শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ট্ৰাম্পৰ নিমন্ত্ৰণ নাকচ কৰি জগন্নাথ মহাপ্ৰভূৰ দেশত প্ৰধানমন্ত্ৰী মোদী, নক্সালবাদ নিঃশেষৰ অংগীকাৰ

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "মাত্ৰ দুদিন পূৰ্বে মই জি-৭ শীৰ্ষ সন্মিলনৰ বাবে কানাডাত আছিলো। সেই সময়ছোৱাত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে মোক ফোন কৰি নিমন্ত্ৰণ জনাইছিল। মই আমেৰিকাৰ ৰাষ্ট্ৰপতিক ক’লোঁ, নিমন্ত্ৰণৰ বাবে ধন্যবাদ, কিন্তু মোৰ বাবে প্ৰভুৰ দেশলৈ যোৱাটো গুৰুত্বপূৰ্ণ। গতিকে তেওঁৰ নিমন্ত্ৰণক মই বিনয়েৰে নাকচ কৰিলোঁ। আপোনালোকৰ প্ৰেমে মোক প্ৰভুৰ দেশলৈ টানি আনিছে।"

ট্ৰাম্পৰ নিমন্ত্ৰণ নাকচ কৰি জগন্নাথ মহাপ্ৰভূৰ দেশত প্ৰধানমন্ত্ৰী মোদী, নক্সালবাদ নিঃশেষৰ অংগীকাৰ
ওড়িশাত প্ৰধানমন্ত্ৰীImage Credit source: PTI
raj-saikia
Raj Saikia | Published: 20 Jun 2025 19:11 PM

ওড়িশাৰ ৰাজধানী ভুৱনেশ্বৰত শুকুৰবাৰে উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। তেওঁ ওড়িশা চৰকাৰৰ এবছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে আয়োজন কৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ইয়াৰ মাজতে এখন ৰাজহুৱা সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে এটা ডাঙৰ কথা কয়। মহাপ্ৰভু জগন্নাথৰ ভূমিলৈ আহিবলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নিমন্ত্ৰণ নাকচ কৰা বুলি প্ৰধানমন্ত্ৰীয়ে কয়।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “মাত্ৰ দুদিন পূৰ্বে মই জি-৭ শীৰ্ষ সন্মিলনৰ বাবে কানাডাত আছিলো। সেই সময়ছোৱাত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে মোক ফোন কৰি নিমন্ত্ৰণ জনাইছিল। মই আমেৰিকাৰ ৰাষ্ট্ৰপতিক ক’লোঁ, নিমন্ত্ৰণৰ বাবে ধন্যবাদ, কিন্তু মোৰ বাবে প্ৰভুৰ দেশলৈ যোৱাটো গুৰুত্বপূৰ্ণ। গতিকে তেওঁৰ নিমন্ত্ৰণক মই বিনয়েৰে নাকচ কৰিলোঁ। আপোনালোকৰ প্ৰেমে মোক প্ৰভুৰ দেশলৈ টানি আনিছে।”

‘২০১৪ চনৰ আগতে ১০০ খনতকৈও অধিক জিলা নক্সাল হিংসাৰ কবলত পৰিছিল’

প্ৰধানমন্ত্ৰীয়ে কয় যে দীৰ্ঘদিন ধৰি ওড়িশাৰ লাখ লাখ দৰিদ্ৰ পৰিয়াল আয়ুষ্মান যোজনাৰ পৰা বঞ্চিত হৈ আছিল। আজি ইয়াত কেন্দ্ৰীয় চৰকাৰৰ আয়ুষ্মান ভাৰত জন আৰোগ্য যোজনা আৰু ৰাজ্য চৰকাৰৰ গোপাবন্ধু জন আৰোগ্য যোজনা দুয়োটা চলি আছে। যাৰ বাবে ইয়াৰ প্ৰায় ৩ কোটি লোকে বিনামূলীয়া চিকিৎসাৰ সুবিধা লাভ কৰাটো নিশ্চিত হৈছে। ২০১৪ চনৰ পূৰ্বে দেশৰ ১২৫ খনতকৈও অধিক জনজাতীয় জিলা নক্সাল হিংসাৰ কবলত পৰিছিল। বিগত বছৰবোৰত বিজেপি চৰকাৰে জনজাতীয় সমাজখনক হিংসাৰ পৰা আঁতৰাই আনি উন্নয়নৰ নতুন পথত আগুৱাই নিয়াৰ কাম কৰি আহিছে।

দুৰ্ভাগ্যজনকভাৱে জনজাতীয় সমাজখন আগতে অৱহেলিত আছিল: মোদী

প্ৰধানমন্ত্ৰীয়ে কয় যে ওড়িশাত বৃহৎ সংখ্যক জনজাতীয় সমাজে বাস কৰে, কিন্তু দুৰ্ভাগ্যজনকভাৱে পূৰ্বতে তেওঁলোক কেৱল অৱহেলিত আছিল। দীৰ্ঘদিন দেশত শাসন কৰা দলটোৱে জনজাতীয় লোকসকলক নিজৰ ৰাজনীতিৰ বাবে ব্যৱহাৰ কৰিছিল। তেওঁলোকে জনজাতীয় সমাজখনক উন্নয়ন বা অংশগ্ৰহণো কৰিবলৈ নিদিলে। এই লোকসকলে দেশৰ এক বৃহৎ অংশক নক্সালবাদ, হিংসা আৰু অত্যাচাৰৰ গৰাহলৈ ঠেলি দিছিল।

নক্সালবাদৰ অন্ত পৰিব, আৰু এয়াই মোদীৰ নিশ্চয়তা!

প্ৰধানমন্ত্ৰীয়ে কয় যে বিজেপি চৰকাৰে হিংসাৰ লগত জড়িতসকলৰ বিৰুদ্ধে সুনিৰ্দিষ্ট আৰু নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণ কৰি জনজাতীয় অঞ্চলৰ উন্নয়নক অগ্ৰাধিকাৰ দিছে। ফলত নক্সালবাদী হিংসা এতিয়া মাত্ৰ ২০খন জিলাতে সীমাবদ্ধ হৈ পৰিছে। এই বিষয়টোৰ সৈতে মোকাবিলা কৰিবলৈ বৰ্তমান যি গতিৰ প্ৰচেষ্টা চলাইছে, তাৰ লগে লগে জনজাতীয় সমাজ নক্সালবাদৰ কবলৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হোৱাৰ পথত আগবাঢ়িছে। দেশৰ পৰাই নক্সালবাদৰ অন্ত পৰিব আৰু এয়া মোদীৰ নিশ্চয়তা।