শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
২৪ জুনৰ ভিতৰত আত্মসমৰ্পণৰ নিৰ্দেশ শ্বেইখ হাছিনাক

২৪ জুনৰ ভিতৰত আত্মসমৰ্পণৰ নিৰ্দেশ শ্বেইখ হাছিনাক

raj-saikia
Raj Saikia | Published: 20 Jun 2025 17:07 PM

আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণত হাজিৰ হ’বলৈ হাছিনাক দিয়া হৈছে নিৰ্দেশ। এই গোচৰৰ শুনানি অনুষ্ঠিত হ’ব ২৪ জুনত। এই সময়ৰ ভিতৰত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা আৰু প্ৰাক্তন গৃহমন্ত্ৰী আছাদুজ্জামান খানক।

বাংলাদেশত ক্ৰমাৎ বিপদ বৃদ্ধি পাইছে শ্বেখ হাছিনাৰ। প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক শাস্তি দিবলৈ বদ্ধপৰিকৰ বাংলাদেশৰ ইউনুছৰ চৰকাৰ। এইবাৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণত হাজিৰ হ’বলৈ হাছিনাক দিয়া হৈছে নিৰ্দেশ। এই গোচৰৰ শুনানি অনুষ্ঠিত হ’ব ২৪ জুনত। এই সময়ৰ ভিতৰত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা আৰু প্ৰাক্তন গৃহমন্ত্ৰী আছাদুজ্জামান খানক। এই সন্দৰ্ভত সংবাদ মাধ্যমতো এটা অধিসূচনা দিয়া হৈছে। আনহাতে, হাছিনাৰ বিৰুদ্ধে আদালতক অৱমাননাৰ গোচৰো ৰুজু হৈছে।

আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণত শ্বেখ হাছিনাৰ বিৰুদ্ধে এক গোচৰ চলি আছে। যোৱা বছৰৰ জুলাই মাহত গণ বিদ্ৰোহৰ সময়ত সাধাৰণ নাগৰিকক গুলীয়াই হত্যা কৰাৰ মূল ষড়যন্ত্ৰকাৰী হিচাপে শ্বেখ হাছিনাৰ বিৰুদ্ধে অপৰাধৰ অভিযোগ উত্থাপন। প্ৰাক্তন গৃহমন্ত্ৰী আছাদুজ্জামান খান আৰু তেতিয়াৰ আৰক্ষী মহাপৰিদৰ্শক চৌধুৰী আব্দুল্লা আল-মামুনৰ নামো উল্লেখ কৰা হৈছে। ইয়াৰ ভিতৰত মামুনক গ্ৰেপ্তাৰ কৰা হৈছে। আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণতো তেওঁক হাজিৰ কৰোৱা হৈছে। এইবাৰ হাছিনাক হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে। এই গোচৰত নিযুক্তি দিয়া হৈছে এমিকাছ কিউৰি।

এই নিৰ্দেশ যোৱা সোমবাৰে আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে জাৰি কৰিছিল। গোচৰৰ শুনানিৰ সময়ত আৰক্ষীয়ে কয় যে শ্বেখ হাছিনাই দেশ এৰি পলায়ন কৰিছে। ভাৰতত আশ্ৰয় লৈছে তেওঁ। হাছিনাৰ ঘৰৰ পৰা কেইবাটাও সম্ভাৱ্য স্থানত তালাচী চলোৱা হৈছে। অৱশ্যে তেওঁক বিচাৰি পোৱা নগ’ল।

আনহাতে, আছাদুজ্জামান খানো পলাতক হৈ আছে। তেওঁ কোনো গোপন স্থানত আছে। সেয়ে তেওঁকো গ্ৰেপ্তাৰ কৰা সম্ভৱ হোৱা নাই। আদালতৰ বিচাৰ বিভাগে জনাইছে যে যদিহে হাছিনা আৰু আছাদুজ্জামান ৭ দিনৰ ভিতৰত হাজিৰ নহয় তেন্তে তেওঁলোকৰ অনুপস্থিতিতেই বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব।