শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পাকিস্তানৰ পিছত ভাৰতৰ আন এক সীমান্তত বৃদ্ধি উত্তেজনা, তীক্ষ্ণ নজৰ নিৰাপত্তাৰক্ষীৰ

অৰুণাচল প্ৰদেশৰ লংডিং জিলাৰ পংচাউ চক্ৰত অচিনাকি কেডাৰৰ চলাচলৰ তথ্য লাভ কৰিছিল নিৰাপত্তাৰক্ষীয়ে । এই তথ্য লাভ কৰাৰ পিছতে সীমান্ত অঞ্চলত বৃহস্পতিবাৰৰ পৰা নিৰাপত্তাৰক্ষীয়ে টহল দিয়া আৰম্ভ কৰে ।

পাকিস্তানৰ পিছত ভাৰতৰ আন এক সীমান্তত বৃদ্ধি উত্তেজনা, তীক্ষ্ণ নজৰ নিৰাপত্তাৰক্ষীৰ
ভাৰতীয় সেনাৰ টহলৰ প্ৰতীকী ছবিImage Credit source: Anuwar Hazarika/NurPhoto via Getty Images
raj-saikia
Raj Saikia | Published: 06 Jun 2025 10:41 AM

শেহতীয়াকৈ ভাৰত-পাকিস্তান সীমান্তত দেখা গৈছিল তীব্ৰ উত্তেজনা । দুয়োপক্ষৰ পৰা হৈছিল আক্রমণ ৷ ভাৰত-পাক সীমান্তত উত্তেজনা শাম কাটিছে যদিও ভাৰতৰ আন এক সীমান্তত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছে । অৰুণাচলৰ ভাৰত-ম্যানমাৰ সীমান্তত বৃদ্ধি পাইছে উত্তেজনা । ভাৰতে ইয়াৰ উপযুক্ত প্ৰত্য়ুত্তৰ দিবলৈ অভিযান আৰম্ভ কৰিছে ।

আচলতে অৰুণাচল প্ৰদেশৰ লংডিং জিলাৰ পংচাউ চক্ৰত অচিনাকি কেডাৰৰ চলাচলৰ তথ্য লাভ কৰিছিল নিৰাপত্তাৰক্ষীয়ে । এই তথ্য লাভ কৰাৰ পিছতে সীমান্ত অঞ্চলত বৃহস্পতিবাৰৰ পৰা নিৰাপত্তাৰক্ষীয়ে টহল দিয়া আৰম্ভ কৰে ।

নিৰাপত্তা বাহিনীয়ে দিলে উপযুক্ত উত্তৰ

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ তথ্য অনুসৰি ঘন বনাঞ্চলৰ মাজেৰে পাৰ হৈ যাওঁতে নিৰাপত্তা বাহিনীয়ে অচিনাকি লোকৰ গতিবিধি দেখিবলৈ পায় । অঞ্চলটোত অচিনাকি লোকৰ কাৰ্যকলাপ দেখাৰ পিছত নিৰাপত্তা বাহিনীয়ে তেওঁলোকক প্ৰত্যাহ্বান জনায় । ইয়াৰ পিছতে নিৰাপত্তাৰক্ষীৰ সৈতেক লক্ষ্য কৰি প্ৰচণ্ড গুলীচালনা কৰে অচিনাকী কেডাৰে । এই গুলীচালনাৰ উপযুক্ত প্ৰত্যুত্তৰ দিয়ে নিৰাপত্তা বাহিনীয়ে ।

প্ৰচণ্ড গুলীবৰ্ষণৰ সময়ত অচিনাকি কেডাৰে আন্তঃৰাষ্ট্ৰীয় সীমান্ত পাৰ হৈ ম্যানমাৰৰ দিশে আগবাঢ়িছিল । নিৰাপত্তা বাহিনীয়ে অঞ্চলটোত তালাচী চলায় যদিও কেডাৰসকলে চাৰিওফালৰ ঘন অৰণ্যৰ সুযোগ লৈ সীমান্ত পাৰ হ’বলৈ সক্ষম হয় ।

মণিপুৰত ১০টা সন্ত্ৰাসবাদী নিহত

ইয়াৰ পূৰ্বে ১৪ মে’ত ম্যানমাৰৰ সীমান্তত থকা দক্ষিণ মণিপুৰৰ চাণ্ডেল জিলাত আছাম ৰাইফলছৰ সৈতে হোৱা এনকাউণ্টাৰত ১০টা সন্ত্ৰাসবাদী নিহত হৈছিল । ভাৰত-ম্যানমাৰ সীমান্তক লৈ নিৰাপত্তা বাহিনী সজাগ হৈ পৰিছে আৰু সকলো ধৰণৰ গতিবিধি নিৰীক্ষণ কৰা হৈছে ।

১৪ মে’ত সংঘটিত হোৱা এই এনকাউণ্টাৰৰ তথ্য দি প্ৰতিৰক্ষা মুখপাত্ৰই কয় যে চাণ্ডেল জিলাৰ ম্যানমাৰ সীমান্তৰ নিউ সমতল গাঁৱৰ সমীপত আছাম ৰাইফলছৰ এটা টহলদাৰী দলৰ ওপৰত সন্দেহযুক্ত কেডাৰে প্ৰচণ্ড গুলীচালনা কৰে । ইয়াৰ পিছত জোৱানসকলে প্ৰত্যুত্তৰ দি গুলীচালনা কৰাত ১০ টা সন্ত্ৰাসবাদী নিহত হয় ।

তেওঁ কয় যে প্ৰাৰম্ভিক তদন্তত দেখা গৈছে যে নিহত লোকসকল সীমা অতিক্ৰম কৰি বিদ্ৰোহীৰ কাৰ্যকলাপৰ সৈতে জড়িত বুলি জনা গৈছিল আৰু তেওঁলোকৰ পৰিচয় নিশ্চিত কৰাৰ প্ৰচেষ্টা চলি আছে ।

ভাৰত-ম্যানমাৰ সীমান্তত সষ্টম নিৰাপত্তা বাহিনী

মুখপাত্ৰগৰাকীয়ে কয় যে ভাৰত-ম্যানমাৰ সীমান্তৰ পৰিস্থিতি কঠোৰ নিৰীক্ষণত আছে আৰু নিৰাপত্তা বাহিনীয়ে সকলো গতি-বিধিৰ ওপৰত চকু ৰাখিছে । অঞ্চলটোত শান্তি আৰু স্থিতিশীলতা নিশ্চিত কৰাৰ বাবে অসামৰিক প্ৰশাসন আৰু চোৰাংচোৱা সংস্থাসমূহৰ সৈতে আলোচনা চলি আছে । উত্তৰ-পূবৰ চাৰিখন ৰাজ্য – অৰুণাচল প্ৰদেশ, মণিপুৰ, নাগালেণ্ড আৰু মিজোৰামে ম্যানমাৰৰ সৈতে সীমান্ত ভাগ কৰে ।