শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
Gold price: মধ্যবিত্তৰ বাবে বিশেষ সুযোগ! হ্ৰাস পাব সোণৰ দাম...

Gold price: মধ্যবিত্তৰ বাবে বিশেষ সুযোগ! হ্ৰাস পাব সোণৰ দাম…

barasha-sarma
Barasha Sarma | Published: 20 Jun 2025 16:01 PM

Gold price: মধ্যবিত্তৰ বাবে ভাল খবৰ। চলিত বৰ্ষৰ জুন আৰু ছেপ্টেম্বৰ মাহত সোণৰ দাম হ্ৰাস পাব পাৰে।২০২৬ চনত এই ধাতুৰ দাম আৰু অধিক পৰিমাণে হ্ৰাস পাব পাৰে।

হ্ৰাস পাব পাৰে সোণৰ মূল্য।  বৰ্তমান মধ্যপ্ৰাচ্যত চলি আছে ভয়ংকৰ  সংকট ।  ইয়াৰ ফলত সৃষ্টি হোৱা অৰ্থনৈতিক অস্থিৰতাৰ বাবে জুন মাহৰ দ্বিতীয় সপ্তাহত সোণৰ মূল্য কিছু বৃদ্ধি পায়।কিন্তু শীঘ্ৰেই হ্ৰাস পাব পাৰে সোণৰ মূল্য। ‘দ্য নিউয়ৰ্ক টাইমছ’ত প্ৰকাশিত তথ্য অনুসৰি, এই সংকট বেছি দিনলৈ নাথাকে, আৰু যদি এনে হয় তেন্তে সোণৰ দাম তীব্ৰভাৱে হ্ৰাস পাব পাৰে। ইয়াৰোপৰি চিটিবেংকে কয় যে অহা ত্ৰৈমাসিকত ১০ গ্ৰাম ২৪ কেৰেট সোণৰ মূল্য ৯১,৭৫৫ টাকালৈ হ্ৰাস পাব পাৰে।

বেংকটোৱে কয় যে, চলিত বৰ্ষৰ জুন আৰু ছেপ্টেম্বৰ মাহত সোণৰ দাম হ্ৰাস পাব পাৰে।২০২৬ চনত এই ধাতুৰ দাম আৰু হ্ৰাস পাব পাৰে।মেক্স লেটন আৰু অন্যান্য বিশেষজ্ঞসকলে কয় যে ২০২৬ চনৰ শেষলৈকে সোণৰ মূল্য ৭৬ হাজাৰ ৪৬২ৰ পৰা ৮২ হাজাৰ ৫৬৬ টকাৰ ভিতৰত হ্ৰাস পাব পাৰে।