শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মণিপুৰত উপস্থিত হৈ প্ৰথমে ক্ষমা খুজিব লাগে প্ৰধানমন্ত্ৰী মোদীয়ে! বিজেপিকো এই আহ্বান জনালে গৌৰৱ গগৈয়ে…

শুকুৰবাৰে কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মণিপুৰ ভ্ৰমণ দুবছৰ পূৰ্বেই হ’ব লাগিছিল। অৱশ্যে তেতিয়া ভ্ৰমণ নকৰিলেও এতিয়া মোদীৰ এই ভ্ৰমণক ৰাজ্যখনত শান্তি ঘূৰাই অনাৰ এক দীঘলীয়া যাত্ৰাৰ আৰম্ভণি হিচাপে গণ্য কৰা উচিত বুলি তেওঁ লগতে মন্তব্য কৰে।

মণিপুৰত উপস্থিত হৈ প্ৰথমে ক্ষমা খুজিব লাগে প্ৰধানমন্ত্ৰী মোদীয়ে! বিজেপিকো এই আহ্বান জনালে গৌৰৱ গগৈয়ে…
গৌৰৱ গগৈImage Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 06 Sep 2025 08:45 AM

গোষ্ঠী সংঘৰ্ষৰ পৰিণতিত বিগত দুবছৰতকৈও অধিক সময় উত্তপ্ত হৈ আছে মণিপুৰ এই সময়ছোৱাত অগ্নিগৰ্ভৰ মণিপুৰত প্ৰাণ হেৰুৱাইছে শতাধিক লোকে সমান্তৰালকৈ অসংখ্য লোক হৈ পৰিছে গৃহহীন ৰাজ্যখনৰ এই কঠিন পৰিস্থিতিৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এবাৰো মণিপুৰ ভ্ৰমণ নকৰাক কেন্দ্ৰ কৰি কংগ্ৰেছৰ লগতে বিৰোধী ৰাজনৈতিক দলসমূহে তীক্ষ্ণ সমালোচনা কৰি আহিছে শেহতীয়াকৈ প্ৰকাশ পোৱা খবৰ অনুসৰি অৱশ্যে অহা ১৩ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰ ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে

প্ৰধানমন্ত্ৰী মোদীৰ আগন্তুক এই মণিপুৰ ভ্ৰমণৰ খবৰ প্ৰকাশ পোৱাৰ পিছতে পুনৰ এবাৰ সৰৱ হৈ পৰিছে কংগ্ৰেছ অসম কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে মণিপুৰ ভ্ৰমণৰ প্ৰসঙ্গত প্ৰধানমন্ত্ৰী মোদীক সমালোচনাৰ লক্ষ্য কৰি লৈছে গৌৰৱ গগৈৰ মতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুবছৰ পূৰ্বেই মণিপুৰ ভ্ৰমণ কৰিব লাগিছিল

শুকুৰবাৰে কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মণিপুৰ ভ্ৰমণ দুবছৰ পূৰ্বেই হ’ব লাগিছিল অৱশ্যে তেতিয়া ভ্ৰমণ নকৰিলেও এতিয়া মোদীৰ এই ভ্ৰমণক ৰাজ্যখনত শান্তি ঘূৰাই অনাৰ এক দীঘলীয়া যাত্ৰাৰ আৰম্ভণি হিচাপে গণ্য কৰা উচিত বুলি তেওঁ লগতে মন্তব্য কৰে।

তেওঁ লগতে মণিপুৰত এতিয়াও কোনো নিৰ্বাচিত চৰকাৰ নাই বুলি আঙুলিয়াই দি ৰাজ্যখনৰ পৰিস্থিতি এতিয়াও স্বাভাৱিক হৈ পৰা বুলিব নোৱাৰি বুলিও উল্লেখ কৰে। গৌৰৱ গগৈয়ে কয়, প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণ মণিপুৰত শান্তি, ন্যায়, মিলন আৰু গণতন্ত্ৰ ঘূৰাই অনাৰ এক দীঘলীয়া যাত্ৰাৰ আৰম্ভণিহে মাথোন

কংগ্ৰেছ নেতাগৰাকীয়ে লগতে কয় যে যেতিয়ালৈকে মণিপুৰৰ জনসাধাৰণৰ মাজৰ সম্পৰ্ক উন্নত নহয় আৰু তেওঁলোকৰ আকাংক্ষা পূৰণ নহয়, তেতিয়ালৈকে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ যে চূড়ান্ত পদক্ষেপ নহয় বৰঞ্চ অতি পলমকৈহে আৰম্ভ হৈছেসেয়া বিজেপিয়ে বুজিব বুলি আশা কৰা হৈছে

গৌৰৱ গগৈয়ে লগতে এই ভ্ৰমণ দুবছৰ পূৰ্বেই হ’ব লাগিছিল আৰু এতিয়াও বহু পদক্ষেপ বাকী আছে বুলিও মন্তব্য কৰে। তেওঁৰ মতে, “যিদৰে ন্যায় পলম হোৱা মানে ন্যায় অস্বীকাৰ কৰা বুলি কোৱা হয়, সেইদৰে মণিপুৰৰ জনসাধাৰণ দীৰ্ঘদিন ধৰি প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পৰা বঞ্চিত হৈ আছে।প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰথমে মণিপুৰৰ ৰাইজৰ ওচৰত যোৱা দুবছৰ ধৰি ৰাজ্যখনলৈ নহাৰ বাবে বুলি ক্ষমা খুজিব বুলিও তেওঁ আশা প্ৰকাশ কৰে।