শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মিজোৰাম, মণিপুৰ, অসম, বংগ, বিহাৰ…তিনি দিনত পাঁচ ৰাজ্যলৈ প্ৰধানমন্ত্ৰী, অসমত কি কাৰ্যসূচী?

তিনি দিনীয়া কাৰ্যসূচী হাতত লৈ শনিবাৰে পাঁচ ৰাজ্য ভ্ৰমণলৈ ওলাব নৰেন্দ্ৰ মোদী। মিজোৰাম, মণিপুৰ, অসম, বংগ আৰু বিহাৰ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। এই সময়ছোৱাত তেওঁ জনসভা সম্বোধন কৰাৰ লগতে বহুকেইটা উন্নয়নমূলক প্ৰকল্প ঘোষণা কৰিব। অসমত প্ৰধানমন্ত্ৰীৰ কি কি কাৰ্যসূচী আছে? চাওক সবিশেষ-

মিজোৰাম, মণিপুৰ, অসম, বংগ, বিহাৰ…তিনি দিনত পাঁচ ৰাজ্যলৈ প্ৰধানমন্ত্ৰী, অসমত কি কাৰ্যসূচী?
নৰেন্দ্ৰ মোদী আহি আছেImage Credit source: PTI
raj-saikia
Raj Saikia | Published: 12 Sep 2025 17:05 PM

১৩ ছেপ্টেম্বৰৰ পৰা ১৫ ছেপ্টেম্বৰলৈ মিজোৰাম, মণিপুৰ, অসম, পশ্চিম বংগ আৰু বিহাৰ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কাইলৈ ​​তেওঁ প্ৰথমে মিজোৰাম ভ্ৰমণ কৰিব। পুৱা প্ৰায় ১০ বজাত আইজলত ৯০০০ কোটিৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। ইয়াৰ লগতে ৰাজহুৱা সভাতো ভাষণ দিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।

তাৰ পিছত প্ৰধানমন্ত্ৰীয়ে মণিপুৰ ভ্ৰমণ কৰিব আৰু দুপৰীয়া প্ৰায় ১২:৩০ বজাত চুৰাচান্দপুৰত ৭৩০০ কোটিতকৈ অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। লগতে উপস্থিত জনসাধাৰণকো সম্বোধন কৰিব তেওঁ। দিনৰ প্ৰায় ২:৩০ বজাত ইম্ফলত ১২০০ কোটিৰো অধিক মূল্যৰ বিভিন্ন প্ৰকল্প উদ্বোধন কৰি ৰাজহুৱা সভাত ভাষণ দিব প্ৰধানমন্ত্ৰীয়ে।

ইয়াৰ পিছতে অসমলৈ ৰাওনা হ’ব নৰেন্দ্ৰ মোদী। বিয়লি প্ৰায় ৫ বজাত গুৱাহাটীত ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনত অংশ ল’ব প্ৰধানমন্ত্ৰীয়ে। ইয়াতেই সুধাকণ্ঠৰ স্মৃতিত এটি ১০০ টকীয়া মুদ্ৰা উন্মোচন কৰি তেওঁ। ১৪ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীয়ে প্ৰায় ১৮,৫৩০ কোটিৰো অধিক মূল্যৰ বৃহৎ আন্তঃগাঁথনি আৰু উদ্যোগ উন্নয়ন প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। পুৱা প্ৰায় ১১ বজাত দৰঙত বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি ৰাজহুৱা সভাত ভাষণ দিব প্ৰধানমন্ত্ৰীয়ে।

তাৰ পাছতেই তেওঁ হেলিকপ্টাৰযোগে ৰাওনা হ’ব যোৰহাটলৈ। দিনৰ প্ৰায় ১:৪৫ বজাত গোলাঘাটৰ নুমলীগড়ত অসম বায়’-ইথানল প্ৰাইভেট লিমিটেডৰ নুমলীগড় শোধনাগাৰ প্লাণ্ট উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। লগতে তেওঁ গোলাঘাটত পলিপ্ৰ’পাইলিন প্লাণ্টৰ আধাৰশিলা স্থাপন কৰিব।

১৫ ছেপ্টেম্বৰত পুৱা প্ৰায় ৯:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে পশ্চিম বংগ ভ্ৰমণ কৰি কলকাতাত ১৬ সংখ্যক কম্বাইণ্ড কমাণ্ডাৰ কনফাৰেন্স-২০২৫ উদ্বোধন কৰিব। বংগ ভ্ৰমণৰ অন্তত প্ৰধানমন্ত্ৰীগৰাকী বিহাৰলৈ ৰাওনা হ’ব আৰু দুপৰীয়া প্ৰায় ২:৪৫ বজাত পূৰ্ণিয়া বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন উদ্বোধন কৰিব। ইয়াৰ উপৰিও তেওঁ পূৰ্ণিয়াত প্ৰায় ৩৬,০০০ কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰাৰ লগতে এই উপলক্ষে সভাত ভাষণ দিব।

লগতে বিহাৰত আৰম্ভ কৰিব ৰাষ্ট্ৰীয় মাখনা ব’ৰ্ড। এই ব’ৰ্ডে নতুন প্ৰযুক্তিৰ উৎপাদন আৰু বিকাশৰ প্ৰসাৰ ঘটাব, চপোৱাৰ পিছৰ ব্যৱস্থাপনা শক্তিশালী কৰিব, মূল্য সংযোজন আৰু প্ৰক্ৰিয়াকৰণক প্ৰসাৰিত কৰিব আৰু মাখনাৰ বজাৰ, ৰপ্তানি আৰু ব্ৰেণ্ড বিকাশৰ সুবিধা প্ৰদান কৰিব, যিয়ে বিহাৰ আৰু দেশৰ মাখনা কৃষকসকলক উপকৃত কৰিব।

দেশৰ মুঠ মাখনা উৎপাদনৰ প্ৰায় ৯০ শতাংশ বিহাৰে অৰিহণা যোগায়। মধুবনী, দাৰভাংগা, সীতামাঢ়ী, সহাৰছা, কাটিহাৰ, পূৰ্ণিয়া, সুপৌল, কিষাণগঞ্জ আৰু আৰিয়াৰ দৰে প্ৰধান জিলাসমূহ মাখনা উৎপাদনৰ প্ৰধান কেন্দ্ৰ কাৰণ এই জিলাসমূহৰ জলবায়ু আৰু উৰ্বৰ মাটিয়ে মাখানাৰ উৎকৃষ্ট গুণগত মানত অৰিহণা যোগায়। বিহাৰত মাখানা ব’ৰ্ড স্থাপনৰ ফলত ৰাজ্য তথা দেশৰ মাখানা উৎপাদনত এক বৃহৎ উত্থান ঘটিব আৰু এই ক্ষেত্ৰত বিশ্ব মানচিত্ৰত বিহাৰৰ উপস্থিতি শক্তিশালী হ’ব।