মনত আছেনে ৰাজা ৰঘূবংশী-সোণম কাণ্ড? আৰক্ষীয়ে দাখিল কৰিলে চাৰ্জশ্বীট, কি শাস্তি হ’ব স্বামীহন্তা সোণমৰ!
হানিমুনৰ বাবে মণিপুৰ ভ্ৰমণৰ সময়তে হত্যাৰ বলি হৈছিল দুৰ্ভগীয়া ৰাজা ৰঘুবংশী। লক্ষণীয়ভাৱে চলিত বৰ্ষৰ ১১ মে’ত সোণমৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল ৰাজা।

বিগত কিছুদিন পূৰ্বে মেঘালয়ত সংঘটিত এক চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰি গৈছিল সমগ্ৰ দেশ। পত্নীৰ সৈতে আমোদৰ বাবে মেঘালয় ভ্ৰমণ কৰাৰ সময়তে প্ৰাণ হেৰুৱাইছিল মধ্য প্ৰদেশৰ এগৰাকী যুৱকে। নিজ পত্নীৰ ষড়যন্ত্ৰৰ পৰিণতিত মৃত্যু ঘটিছিল ইন্দোৰৰ ব্যৱসায়ী ৰাজা ৰঘুবংশীৰ। এই হত্যাকাণ্ডৰ তদন্ত কৰি আদালতত অভিযোগনামা দাখিল কৰিছে মেঘালয় আৰক্ষীৰ এছ আই টিয়ে। শুকুৰবাৰে সন্ধিয়া আৰক্ষীয়ে সোহৰা মহকুমাৰ ন্যায়িক দণ্ডাধীশৰ আদালতত দাখিল কৰে ৭৯০ পৃষ্ঠাৰ অভিযোগনামা।
এই গোচৰত এতিয়ালৈকে ৰাজা ৰঘুবংশীৰ পত্নী সোণম ৰঘুবংশী, তেওঁৰ প্ৰেমিক ৰাজ কুশৱাহা আৰু তেওঁলোকৰ সহযোগী আকাশ ৰাজপুত, আনন্দ কুৰ্মি আৰু বিশাল সিং চৌহানক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। বৰ্তমান ধৃত আটাইকেইজন লোকেই ন্যায়িক জিম্মাত আছে। আৰক্ষীৰ মতে, সোণম আৰু ৰাজে মিলি ৰাজাক হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচে আৰু আন তিনি অভিযুক্তই এই হত্যাকাণ্ড সম্পন্ন কৰে।
এই আটাইকেইজনৰ বিৰুদ্ধে হত্যা (ধাৰা ১০৩ (১) বিএনএছ), প্ৰমাণ ধ্বংস (ধাৰা ২৩৮ (ক) বিএনএছ) আৰু অপৰাধমূলক ষড়যন্ত্ৰ (ধাৰা ৬১(২) বিএনএছ)ৰ অভিযোগ উত্থাপন কৰা হৈছে। ইষ্ট খাছি হিলছৰ আৰক্ষী অধীক্ষক বিবেক ছিয়েমে কয় যে অতিৰিক্ত ফৰেনছিক ৰিপ’ৰ্ট পোৱাৰ লগে লগে এই গোচৰৰ আৰু তিনিজন সহ-অভিযুক্তৰ বিৰুদ্ধে পৰিপূৰক অভিযোগনামা দাখিল কৰা হ’ব।
ৰাজা ৰঘূবংশী হত্যাকাণ্ডৰ এই তিনি সহ-অভিযুক্ত হৈছে ব্যৱসায়ী চাইল’ম জেমছ, লোকেন্দ্ৰ টোমাৰ (হত্যাৰ পিছত সোণম লুকাই থকা অট্টালিকাৰ মালিক), আৰু বলবীৰ আহিৰৱাৰ (নিৰাপত্তাৰক্ষী)। ইতিপূৰ্বে এই তিনিওগৰাকী সহ-অভিযুক্তকে প্ৰমাণ ধ্বংস কৰা আৰু অভিযুক্তক লুকুৱাই ৰখাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল যদিও বৰ্তমান জামিনত বাহিৰত আছে।
উল্লেখ্য যে এই হাই-প্ৰফাইল হত্যাকাণ্ডৰ গোচৰে সমগ্ৰ দেশতে শিৰোনাম দখল কৰিছিল। হানিমুনৰ বাবে মণিপুৰ ভ্ৰমণৰ সময়তে হত্যাৰ বলি হৈছিল দুৰ্ভগীয়া ৰাজা ৰঘুবংশী। লক্ষণীয়ভাৱে চলিত বৰ্ষৰ ১১ মে’ত সোণমৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল ৰাজা। বিবাহৰ পিছত ২০ মে’ত হানিমুনৰ বাবে দুয়ো মেঘালয়ত উপস্থিত গৈছিল। কিন্তু তিনি দিন পিছতে দুয়োৰে নিৰুদ্দেশৰ খবৰ পোহৰলৈ আহিছিল।
ইয়াৰ পিছতে ২ জুনত ৰাজাৰ প্ৰায় ছিন্ন-ভিন্ন মৃতদেহ উদ্ধাৰ হয়। মৃতদেহ উদ্ধাৰৰ পিছতে আৰক্ষীৰ তদন্তত ৰাজাৰ পত্নী সোণম ৰঘুবংশীৰ ষড়যন্ত্ৰৰ তথ্য পোহৰলৈ আহে আৰু তাৎক্ষণিকভাৱে অভিযান আৰম্ভ কৰি অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰে। এতিয়া আৰক্ষীয়ে অভিযোগনামা দাখিল কৰাৰ পিছত এতিয়া আদালতত শুনানিৰ প্ৰক্ৰিয়া ক্ষিপ্ৰ হ’ব বুলি আশা কৰা হৈছে।