20 June 2025
TV9 ASSAM
Photos Credit: Getty Images
আৰ্থিক সংকটত পৰি বহু লোকে ঋণ ল'বলৈ বাধ্য হয় । যিমানে আৰ্থিক অৱস্থা বেয়া হয় সিমানে ঋণৰ বোজা বাঢ়ি গৈ থাকে ।
বহু সময়ত ঋণ পৰিশোধ কৰিব নোৱাৰি বিপদত পৰে বহু লোক । এনে ক্ষেত্ৰত বাস্তু শাস্ত্ৰত বহু কেইটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা উল্লেখ আছে ।
বিশ্বাস অনুসৰি, প্ৰতি মঙলবাৰে শিৱ মন্দিৰত প্ৰাৰ্থনা কৰিলে আপোনাৰ আৰ্থিক সমস্যা বহু পৰিমাণে দূৰ হ'ব পাৰে।
প্ৰতি মঙলবাৰ আৰু শনিবাৰে হনুমান চালিছা পাঠ কৰিলে আপুনি ঋণৰ পৰা বহু পৰিমাণে মুক্ত হ'ব পাৰিব ।
বাস্তু শাস্ত্ৰৰ মতে ঘৰৰ উত্তৰ আৰু পূব কোণা সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে । ই ঋণৰ পৰা মুক্ত হোৱাত সহায় কৰিব।
শুক্ল পক্ষত বুধবাৰৰ পৰা নিয়মিতভাৱে গণেশ স্তোত্ৰ আবৃত্তি কৰিলে ঋণৰ সমস্যা দূৰ হয় ।
এই প্ৰতিবেদন বাস্তু শাস্ত্ৰৰ তথ্য ভিত্তিত প্ৰস্তুত কৰা হৈছে । Tv9 অসমীয়া কোনো কাৰণতে দায়ী নহয় ।
পঢ়িবলৈ ক্লিক কৰক