ৰোমাঞ্চত ব্যস্ত ২ সন্তানৰ মাতৃ আৰু মুছলমান যুৱক! হঠাৎ উপস্থিত স্বামী আৰু পাছত…
তিনি বছৰ ধৰি মুছলমান যুৱক কুৰবানৰ লগত প্ৰেমৰ সম্পৰ্কত আছিল মহিলাগৰাকী। দুয়ো বজাৰত প্ৰথমবাৰৰ বাবে লগ পাইছিল। তাৰ পাছত দুয়ো কথা বতৰা আৰম্ভ কৰিছিল আৰু পাছলৈ লগ কৰিছিল।

প্ৰেমৰ ওপৰত কাৰো নিয়ন্ত্ৰণ নাই। কোৱা হয়, প্ৰেমত কোনো বাধা নাথাকে। বিগত সময়চোৱাত প্ৰেমৰ লগত জড়িত বিভিন্ন খবৰ পোহৰলৈ আহিছে। প্ৰেমৰ নাম লৈ কিছুমানে নৃশংস কাণ্ড পৰ্যন্ত কৰে। বিশেষকৈ যোৱা কেইটামান দিনত দেশত বৃদ্ধি পাইছে বিবাহ বহিৰ্ভূত সম্পৰ্ক। এনেবোৰ সম্পৰ্কৰ পৰিণতি সাধাৰণতে ভয়ংকৰ হোৱা দেখা যায়। পুনৰ এনে এক বিবাহ বহিৰ্ভূত সম্পৰ্কৰ কথা পোহৰলৈ আহিছে। য’ত দুই সন্তানৰ মাতৃৰ প্ৰেমত পৰে এজন মুছলমান যুৱক।
জানিব পৰা মতে, বিবাহিতা প্ৰেমিকাই নিশা প্ৰেমিকক লগ কৰিবলৈ ফোন কৰি মাতি আনিছিল। তেতিয়া যুৱকজনেও আনন্দত প্ৰেয়সীৰ ঘৰলৈ আহে। ঘৰ পোৱাৰ পাছত বন্ধ কোঠাৰ ভিতৰত দুয়ো ৰোমাঞ্চ কৰি আছিল, আৰু তেতিয়াই সংঘটিত হয় অনাকাংক্ষিত ঘটনা। দুয়োৰে ৰোমাঞ্চৰ সময়ত সেই স্থানত উপস্থিত হয় মহিলাগৰাকীৰ স্বামী। দুয়োকে আপত্তিজনক অৱস্থাত দেখি খঙত অগ্নিশৰ্মা হৈ পৰে স্বামী আৰু হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি কৰে।
লগে লগে সেই স্থানত গাঁৱৰ অন্য লোকসকলো উপস্থিত হয়। পাছত সকলোৱে মিলি মহিলাগৰাকীৰ মুছলমান প্ৰেমিকক বেয়াকৈ প্ৰহাৰ কৰে। এই কাণ্ডত আধামৃত হৈ পৰে যুৱকজন। আৰক্ষীয়ে দুবাৰকৈ যুৱকজনক উদ্ধাৰ কৰাৰ চেষ্টা কৰিও বিফল হয়। অৱশেষত আৰক্ষীয়ে বিশাল সেনা বাহিনী আনি যুৱকজনক উদ্ধাৰ কৰে।
এই ঘটনাটো বিহাৰৰ পূৰ্ণিয়া জিলাৰ কে নগৰ থানা এলেকাৰ বাকছা ঘাট ৰোডৰ। আৰক্ষীয়ে জনোৱা মতে, লোটো তোলাৰ বাসিন্দা ছোনী দেৱী(৩৫)ৰ মহম্মদ কুৰবান (৩২) নামৰ যুৱকজনৰ সৈতে বিবাহ বহিৰ্ভূত সম্পৰ্ক আছিল। ১৮ বছৰ পূৰ্বে ৪২ বছৰীয়া ৰাজেশ ঋষিৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল ছোনী। মহিলাগৰাকীৰ দুটাকৈ সন্তানো আছিল। ইয়াৰে এগৰাকী কন্যাৰ এই বছৰ বিয়া হোৱাৰ কথা। সম্পূৰ্ণ এটা পৰিয়াল থকাৰ পাছতো মহিলাগৰাকীয়ে স্বামীক প্ৰতাৰণা কৰে।
জানিব পৰা মতে, তিনি বছৰ ধৰি মুছলমান যুৱক কুৰবানৰ লগত প্ৰেমৰ সম্পৰ্কত আছিল মহিলাগৰাকী। দুয়ো বজাৰত প্ৰথমবাৰৰ বাবে লগ পাইছিল। তাৰ পাছত দুয়ো কথা বতৰা আৰম্ভ কৰিছিল আৰু পাছলৈ লগ কৰিছিল। কিন্তু বৃহস্পতিবাৰে নিশা দুয়োৰে সৈতে এই অনাকাংক্ষিত ঘটনা ঘটে।
আৰক্ষীৰ মতে, মহিলাগৰাকীয়ে প্ৰেমিকক ফোন কৰি স্বামী ঘৰত নাথাকে বুলি কৈছিল। পৰিকল্পনা অনুসৰি প্ৰেমিকে মহিলা প্ৰেমিকাৰ ঘৰলৈ গৈছিল। দুয়ো বন্ধ কোঠাত ৰোমাঞ্চ কৰি থকাৰ সময়তে স্বামী সেই স্থানত উপস্থিত হয়। তাৰ পাছতে যুৱকজনক স্থানীয় ৰাইজৰ সৈতে মিলি বেয়াকৈ প্ৰহাৰ কৰে। বৰ্তমান হাস্পাতালত ভৰ্তি কৰা হৈছে যুৱকজনক। এই সমগ্ৰ ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত।
অন্য খবৰ পঢ়কঃ Air India: পুনৰ কাৰিকৰী বিজুতি! বাতিল হ’ল এয়াৰ ইণ্ডিয়াৰ ৮ খনকৈ বিমান…