প্ৰচেষ্টা প্ৰদৰ্শন কৰিছিল আৰু মই আচৰিত হৈছিলো!

বিজ্ঞানী, এফ পি অ’ৰ নেতা, স্নাতক বিশেষকৈ উচ্চ দৰমহা পোৱা কৰ্পৰেট কেৰিয়াৰ এৰি যোৱা বিভিন্ন পটভূমিৰ লোকে নিজৰ স্থানলৈ ঘূৰি আহি প্ৰাকৃতিক কৃষি গ্ৰহণ কৰাৰ সিদ্ধান্ত লোৱাটো দেখি আচৰিত হৈছিলোঁ। মই এনে লোকক লগ পাইছিলো যাৰ জীৱন যাত্ৰা আৰু উদ্ভাৱনৰ প্ৰতি দায়বদ্ধতা আছিল উল্লেখযোগ্য। এজন কৃষকে প্ৰায় ১০ একৰ মাটিত বহুস্তৰীয় খেতি কৰিছিল, য’ত কল, নাৰিকল, অমিতা, জলকীয়া, হলধি আদি আছিল। ইয়াৰ উপৰিও তেওঁ ৬০ টা থলুৱা গৰু, ৪০০ টা ছাগলী, আৰু স্থানীয় হাঁহ-কুকুৰা পালন কৰিছিল।

আন এজন কৃষকে মাপিল্লাই চাম্বা, কৰুপ্পু কাভুনী আদি থলুৱা ধানৰ জাত সংৰক্ষণৰ বাবে নিজকে সমৰ্পিত কৰিছে। তেওঁ মূল্য সংযোজিত সামগ্ৰীৰ ওপৰত গুৰুত্ব আৰোপ কৰে, ভাল মিক্সাৰ, মুৰি, চকলেট, আৰু প্ৰটিন বাৰ তৈয়াৰ কৰে।

এজন First-Generation Graduatesআছিল, যিয়ে ১৫ একৰ প্ৰাকৃতিক পাৰ্ম চলাই আছে আৰু ৩ হাজাৰৰো অধিক কৃষকক প্ৰশিক্ষণ দিছে আৰু প্ৰতিমাহে প্ৰায় ৩০ টন শাক-পাচলি বিক্ৰী কৰে। কিছুমানে নিজাকৈ এফপিঅ’ চলাই টেপিঅ’কা কৃষকসকলক সহায় কৰিছিল আৰু টেপিঅ’কা ভিত্তিক সামগ্ৰীক বায়’ইথানল আৰু সংকোচিত জৈৱ গেছৰ বাবে বহনক্ষম কেঁচামাল হিচাপে প্ৰচাৰ কৰিছিল।

কৃষি উদ্ভাৱকসকলৰ ভিতৰত এজন আছিল জৈৱ প্ৰযুক্তিৰ পেছাদাৰী যিয়ে উপকূলীয় জিলাসমূহত ৬০০ মাছমৰীয়াক নিয়োজিত কৰি সাগৰীয় শাক-পাচলি ভিত্তিক জৈৱ সাৰ উদ্যোগ গঢ়ি তুলিছিল। আন এজনে পুষ্টিকৰ উপাদান সমৃদ্ধ জৈৱ সক্ৰিয় বায়’চাৰ বিকশিত কৰিছিল যিয়ে মাটিৰ শক্তি বৃদ্ধি কৰে। তেওঁলোকে দুয়োজনে প্ৰদৰ্শন কৰিলে যে বিজ্ঞান আৰু বহনক্ষমতা কেনেকৈ নিৰৱচ্ছিন্নভাৱে একত্ৰিত হ’ব পাৰে।

কৃষি উদ্ভাৱকসকলৰ ভিতৰত এজন আছিল জৈৱ প্ৰযুক্তিৰ পেছাদাৰী যিয়ে উপকূলীয় জিলাসমূহত ৬০০ মাছমৰীয়াক নিয়োজিত কৰি সাগৰীয় শাক-পাচলি ভিত্তিক জৈৱ সাৰ উদ্যোগ গঢ়ি তুলিছিল। আন এজনে পুষ্টিকৰ উপাদান সমৃদ্ধ জৈৱ সক্ৰিয় বায়’চাৰ বিকশিত কৰিছিল যিয়ে মাটিৰ শক্তি বৃদ্ধি কৰে। তেওঁলোকে দুয়োজনে প্ৰদৰ্শন কৰিলে যে বিজ্ঞান আৰু বহনক্ষমতা কেনেকৈ নিৰৱচ্ছিন্নভাৱে একত্ৰিত হ’ব পাৰে।

