কিয় দৈনিক নৰিসংহ পাত খাব লাগে?

5  September 2025

TV9 ASSAM

নৰিসংহ পাতত স্বাস্থ্যৰ বহু উপকাৰী গুণ আছে। কেলচিয়াম, ফছফৰাছ, আইৰণ, ভিটামিন এ, ভিটামিন বি, ভিটামিন চি, ভিটামিন ই আদি বিভিন্ন উপকাৰী উপাদান আছে নৰসিংহ পাতত।

 উপকাৰী গুণ

নৰিসংহ পাত শৰীৰৰ বিভিন্ন ৰোগ যেনে পেটৰ বিষ, পাচনতন্ত্ৰৰ সমস্যা আদি দূৰ কৰাত অধিক উপকাৰী । প্ৰতিদিনে নৰিসংহ পাত খোৱাৰ উপকাৰিতা জানেনে?

উপকাৰিতা জানক

নৰিসংহ পাত নিয়মীয়াকৈ খালে তেজৰ ‘বেয়া’ কলেষ্টেৰল আৰু ট্ৰাইগ্লিচাৰাইডৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে বুলি কোৱা হয়। অৱশ্যে এই কথা নিশ্চিত কৰিবলৈ অধিক গৱেষণাৰ প্ৰয়োজন।

কলেষ্টেৰল

নৰিসংহ পাত তিয়াই থোৱা পানীয়ে শৰীৰত জমা হোৱা বিষাক্ত পদাৰ্থ প্ৰাকৃতিকভাৱে আঁতৰোৱাত সহায় কৰে। ই পেট, ছাল আৰু চুলিৰ পৰা আৰম্ভ কৰি সকলো সমস্যা নিৰাময় কৰাত সহায় কৰে ।

বিষাক্ত পদাৰ্থ আঁতৰ

পাচনতন্ত্ৰৰ সমস্যা দূৰ কৰিবলৈ নৰসিংহ পাত তিয়াই থোৱা পানী খাব পাৰে । নৰসিংহ পাতে কোষ্ঠকাঠিন্য সমস্যা নিৰাময়ত সহায় কৰে।

কোষ্ঠকাঠিন্য

নৰসিংহ পাতত কাৰ্বাজ’ল আৰু এলকেল’ইড থাকে। যিয়ে বিশেষকৈ শৰীৰৰ পৰা অতিৰিক্ত চৰ্বি বাহিৰ কৰাৰ কাম কৰে। 

 অতিৰিক্ত চৰ্বি হ্ৰাস

নৰসিংহ পাত তেজত চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণত বিশেষভাৱে ফলপ্ৰসূ। এই পাতত থকা বিভিন্ন যৌগসমূহেও ডায়েবেটিছৰ ফলত হোৱা বৃক্কৰ ক্ষতি ৰোধ কৰিব পাৰে বুলি কোৱা হয়।

চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ

পঢ়িবলৈ ক্লিক কৰক

এই ৪টা গুণে মানুহক সন্মানীয় আৰু সফল হোৱাত সহায় কৰে