শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ফোন চাৰ্জ কৰাৰ পিছতে বৰ্ডতে লগাই থয় চাৰ্জাৰ! অজানিতে মাতি আনিছে এনে বিপদ…

মোবাইলৰ চাৰ্জাৰ ব’ৰ্ডত লগাই থোৱাৰ ফলত হ’ব পৰা ক্ষতিৰ বিষয়ে জানিলে হয়তো আপুনি আচৰিত হ’ব। বিশেষজ্ঞসকলে কয় যে এই অভ্যাসৰ বাবে বিদ্যুৎ অপচয় হৈ থাকে। লগতে এনে কৰাৰ ফলত মোবাইল চাৰ্জাৰৰো ক্ষতি হ’ব পাৰে।

ফোন চাৰ্জ কৰাৰ পিছতে বৰ্ডতে লগাই থয় চাৰ্জাৰ! অজানিতে মাতি আনিছে এনে বিপদ…
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: Unsplash
monjit-dutta
Monjit Dutta | Published: 06 Sep 2025 12:22 PM

বৰ্তমান সময়ত হাতত ফোনটো নাথাকিলেই নহয়। পিছে ফোনটো ব্যৱহাৰ কৰিবলৈ চাৰ্জ থকাটোও অত্যন্ত প্ৰয়োজনীয়। সেয়ে মোবাইলৰ বেটেৰী কম হোৱাৰ লগে লগে চাৰ্জাৰত লগোৱা দৰকাৰ। কিন্তু বহুসময়ত দেখা যায়, কিছু লোকে মোবাইল চাৰ্জ কৰাৰ পিছত ফোনটো আঁতৰাই দিয়ে যদিও চাৰ্জাৰ ব’ৰ্ডতে লগাই থয়। এইসময়ত বৰ্ডৰ চুইছ বন্ধ কৰাটোও প্ৰয়োজনীয় বুলি নাভাবে একাংশ লোকে। হয়তো ইয়াৰ ফলত কোনো সমস্যা নহয় বুলি ভাৱে এই লোকসকলে।

কিন্তু ইয়াৰ ফলত হ’ব পৰা ক্ষতি সন্দৰ্ভত বিশেষজ্ঞসকলে প্ৰায়ে সকীয়াই দিয়ে। মোবাইলৰ চাৰ্জাৰ ব’ৰ্ডত লগাই থোৱাৰ ফলত হ’ব পৰা ক্ষতিৰ বিষয়ে জানিলে হয়তো আপুনি আচৰিত হ’ব। বিশেষজ্ঞসকলে কয় যে এই অভ্যাসৰ বাবে বিদ্যুৎ অপচয় হৈ থাকে। লগতে এনে কৰাৰ ফলত মোবাইল চাৰ্জাৰৰো ক্ষতি হ’ব পাৰে।

এই সময়ত মোবাইলটো চাৰ্জাৰত লগাই নথ’লেও চাৰ্জাৰডালে বিদ্যুৎ টানে। কাৰণ চাৰ্জাৰত থকা ট্ৰেন্সফৰ্মাৰ আৰু চাৰ্কিট সদায় চাৰ্জ কৰিবলৈ সাজু থাকে। বিদ্যুতৰ এই অপচয়ক ‘ভেম্পায়াৰ পাৱাৰ’ বুলিও কোৱা হয়। এই ভেম্পায়াৰ শক্তিক ফেণ্টম লোড বুলিও কোৱা হয়।

এডাল চাৰ্জাৰে ০.১ৰ পৰা ০.৫ ৱাট শক্তি খৰচ কৰিব পাৰে যদিও টিভি, চাৰ্জাৰ আৰু কম্পিউটাৰৰ দৰে একাধিক গেজেটৰ চাৰ্জাৰ ব’ৰ্ডত লগাই থ’লে বিদ্যুতৰ বিল যথেষ্ট বৃদ্ধি পাব পাৰে। বিদ্যুৎ অপচয় কৰিলে আপোনাৰ মাহিলী বিদ্যুতৰ বিলত কিছু অধিক ধনৰ সংযোগ ঘটিব পাৰে। লগতে থাকে জুই লগাৰ শংকাও।

বৰ্ডৰ পৰা মোবাইলৰ চাৰ্জাৰ খুলি ৰাখিলে বহু দিশৰ পৰা পৰিত্ৰাণ পাব পাৰে। চাওক এইবিষয়ে-

বিল কমঃ ব’ৰ্ডৰ পৰা চাৰ্জাৰ আঁতৰাই ৰাখিলে বিদ্যুতৰ বিল ৰাহি কৰিব পাৰিব।

সুৰক্ষাঃ চাৰ্জাৰ ব’ৰ্ডত লগাই থ’লে অতিমাত্ৰা গৰম হ’ব পাৰে আৰু জুই লাগিব পাৰে।

চাৰ্জাৰ ভালে থাকিবঃ চাৰ্জাৰডাল অহৰহ বিদ্যুতৰ সংস্পৰ্শত থাকিলে, বিশেষকৈ ভল্টেজৰ উঠা-নমা হ’লে জুইৰ সৃষ্টি হ’ব পাৰে।