Pm Modi Natural Farming 3 1024x576

সামষ্টিক পৰ্যায়ত ভাৰতে এই ক্ষেত্ৰত প্ৰশংসনীয় অগ্ৰগতি লাভ কৰিছে। যোৱা বছৰ ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় কৃষি অভিযান আৰম্ভ কৰিছিল, যিয়ে ইতিমধ্যে লাখ লাখ কৃষকক বহনক্ষম কৃষি পদ্ধতিত নিয়োজিত কৰিছে। সমগ্ৰ দেশতে প্ৰাকৃতিক কৃষিৰ অধীনত হাজাৰ হাজাৰ হেক্টৰ মাটিত খেতি কৰা হৈছে। চৰকাৰী প্ৰচেষ্টা যেনে ৰপ্তানিৰ প্ৰসাৰ, কিছান ক্ৰেডিট কাৰ্ড (পশুধন আৰু মীনপালনৰ বাবেকে ধৰি), আৰু পিএম-কিছানৰ জৰিয়তে প্ৰতিষ্ঠানিক ঋণৰ যথেষ্ট সম্প্ৰসাৰণেও কৃষকসকলক প্ৰাকৃতিক কৃষি গ্ৰহণ কৰাত সহায় কৰিছে।

নেচুৰেল ফাৰ্মিং শ্ৰী আন্না বা মিলেটচক প্ৰচাৰৰ বাবে আমাৰ প্ৰচেষ্টাৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। মহিলা কৃষকে বৃহৎ পৰিসৰত প্ৰাকৃতিক কৃষি গ্ৰহণ কৰাটোও আনন্দদায়ক।

যোৱা কেইটামান দশকত ৰাসায়নিক সাৰ আৰু কীটনাশকৰ ওপৰত বৃদ্ধি পোৱা নিৰ্ভৰশীলতাই মাটিৰ উৰ্বৰতা, আৰ্দ্ৰতা আৰু দীৰ্ঘম্যাদী বহনক্ষমতাত প্ৰভাৱ পেলাইছে। লগতে খেতিৰ খৰচো বৃদ্ধি কৰিছে। প্ৰাকৃতিক কৃষিয়ে এই প্ৰত্যাহ্বানসমূহৰ পোনপটীয়াকৈ মোকাবিলা কৰে। পঞ্চগব্য, জীৱনমৃত, বীজামৃত, আৰু মাল্চিঙৰ ব্যৱহাৰে মাটিৰ স্বাস্থ্য সুৰক্ষিত কৰে, ৰাসায়নিক পদাৰ্থৰ সংস্পৰ্শ হ্ৰাস কৰে, আৰু ইনপুট খৰচ কম কৰে। লগতে জলবায়ু পৰিৱৰ্তন আৰু বতৰৰ আৰ্হিৰ বিৰুদ্ধে স্থিতিস্থাপকতা গঢ়ি তোলে। সৰু মাটিৰ পৰাও পোৱা ফলাফলে আত্মবিশ্বাস গঢ়ি তুলিব পাৰে আৰু ব্যাপক গ্ৰহণৰ বাবে অনুপ্ৰাণিত কৰিব পাৰে। যেতিয়া পৰম্পৰাগত জ্ঞান, বৈজ্ঞানিক বৈধতা, আৰু প্ৰতিষ্ঠানিক সমৰ্থন একেলগে আহিব, তেতিয়া প্ৰাকৃতিক কৃষি সম্ভৱপৰ আৰু পৰিৱৰ্তনশীল হ’ব পাৰে।

মই আপোনালোক প্ৰাকৃতিক খেতিৰ কথা ভাবিবলৈ আহ্বান জনাইছো। আপুনি এই কাম কৰিব পাৰে FPOs ত যোগদান কৰি, যিবোৰ সামূহিক সবলীকৰণৰ বাবে শক্তিশালী মঞ্চত পৰিণত হৈছে। এই ক্ষেত্ৰত আপুনি ষ্টাৰ্টআপৰ ওপৰতো গৱেষণা কৰিব পাৰে।

কইম্বাটুৰত কৃষক, বিজ্ঞান, উদ্যোগীকৰণ, আৰু সামূহিক কাৰ্যৰ মাজত থকা সহযোগিতা সঁচাকৈয়ে প্ৰেৰণাদায়ক আছিল। মই নিশ্চিত যে আমি সকলোৱে মিলি আমাৰ কৃষি আৰু আনুষংগিক খণ্ডসমূহক উৎপাদনশীল আৰু বহনক্ষম কৰি যাম। যদি আপুনি প্ৰাকৃতিক কৃষিৰ ওপৰত কাম কৰা দলৰ বিষয়ে জানে তেন্তে মোক জনাব!