উৰণৰ মাজতে ইণ্ডিগ’ বিমানত কাৰিকৰী বিজুতি, আছিল ৬৮ গৰাকী যাত্ৰী…
পুনৰ বিমানত কাৰিকৰী বিজুতি।শুকুৰবাৰে চেন্নাইৰ পৰা মাদুৰাই অভিমুখী ইণ্ডিগ' এয়াৰলাইন্সৰ বিমানখনত কাৰিকৰী বিজুতিৰ সৃষ্টি হয়।যাৰ ফলত বিমানখন উভতি যাবলগীয়া হয়।

দেশত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে বিমানত কাৰিকৰী বিজুতিৰ ঘটনা। যাৰ বাবে যাত্ৰীসকলৰ মাজত উদ্বেগ বৃদ্ধি পাইছে। কিছুদিন পূৰ্বে কাৰিকৰী বিজুতিৰ বাবে দুখন ইণ্ডিগ’ বিমান আৰু এখন স্পাইচজেট বিমানে জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হৈছিল। আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পিছত বিমান পৰিচালনাৰ ক্ষেত্ৰত যথেষ্ঠ সাৱধানতা অৱলম্বন কৰা হৈছে। যাৰ বাবে বিগত কিছুদিন ধৰি বহু বিমানে কাৰিকৰী বিজুতিৰ বাবে জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হৈছে।
শুকুৰবাৰ (২০ জুন)য়ে চেন্নাইৰ পৰা মাদুৰাই অভিমুখী ইণ্ডিগ’ এয়াৰলাইন্সৰ বিমানখনত কাৰিকৰী বিজুতিৰ সৃষ্টি হয়।যাৰ ফলত বিমানখন উভতি যাবলগীয়া হয়। বিমানবন্দৰ কৰ্তৃপক্ষই এই ঘটনাৰ তথ্য প্ৰদান কৰে। বিষয়াসকলে জনোৱা মতে, প্ৰায় আধা ঘণ্টা বিমান যাত্ৰাৰ পিছত পাইলটে সমস্যাৰ বিষয়ে অৱগত হয় আৰু উভতাৰ অনুমতি বিচাৰে। ইয়াৰ পাছতে বিমানখন উভতি আহে।
বিমান বন্দৰ কৰ্তৃপক্ষই জনোৱা মতে, বিমানখনত প্ৰায় ৬৮ জন যাত্ৰী আছিল। বিমানখন চেন্নাই বিমানবন্দৰত অৱতৰণ কৰা হয়। সকলো যাত্ৰী নিৰাপদ বুলি জানিবলৈ দিয়ে কৰ্তৃপক্ষই। অৱশ্যে ব্যক্তিগত বিমান সংস্থা ইণ্ডিগ’ৱে এই বিষয়ত এতিয়াও কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।
এয়াই প্ৰথম নহয়, বৃহস্পতিবাৰেও কাৰিকৰী বিজুতিৰ বাবে দুখন ইণ্ডিগ’ বিমানে জৰুৰীকালীন অৱতৰণ কৰা হৈছিল। এখন বিমান দিল্লীৰ পৰা লেহলৈ গৈ আছিল আৰু আনখন বিমান কলকাতাৰ পৰা আগৰতলালৈ উৰা মাৰিছিল। কিন্তু কাৰিকৰী বিজুতিৰ বাবে বিমান উভতি আহিবলগীয়া হৈছিল।
উল্লেখ্য যে, আহমেদাবাদ বিমান দুৰ্ঘটনাৰ পাছতে কেইবাখনো বিমানৰ বিজুতিৰ খবৰ পোহৰলৈ আহিছে। কাৰিকৰী বিজুতিৰ বাবে কালি এয়াৰ ইণ্ডিয়াৰ ৮ খন বিমান বাতিল কৰিবলগীয়া হৈছিল। তথ্য অনুসৰি, ১২ৰ পৰা ১৭ জুনৰ ভিতৰত এয়াৰ ইণ্ডিয়াৰ ৮৩খন বিমান বাতিল কৰা হৈছে।ইয়াৰে ৬৬খন বিমান বয়িং ৭৮৭ৰ। মুঠতে এখনৰ পাছত আনখন বিমানত দেখা দিয়া সমস্যাই এতিয়া যাত্ৰীৰ মাজত শংকাৰ সৃষ্টি কৰিছে।
অন্য খবৰ পঢ়কঃ Air India: পুনৰ কাৰিকৰী বিজুতি! বাতিল হ’ল এয়াৰ ইণ্ডিয়াৰ ৮ খনকৈ বিমান…