শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Video: এই ভুল হ'লে সৰ্বনাশ! ঘৰতে বহি শুদ্ধ কৰক Aadhaar Card

Video: এই ভুল হ’লে সৰ্বনাশ! ঘৰতে বহি শুদ্ধ কৰক Aadhaar Card

barasha-misra
Barasha Misra | Published: 20 Jun 2025 18:55 PM

সেইবাবেই আধাৰ কাৰ্ডত যিকোনো ধৰণৰ ভুল হ'লে তৎক্ষণাত শুধৰোৱাটো জৰুৰী। ইয়াৰ পূৰ্বে কোনো ভুল থাকিলে আধাৰ কেন্দ্ৰলৈ গৈ থাকিব লগা হৈছিল।

বৰ্তমান ভোটাৰ কাৰ্ড, পেন কাৰ্ড বা ড্ৰাইভিং লাইচেন্সতকৈ আধাৰ কাৰ্ডক পৰিচয় পত্ৰ হিচাপে বেছি ব্যৱহাৰ কৰা হয়। অনাগত দিনত QR ক’ডৰ জৰিয়তে বৈদ্যুতিক চিনাক্তকৰণ ব্যৱস্থা প্ৰৱৰ্তন হ’ব পাৰে। ফলত আধাৰ সম্পৰ্কীয় প্ৰৱঞ্চনা হ্ৰাস পাব।

যদি আপোনাৰ আধাৰ কাৰ্ডত কোনো তথ্য ভুল থাকে, তেতিয়া কি হব পাৰে? আজিকালি আধাৰ কাৰ্ড সকলোতে প্ৰয়োজনীয়। যেতিয়া বেংকত কে ৱাই চি প্ৰয়োজন হয়, তেতিয়া আধাৰ কাৰ্ডত কোনো তথ্য ভুল থাকিলে বিপদত পৰিব আপুনি! ধৰি লওক কাৰ্ডৰ ঠিকনাত থকা কোনো বানান ভুলকৈ আছে, তেন্তে আপোনাৰ বাবে অহা নথি-পত্ৰ আন কাৰোবাৰ ওচৰলৈ যাব পাৰে।

সেইবাবেই আধাৰ কাৰ্ডত যিকোনো ধৰণৰ ভুল হ’লে তৎক্ষণাত শুধৰোৱাটো জৰুৰী। ইয়াৰ পূৰ্বে কোনো ভুল থাকিলে আধাৰ কেন্দ্ৰলৈ গৈ থাকিব লগা হৈছিল। এতিয়া UIDAI বা ভাৰতীয় ইউনিক আইডেন্টিফিকেশন অথৰিটিয়ে সেই সমস্যা দূৰ কৰাৰ পৰিকল্পনা কৰিছে। এতিয়াৰ পৰা জনসাধাৰণে ঘৰৰ পৰাই নিজৰ ঠিকনা, ফোন নম্বৰ, নাম আৰু জন্ম তাৰিখ সলনি কৰিব পাৰিব। UIDAI এ শীঘ্ৰে এই সুবিধা মুকলি কৰিব। অৱশ্যে আধাৰ কেন্দ্ৰলৈ যাব লাগিব কেৱল ফিংগাৰ প্ৰিন্ট আৰু ৰেটিনা স্কেন কৰিবলৈ।