শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Pm Modi speech: পাকিস্তান-আমেৰিকাক বাৰ্তা, যুৱক-যুৱতীলৈ উপহাৰ…১০৩ মিনিটৰ ভাষণত কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে?

Independence day Modi Speech: আজি একেৰাহে দ্বাদশবাৰৰ বাবে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ ভাষণত বহু কথা উল্লেখ কৰে।

Pm Modi speech: পাকিস্তান-আমেৰিকাক বাৰ্তা, যুৱক-যুৱতীলৈ উপহাৰ…১০৩ মিনিটৰ ভাষণত কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে?
মোদীৰ ভাষণImage Credit source: X
barasha-sarma
Barasha Sarma | Updated On: 15 Aug 2025 11:26 AM

আজি দেশত পালন কৰা হয় ৭৯ সংখ্যক স্বাধীনতা দিৱস। এই সময়চোৱাত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দেশবাসীক সম্বোধন কৰে। এয়া মোদীয়ে একেৰাহে দ্বাদশবাৰৰ বাবে লালকিল্লাৰ পৰা ভাষণ দিছে। আজি মোদীয়ে ১০৩ মিনিট সময় ভাষণ দিয়ে। এই সময়চোৱাত মোদীয়ে দেশৰ কৃষকৰ পৰা আৰম্ভ কৰি যুৱক-যুৱতী, অপাৰেশ্যন সেন্দূৰ, আত্মনিৰ্ভৰশীল ভাৰত আদিকে ধৰি বিভিন্ন দিশৰ ওপৰত মন্তব্য কৰে।

