চৰকাৰেই নহয়, ফ্লিপকাৰ্ট-আমাজনেও আগবঢ়াব পূজাৰ উপহাৰঃ এই দিনটোৰ পৰাই উঠাব পাৰিব ৰেহাইৰ সুবিধা
জি এছ টি সংস্কাৰৰ পিছত অহা ২২ ছেপ্টেম্বৰৰ বহু সামগ্ৰীৰ দাম হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। এতিয়া ফ্লিপকাৰ্ট-আমাজনৰ উপহাৰ স্বাভাৱিকতেই এইক্ষেত্ৰত হৈ পৰিছে সোণত সুৱগা চৰা।

চলিত মাহৰ শেষলৈ দুৰ্গা পূজাৰ আনন্দ উদযাপন কৰিব দেশবাসীয়ে। ইতিমধ্যে এই উৎসৱৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে দেশবাসীলৈ আগবঢ়াইছে উপহাৰ। জি এছ টিৰ সংস্কাৰৰ ফলত এতিয়া বহু সামগ্ৰীৰ ওপৰত কৰৰ ৰেহাই লাভ কৰিব সাধাৰণ জনতাই। চৰকাৰৰ পিছত এইবাৰ ই-কমাৰ্চ প্লেটফৰ্ম ফ্লিপকাৰ্ট আৰু আমাজনে আনিছে উপহাৰৰ মেলা। পূজাৰ বতৰত ই-কমাৰ্চ প্লেটফৰ্ম দুটাৰ জৰিয়তে কম মূল্যতে পছন্দৰ সামগ্ৰী ক্ৰয়ৰ সুযোগ লাভ কৰিব গ্ৰাহকে।
ইতিমধ্যেই আমাজন আৰু ফ্লিপকাৰ্টে উৎসৱৰ বতৰত এই বহু প্ৰত্যাশিত বিশেষ বিক্ৰীৰ তাৰিখ ঘোষণা কৰিছে। গ্ৰাহকসকলে এতিয়া কম মূল্যতে মোবাইল ফোনৰ পৰা আৰম্ভ কৰি এচি, টিভি, ফ্ৰীজ আৰু বিভিন্ন ঘৰুৱা সা-সঁজুলি ক্ৰয় কৰিব পাৰিব। জি এছ টি সংস্কাৰৰ পিছত অহা ২২ ছেপ্টেম্বৰৰ বহু সামগ্ৰীৰ দাম হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। এতিয়া ফ্লিপকাৰ্ট-আমাজনৰ উপহাৰ স্বাভাৱিকতেই এইক্ষেত্ৰত হৈ পৰিছে সোণত সুৱগা চৰা।
আমাজন গ্ৰেট ইণ্ডিয়ান ফেষ্টিভেলঃ অহা ২৩ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব আমাজনৰ বিশেষ বিক্ৰী। অৱশ্যে প্ৰাইম সদস্যসকলে এই অফাৰৰ সুবিধা এদিন আগতেই এই সুবিধা আগতে লাভ কৰিব। এই বিক্ৰীৰ সময়ত চেমচাং, ৰিয়েলমি, এপ’ল, ডেল, আছুছকে ধৰি শীৰ্ষ ব্ৰেণ্ডৰ ফোন, লেপটপ, টেবলেট আৰু অন্যান্য ইলেক্ট্ৰনিকছত বিশেষ ৰেহাই দিয়া হ’ব।
ইতিমধ্যে আমাজনে কিছু অফাৰ ঘোষণা কৰিছে। উদাহৰণস্বৰূপে, স্মাৰ্টফোনত ৪০ শতাংশ পৰ্যন্ত ৰেহাই লাভ কৰিব গ্ৰাহকে। বিশেষকৈ এপল, iQOO আৰু OnePlus-ৰ দৰে ব্ৰেণ্ডত বৃহৎ ৰেহাই লাভ কৰিব গ্ৰাহকসকলে। তদুপৰি এছ বি আই কাৰ্ডেৰে ধন পৰিশোধ কৰিলে অতিৰিক্ত ১০ শতাংশ ৰেহাই দিয়া হ’ব। ইয়াৰ উপৰিও বিনামূলীয়া EMI আৰু এক্সেঞ্জ অফাৰো থাকিব।
ফ্লিপকাৰ্ট বিগ বিলিয়ন ডেঃ অহা ২৩ ছেপ্টেম্বৰৰ পৰাই ফ্লিপকাৰ্টৰ বিগ বিলিয়ন ডে’জ চেল আৰম্ভ হ’ব। এই বিশেষ বিক্ৰীৰ সময়ত এপ’ল, চেমচাং, মটৰ’লা আৰু ভিভ’কে ধৰি বিখ্যাত ব্ৰেণ্ডৰ ফোনত যথেষ্ট ৰেহাই পোৱা যাব। আমাজনৰ দৰেই ফ্লিপকাৰ্টত এই বৃহৎ বিক্ৰীৰ সময়ত স্মাৰ্টফোন, টেবলেট, লেপটপ, ইয়াৰবাড, আনুষংগিক ইলেক্ট্ৰনিক তথা সামগ্ৰী ঘৰুৱা সঁজুলিৰ ক্ষেত্ৰত বৃহৎ ৰেহাই দিয়া হ’ব।