শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
Tata Consultancy Services: বহি বহি দৰমহা খাব নোৱাৰিব কৰ্মচাৰীয়ে ! TCS ৰ ডাঙৰ সিদ্ধান্ত...

Tata Consultancy Services: বহি বহি দৰমহা খাব নোৱাৰিব কৰ্মচাৰীয়ে ! TCS ৰ ডাঙৰ সিদ্ধান্ত…

manas-borah
Manas Borah | Published: 20 Jun 2025 20:47 PM

কোম্পানীটোৰ প’লিচি পৰিৱৰ্তনে প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰিছে কৰ্মচাৰীসকলক । কোৱা হৈছে, নিদিষ্ট সময়ৰ ভিতৰত কৰ্মচাৰীয়ে কোম্পানীৰ কোনো প্ৰজেক্ট নাপালে বৃদ্ধি নহয় দৰমহা । একে সময়তে সলনি কৰা হৈছে বেঞ্চ টাইম ।

ডাঙৰ বিপদত পৰিছে টিচিএছৰ কৰ্মচাৰীসকল ! কোম্পানীটোৰ প’লিচি পৰিৱৰ্তনে প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰিছে কৰ্মচাৰীসকলক । কোৱা হৈছে, নিদিষ্ট সময়ৰ ভিতৰত কৰ্মচাৰীয়ে কোম্পানীৰ কোনো প্ৰজেক্ট নাপালে বৃদ্ধি নহয় দৰমহা । একে সময়তে সলনি কৰা হৈছে বেঞ্চ টাইম ।

দেশৰ অন্যতম বৃহৎ তথ্য প্ৰযুক্তি কোম্পানী হৈছে টাটা কনছালটেন্সি চাৰ্ভিচেছ। শেহতীয়াকৈ, TCS য়ে নতুন এচ’চিয়েটসকলৰ বাবে এটা ডিপ্লয়মেন্ট নীতি আনিছে। প্ৰতিজন কৰ্মচাৰীৰ বাবে বছৰত ২২৫ দিনৰ বাবে বিলিং কৰাটো বাধ্যতামূলক কৰা হৈছে। বছৰত ৩৫ দিনলৈ হ্ৰাস কৰা হৈছে বেঞ্চৰ টাইম। এই নতুন নীতি ১২ জুনৰ পৰা কাৰ্যকৰী কৰা হৈছে।

এই সিদ্ধান্ত লোৱা হৈছে যাতে কৰ্মচাৰীসকলৰ বেঞ্চৰ টাইম হ্ৰাস পায় আৰু তেওঁলোকৰ কৰ্মক্ষমতা বৃদ্ধি পায় । ইয়াৰ ফলত কৰ্মচাৰী আৰু কোম্পানীটোৰ কৰ্মক্ষমতা উন্নত হ’ব বুলি আশা কৰা হৈছে।