শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

অম্বুবাচী উপলক্ষে গুৱাহাটী যান-বাহন আৰক্ষীৰ বিশেষ পথ নিৰ্দেশনা…

অম্বুবাচীৰ সময়ত জনসাধাৰণৰ সুৰক্ষা আৰু সুচাৰুৰূপে চলাচল সুনিশ্চিত কৰাৰ বাবে গুৱাহাটী মহানগৰ উপ-আয়ুক্তই (যাতায়ত) বিশেষ পথ নিৰ্দেশনা জাৰি কৰিছে । এই নিৰ্দেশনা অহা ২২ জুনৰ পৰা ২৫ জুনলৈকে মানি চলিব লাগিব ।

অম্বুবাচী উপলক্ষে গুৱাহাটী যান-বাহন আৰক্ষীৰ বিশেষ পথ নিৰ্দেশনা…
অম্বুবাচীৰ উপলক্ষে বিশেষ পথ নিৰ্দেশনা
manas-borah
Manas Borah | Updated On: 20 Jun 2025 23:37 PM

আগন্তুক অম্বুবাচী মহাযোগ ২০২৫ৰ সময়ত জনসাধাৰণৰ সুৰক্ষা আৰু সুচাৰুৰূপে চলাচল সুনিশ্চিত কৰাৰ বাবে গুৱাহাটী মহানগৰ উপ-আয়ুক্তই (যাতায়ত) বিশেষ পথ নিৰ্দেশনা জাৰি কৰিছে । এই নিৰ্দেশনা অহা ২২ জুনৰ পৰা ২৫ জুনলৈকে মানি চলিব লাগিব ।

কি কি নিৰ্দেশনা মানি চলিব লাগিব ?

  1. অনুজ্ঞা পত্ৰ নথকা কোনো যান-বাহন(ফেৰী) কামাখ্যা মন্দিৰ অভিমুখে চলাচল কৰিব নোৱাৰিব। একেদৰে সন্ধিয়া ৫ বজাৰ পৰা ১০ বজাৰ ভিতৰত মন্দিৰলৈ ফেৰী গাড়ী চলাচল নিষিদ্ধ কৰা হৈছে। পাণ্ডু বন্দৰ পথ কেৱল জৰুৰীকালীন ব্যৱহাৰৰ বাবে খোলা থাকিব।
  2. তীৰ্থযাত্ৰীৰ বাবেও বিশেষ ড্ৰপ-অফ পইণ্টৰ ব্যৱস্থা কৰা হৈছে । জালুকবাৰী দিশৰ পৰা অহা তীৰ্থযাত্ৰীৰ বাবে ড্ৰপ-অফ পইণ্ট হ’ব – এন এফ ৰেলৱে মুখ্য কাৰ্যালয়ৰ গেট নং ৩ আৰু ভৰলুমুখ দিশৰ পৰা অহা তীৰ্থযাত্ৰীৰ বাবে ড্ৰপ-অফ পইণ্ট হ’ব বাবে – গেট নং ৪ ।
  3. এ এছ টি চি আৰু চিটি বাছকে ধৰি সকলো বাহনে জালুকবাৰী আৰু মাচখোৱাৰ মাজৰ নীলাচল ফ্লাই অভাৰ ব্যৱহাৰ কৰিব লাগিব । চাৰ্ভিচ লেনত বাছ চলাচল নিষিদ্ধ কৰা হৈছে । একেদৰে চিটি বাছে নীলাচল ফ্লাই অভাৰৰ দুয়ো মূৰৰ ওচৰত যাত্ৰী নমাব নোৱাৰিব।
  4. আদাবাৰী বাছ ষ্টেণ্ড, বৰিপাৰা ফিল্ড, এ এছ টি চি মাচখোৱা, আৰু সোণাৰাম হাইস্কুল ফিল্ডত তীৰ্থযাত্ৰীৰ বাবে পাৰ্কিঙৰ স্থান নিৰ্ধাৰণ কৰা হৈছে। নীলাচল ফ্লাইঅভাৰৰ তলৰ সমগ্ৰ অঞ্চলটো ন’-পাৰ্কিং জ’ন ।
  5. পাণ্ডু বন্দৰ পথ (আদাবাৰী তিনিআলিৰ পৰা পাণ্ডু বন্দৰলৈ),বৰবজাৰ পথ (মালিগাঁও চাৰিআলিৰ পৰা পাণ্ডু বন্দৰলৈ),ভৰলুমুখত লিফ্ট কৰিডৰ, ডি জি ৰোড (শান্তিপুৰৰ পৰা নীলাচল উৰণীয়া সেতুলৈ),নীলাচল ফ্লাইঅভাৰ আৰু কাষৰ কোনো পথত বাহন পাৰ্কিং কৰিব নোৱাৰিব ।
  6. ৰাতিপুৱা ৫ বজাৰ পৰা নিশা ১১ বজালৈ ডি জি ৰোড, এম জি ৰোড, এ টি ৰোড (জালুকবাৰী ৰটাৰীৰ পৰা মাচখোৱালৈ), পাণ্ডু বন্দৰ পথ, বৰবজাৰ পথত কোনো ধৰণৰ মালবাহী বাহনৰ চলাচল কৰিব নোৱাৰিব ।
  7. লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰলৈ যোৱা যাত্ৰীসকল সময়মতে উপস্থিত হ’বলৈ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ব্যৱহাৰ কৰিবলৈ আহ্বান জনোৱা হৈছে। উল্লেখিত সকলো নিৰ্দেশনা গুৱাহাটী যান-বাহন আৰক্ষী আৰু জিলা প্ৰশাসনে কঠোৰভাৱে পালন কৰিবলৈ নাগৰিকক অনুৰোধ জনাইছে।