আজি মোদীৰ ভাষণত স্থান লাভ কৰা কেইটামান গুৰুত্বপূৰ্ণ তথ্য তলত উল্লেখ কৰা হ’ল-

  • মোদীয়ে অপাৰেশ্যন সেন্দূৰৰ বাবে জোৱানসকলক কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কয় যে, সন্ত্ৰাসবাদীয়ে কল্পনা কৰিব পৰাতকৈ ডাঙৰ শাস্তি দিছে ভাৰতে।
  • ড০ শ্যাম প্ৰসাদ মুখাৰ্জীক স্মৰণ মোদীৰ। তেওঁ কয় যে,  ভাৰতৰ সংবিধানৰ বাবে প্ৰাণ আহুতি দিয়া তেওঁ আছিল এজন মহান ব্যক্তি।
  • পাকিস্তানক সকীয়নি দি মোদীয়ে কয় যে, আমি পাৰমাণৱিক ব্লেকমেইলক ভয় নকৰো। সিন্ধু জল চুক্তি স্থগিত কৰি আমি দেখুৱাই দিছো যে তেজ আৰু পানী একেলগে ব’ব নোৱাৰে।
  • মোদীয়ে কয় য়ে, দেশত সঘনাই হৈ থকা প্ৰাকৃতিক দুৰ্যোগে আমাৰ পৰীক্ষা লৈ আছে। সকলো ভুক্তভোগীৰ প্ৰতি সমবেদন। কেন্দ্ৰ চৰকাৰে ইয়াৰ বাবে কাম কৰি আছে।
  • ট্ৰাম্পৰ শুল্ক নীতিৰ একপ্ৰকাৰ বিৰোধিতা কৰি মোদীয় কয় যে ভাৰতৰ গৰু পালক আৰু মাছমৰীয়াৰ লগত জড়িত ক্ষতিকাৰক নীতিৰ বিৰুদ্ধে মই সদায় থাকিম। ভাৰতে পশুপালক আৰু মাছমৰীয়া সন্দৰ্ভত কোনো আপোচ নকৰে।
  • মোদীয়ে কয় যে  বিকশিত ভাৰতৰ আধাৰ আত্মনিৰ্ভৰশীল ভাৰত।
  • দেৱালীত জনতাই ডাঙৰ উপহাৰ লাভ কৰিব বুলি কয় মোদীয়ে। তেওঁ কয় যে, কৰ হ্ৰাস কৰা হ’ব। জনতাৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত।
  • প্ৰধানমন্ত্ৰী বিকশিত যোজনাৰ ঘোষণা মোদীৰ। ইয়াৰ অধীনত চৰকাৰে ব্যক্তিগত খণ্ডত প্ৰথম চাকৰি পোৱাসকলক ১৫,০০০ টকা প্ৰদান কৰিব।
  • আৰ এছ এছৰ প্ৰশংসা কৰে মোদীয়ে। তেওঁ কয় যে, আৰ এছ এছ বিশ্বৰ সবাতোকৈ ডাঙৰ এন জি অ’।
  • দেশত সুদৰ্শন চক্ৰ অভিযান আৰম্ভ হ’ব। ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত নিৰ্মাণ হ’ব বুলি কয় মোদীয়ে।
  • মেদবহুলতা দেশৰ এক ডাঙৰ সংকট হৈ পৰিছে। ইয়াৰ বিৰুদ্ধে কেন্দ্ৰই কাম কৰি যাব বুলি কয়।
  • অনুপ্ৰৱেশকাৰীয়ে ভাৰতৰ জনগাঁথনি সলনি কৰাৰ চেষ্টা কৰিছে বুলি কয় মোদীয়ে। লগতে কয় যে, এনে অনুপ্ৰৱেশকাৰীক কেতিয়াও ভাৰত গতাই দিব নোৱাৰি।
  • মোদীয়ে কয় যে, একবিংশ শতিকা প্ৰযুক্তি চালিত। যাৰ প্ৰযুক্তি আছে সেই দেশে উন্নতি কৰিছে। আজি লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশৰ যুৱ বিজ্ঞানী, প্ৰতিভাৱান যুৱক, মোৰ অভিযন্তা আৰু চৰকাৰৰ প্ৰতিটো বিভাগলৈ আহ্বান জনাইছো যে আমাৰ নিজৰ মেড ইন ইণ্ডিয়া যুঁজাৰু বিমানৰ জেট ইঞ্জিন আমাৰ হ’ব লাগে।
  • মোদীয়ে কয়, আগন্তুক যুগ ইভিৰ। গতিকে সৌৰ পেনেল, বৈদ্যুতিক বাহনৰ বাবে প্ৰয়োজনীয় সকলো বস্তু আমাৰ হ’ব লাগে। দেশৰ যুৱক-যুৱতীসকলৰ ওপৰত মোৰ বিশ্বাস আছে। Vocal for Local মন্ত্ৰ আগুৱাই নিয়াত মোক সকলোৱে সহায় কৰক।
  • এছ-৪০০ ৰ কথা উল্লেখ মোদীৰ। তেওঁ কয় যে২০৩৫ চনৰ ভিতৰত অহা দহ বছৰত মই এই ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ঢালখন সম্প্ৰসাৰণ, শক্তিশালী আৰু আধুনিকীকৰণ কৰিব বিচাৰিছো। ভগৱান সুদৰ্শন চক্ৰৰ পৰা প্ৰেৰণা লৈ আমি সুদৰ্শন চক্ৰৰ পথ বাছি লৈছো। দেশে সুদৰ্শন চক্ৰ অভিযান আৰম্ভ কৰিব।
  • পৰৱৰ্তী প্ৰজন্মৰ বাবে টাস্ক ফ’ৰ্চ গঠনৰ সিদ্ধান্ত। ২০৪৭ চনত ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ বাবে এই টাস্ক ফ’ৰ্চ গঠন কৰা হৈছে।

 

অন্য খবৰ পঢ়কঃ অপাৰেশ্যন সেন্দূৰত বীৰত্ব প্ৰদৰ্শন কৰা ভাৰতীয় বায়ুসেনাৰ জোৱানলৈ সন্মান, ৪গৰাকীলৈ সৰ্বোত্তম যুদ্ধ সেৱা পদক…