শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
অধিক দামী হ'ব IPL ৰ টিকট! ১০০০ টকাৰ সলনি ভৰিব লাগিব ১৪০০ টকা...

অধিক দামী হ’ব IPL ৰ টিকট! ১০০০ টকাৰ সলনি ভৰিব লাগিব ১৪০০ টকা…

barasha-sarma
Barasha Sarma | Published: 05 Sep 2025 21:45 PM

আই পি এলত ৪০ শতাংশ জি এছ টি আৰোপ কৰিছে কেন্দ্ৰই। ইয়াৰ পাছতে এতিয়া দাম বৃদ্ধি হ'ব আই পি এল মেচৰ টিকটৰ। পূৰ্বতকৈ অধিক মূল্য ভৰিব লাগিব অনুৰাগীয়ে।

আই পি এল প্ৰেমীৰ বাবে দুখবৰ। যদি আপুনি আই পি এলৰ খেল উপভোগ কৰি ভাল পাই বা অনুৰাগী তেন্তে এই খবৰ আপোনাৰ বাবে হ’ব পাৰে বেয়া। কিয়নো শেহতীয়াকৈ চৰকাৰে আই পি এলৰ টিকটৰ ক্ষেত্ৰত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যাৰ পাছতে এতিয়া আপুনি আই পি এলৰ খেল উপভোগ কৰিবলৈ অধিক ধন খৰচ কৰিব লাগিব। আগন্তুক সময়ত অধিক দামী হ’ব আই পি এলৰ টিকট।

শেহতীয়াকৈ অনুষ্ঠিত হোৱা জি এছ টি পৰিষদৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰে কেন্দ্ৰই। তথ্য অনুসৰি আই পি এলৰ টিকটত এতিয়ালৈকে আছিল ২৮ শতাংশ জি এছ টি। কিন্তু এতিয়া ইয়াৰ পৰিমাণ ৪০ শতাংশলৈ বৃদ্ধি কৰা হৈছে। অৰ্থাৎ যদি আই পি এল টিকটৰ প্ৰাৰম্ভিক মূল্য ১০০০ টকা হয় তেন্তে এতিয়াৰ জি এছ টিৰ হিচাপত আপুনি দিব লাগিব ১২০০ টকা। কিন্তু নতুনকৈ ঘোষণা কৰা জি এছ টি অনুসৰি ইয়াৰ মূল্য হ’ব ১৪০০ টকা।