TV9 ASSAM
দেহক সুস্থ-সবল আৰু নিৰোগী কৰি ৰাখিবলৈ দৈনিক পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে। অন্যথা আপুনি ডিহাইড্ৰেচনৰ সন্মুখীন হ’ব পাৰে।
পুৱা পানী খোৱাৰ অভ্যাস দেহৰ বাবে অতি উপকাৰী বুলি কোৱা হয়। এই কথা মানিয়ে অধিকাংশ লোকে পুৱা পানী খোৱাৰ অভ্যাস গঢ়ি তোলে।
পুৱা খালীপেটত পানী খালে হজম শক্তি উন্নত হোৱাৰ লগতে বৃক্ক আৰু পাথৰৰ সমস্যা দূৰ হয় বুলি কোৱা হয়। লগতে ৰোগ প্ৰতিৰোধ ক্ষমতাও উন্নত হয়।
পিছে খালী পেটত কিমান পানী খোৱা উচিত এই বিষয়ে বহু লোকেই নাজানে। বিশেষজ্ঞৰ মতে, খালী পেটত কমেও ২ৰ পৰা ৩ গিলাচ পানী খাব লাগে।
স্বাভাৱিকতেই একেদিনাই এই অভ্যাস গঢ়ি তোলা সম্ভৱ নহয়। সেয়ে প্ৰথমে এক গিলাচৰ পৰা আৰম্ভ কৰি পিছলৈ লাহে লাহে পৰিমাণ বঢ়াব পাৰে।
ঠাণ্ডা পানীতকৈ পুৱা খালী পেটত কুহুমীয়া পানী খোৱা অধিক স্বাস্থ্যকৰ অভ্যাস বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে।
পঢ়িবলৈ ক্লিক কৰক
নিতে কেঁচা পিঁয়াজ খালে হয় এনে উপকাৰ