শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
News9 Summit: বলীউডৰ অভিনেতা সুনীল শেট্টীৰ সৈতে নেটৱৰ্কৰ এমডি তথা চিইঅ' বৰুণ দাসৰ আছুতীয়া সাক্ষাৎকাৰ

News9 Summit: বলীউডৰ অভিনেতা সুনীল শেট্টীৰ সৈতে নেটৱৰ্কৰ এমডি তথা চিইঅ’ বৰুণ দাসৰ আছুতীয়া সাক্ষাৎকাৰ

barasha-misra
Barasha Misra | Published: 19 Jun 2025 23:58 PM

ছুপাৰষ্টাৰ সুনীল শেট্টীয়ে News9 Global Summit 2025 ৰ বিশেষ খণ্ড দ্য চিনেমেটিক ইনভেষ্টৰত অংশগ্ৰহণ কৰে। এই সময়ছোৱাত তেওঁ বলীউড বনাম দক্ষিণৰ ছবিৰ ওপৰত মন্তব্য কৰে।

News9 Global Summit 2025 ত বিশ্বৰ বহু চেলিব্ৰিটিয়ে অংশগ্ৰহণ কৰে। এইবাৰ ইউ এ ইত অনুষ্ঠিত হয় এই সন্মিলন। য’ত বলীউড উদ্যোগৰ বহু তাৰকায়ো অংশগ্ৰহণ কৰে। বলীউড আৰু দাক্ষিণাত্যৰ ছবিৰ ডাঙৰ ছুপাৰষ্টাৰ সুনীল শেট্টীও এই অনুষ্ঠানৰ অংশ হৈ পৰিছিল। এই সময়ছোৱাত তেওঁ দ্য চিনেমেটিক ইনভেষ্টাৰ নামৰ এটা খণ্ডত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত বলীউডৰ অভিনেতা সুনীল শেট্টী টিভি ৯ নেটৱৰ্কৰ এমডি তথা চিইঅ’ বৰুণ দাসে আছুতীয়া সাক্ষাৎকাৰ লয়।

বলীউড-দাক্ষিণাত্যৰ ছবিক লৈ কি ক’লে সুনীল শেট্টীয়ে?

সুনীল শ্বেট্টীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ সময়ত তেওঁক সোধা হৈছিল যে, বলীউডৰ বৰ্তমানৰ অৱস্থা কোন দিশে আগবাঢ়িছে… ইয়াৰ উত্তৰত সুনীল শেট্টীয়ে কয়- আমি এতিয়াও আচৰিত অৱস্থাত আছোঁ, আমি বৰ্তমান ক’ত আছো ক’ব নোৱাৰো। যিকোনো উদ্যোগৰ এখন ছবি আজি যদি ভাল চলিছে, তেন্তে তেওঁলোকে বলীউডতকৈ ডাঙৰ বুলি ক’বলৈ আৰম্ভ কৰে। কিন্তু আমি যদি সঁচা কথা কওঁ, মই অনুভৱ কৰোঁ যে হিন্দী চিনেমা আন সকলো চিনেমাৰ পিতৃ। এই ভাষাটো সমগ্ৰ দেশতে কোৱা হয়। সমগ্ৰ দেশতে ভাল ভাল ছবি নিৰ্মাণ হৈ আছে।

ইয়াৰোপৰি এই অনুষ্ঠানত বলীউডৰ অভিনেতা সুনীল শেট্টীয়ে টিভি ৯ নেটৱৰ্কৰ এমডি তথা চিইঅ’ বৰুণ দাসৰ সৈতে সাক্ষাৎকাৰত কি কি ক’লে এই ভিডিটোত শুনক…