তেজ আৰু পানী একেলগে বৈ যাব নোৱাৰেঃ লালকিল্লাৰ পৰা পাক প্ৰধানমন্ত্ৰী শ্বৰীফক সকীয়ালে প্ৰধানমন্ত্ৰী মোদীয়ে
শেহতীয়াকৈ মুনীৰে পুনৰ এই বিষয়ৰ উদ্ধৃতি দি ভাৰতৰ ওপৰত আক্ৰমণৰ হুংকাৰ দিছিল। কিন্তু স্বাধীনতা দিৱসৰ এই ক্ষণত প্ৰধানমন্ত্ৰী মোদীয়ে কোনো কাৰণতে তেজ আৰু পানী একেলগে বৈ যাব নোৱাৰে বুলি স্পষ্ট কৰি দিলে।

দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱসত আজি লালকিল্লাৰ পৰা দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ২০১৪ চনত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হোৱাৰ পিছত আজি ১২ সংখ্যক বাৰৰ বাবে মোদীয়ে পতাকা উত্তোলন কৰে। দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে নানা দিশৰ ওপৰত আলোকপাত কৰে। ভাষণত তেওঁ লগতে পুনৰ এবাৰ পাকিস্তানক দিছে কঠোৰ সকীয়নি। সিন্ধু জল চুক্তিৰ বিষয়ত পাকিস্তানক সকীয়াই দি প্ৰধানমন্ত্ৰী মোদীয়ে পানী আৰু তেজ একেলগে বৈ যাব নোৱাৰে বুলি স্পষ্ট কৰি দিয়ে।
প্ৰধানমন্ত্ৰী মোদীৰ এই বক্তব্যৰ পৰা অনাগত দিনতো যে সিন্ধু জল চুক্তি স্থগিত হৈ থাকিব, সেয়া স্পষ্ট হৈ পৰিছে। স্বাভাৱিকতেই তেওঁৰ এই মন্তব্য পাকিস্তানৰ বাবে এক বৃহৎ বিপৰ্যয় হিচাপে বিবেচিত হৈছে। পহলগাম আক্ৰমণৰ পিছতে ভাৰতে তাৎক্ষণিক পদক্ষেপৰ ৰূপত সিন্ধু জল চুক্তি স্থগিত ৰাখিছিল।
ইয়াৰ পিছৰে পৰা পাকিস্তানৰ প্ৰধানমন্ত্ৰী আৰু দেশখনৰ সেনা প্ৰধান আছিম মুনীৰকে ধৰি বহু নেতাই সিন্ধু জল চুক্তিৰ বিষয়ত ভাৰতৰ বিপক্ষে নানা মন্তব্য কৰি আহিছে। শেহতীয়াকৈ মুনীৰে পুনৰ এই বিষয়ৰ উদ্ধৃতি দি ভাৰতৰ ওপৰত আক্ৰমণৰ হুংকাৰ দিছিল। কিন্তু স্বাধীনতা দিৱসৰ এই ক্ষণত প্ৰধানমন্ত্ৰী মোদীয়ে কোনো কাৰণতে তেজ আৰু পানী একেলগে বৈ যাব নোৱাৰে বুলি স্পষ্ট কৰি দিলে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, আমাৰ দেশ দশক দশক ধৰি সন্ত্ৰাসবাদৰ সন্মুখীন হৈ আহিছে। সন্ত্ৰাসবাদীয়ে দেশৰ বুকু থকাসৰকা কৰি দিছিল বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে ভাৰতে এতিয়া এক নতুন নীতি প্ৰতিষ্ঠা কৰিছে বুলি মন্তব্য কৰে। এতিয়া ভাৰতে সন্ত্ৰাসবাদী আৰু তেওঁলোকক লালন-পালন কৰাসকলক পৃথক জ্ঞান নকৰে বুলি তেওঁ দোহাৰে।
ভাৰতে এতিয়া কোনো কাৰণতে পাৰমাণৱিক ভাবুকি সহ্য নকৰাৰ সিদ্ধান্ত লৈছে বুলিও পুনৰবাৰ উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। দীৰ্ঘদিন ধৰি নিউক্লিয়াৰ ব্লেকমেইল চলি আহিছে যদিও এতিয়া ভাৰতে কোনো ধৰণৰ ব্লেকমেইল সহ্য নকৰে বুলি তেওঁ কয় আৰু ভৱিষ্যতেও যদি শত্ৰুৱে এনে চেষ্টা কৰে, তেতিয়া সেনাই সিদ্ধান্ত ল’ব বুলি তেওঁ হুংকাৰ দিয়ে।
এনে পৰিস্থিতিত সেনাই সময়, পদ্ধতি, লক্ষ্য নিৰ্ধাৰণ কৰিব আৰু ভাৰতে সেয়া কাৰ্যকৰী কৰিব বুলিও তেওঁ হুংকাৰ দিয়ে। ইফালে সিন্ধু জল চুক্তি সঠিক নহয় বুলিও তেওঁ দোহাৰে। এই চুক্তিৰ জৰিয়তে শত্ৰুৱে পানী লাভ কৰিছে আৰু মোৰ দেশৰ ভূমি পিয়াহত পৰিছে বুলি মন্তব্য কৰি মোদীয়ে এই চুক্তিয়ে বহু বছৰ ধৰি দেশৰ ক্ষতি কৰিছে বুলিও উল্লেখ কৰে।