আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যু বাৰ্ষিকীঃ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতিয়ে জনালে শ্ৰদ্ধাঞ্জলি
জাতিৰ প্ৰতি থকা সেৱাৰ মনোভাৱ আৰু স্বাৱলম্বী ভাৰতৰ দৃষ্টিভংগীৰ উদ্ধৃতি দি অটল বিহাৰী বাজপেয়ীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ আজি মৃত্যু বাৰ্ষিকী। ২০১৮ চনৰ আজিৰ দিনটোতে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰিছিল। তিনিবাৰকৈ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা ৰাজনীতিবিদগৰাকীৰ মৃত্যু বাৰ্ষিকীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। জাতিৰ প্ৰতি থকা সেৱাৰ মনোভাৱ আৰু স্বাৱলম্বী ভাৰতৰ দৃষ্টিভংগীৰ উদ্ধৃতি দি অটল বিহাৰী বাজপেয়ীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
এক্সত এক পোষ্ট যোগে অটল বিহাৰী বাজপেয়ীক শ্ৰদ্ধাঞ্জলি জনাই প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, “অটলজীক তেওঁৰ পুণ্য তিথিত স্মৰণ। ভাৰতৰ সৰ্বাংগীন প্ৰগতিৰ প্ৰতি তেওঁৰ নিষ্ঠা আৰু সেৱাৰ মনোভাৱে সকলোকে এখন উন্নত আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়ি তোলাত অনুপ্ৰাণিত কৰি আহিছে।”
सभी देशवासियों की ओर से पूर्व प्रधानमंत्री भारत रत्न अटल बिहारी वाजपेयी जी को उनकी पुण्यतिथि पर सादर नमन। राष्ट्र के चौतरफा विकास को लेकर उनका समर्पण और सेवा भाव विकसित और आत्मनिर्भर भारत के निर्माण में योगदान के लिए हर किसी को प्रेरित करने वाला है।
— Narendra Modi (@narendramodi) August 16, 2025
প্ৰধানমন্ত্ৰী মোদীয়ে লগতে দিল্লীস্থিত অটল বিহাৰী বাজপেয়ীৰ স্মৃতিসৌধ ‘সদৱ অটল’ত উপস্থিত হৈ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক শ্ৰদ্ধাঞ্জলি জনায়। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱেও ‘সদৱ অটল’ত উপস্থিত হৈ মৃত্যু বাৰ্ষিকীত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
LIVE: President Murmu pays homage to Shri Atal Bihari Vajpayee on his death anniversary at ‘Sadaiv Atal’ https://t.co/xJYeXozvjO
— President of India (@rashtrapatibhvn) August 16, 2025
ৰাষ্ট্ৰপতি মুৰ্মু আৰু প্ৰধানমন্ত্ৰী মোদীৰ লগতে অটল বিহাৰী বাজপেয়ীৰ স্মৃতিসৌধত কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, জে পি নড্ডা, কিৰেন ৰিজিজু, গজেন্দ্ৰ সিং শ্বেখাৱত, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা, আৰু জেডি (ইউ)ৰ সাংসদ সঞ্জয় ঝাও উপস্থিত থাকে। ইফালে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও এক্সত এক পোষ্ট যোগে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
ৰাজনাথ সিঙে এক শক্তিশালী আৰু সমৃদ্ধিশালী ভাৰত গঢ়াৰ বাবে বাজপেয়ীয়ে কৰা আজীৱন প্ৰচেষ্টাক স্মৰণ কৰে। পোষ্টটোত তেওঁ লিখিছে, “অটলজীক তেওঁৰ পুণ্যতিথিত শ্ৰদ্ধাঞ্জলি জনাইছো। তেওঁ গোটেই জীৱন এক শক্তিশালী আৰু সমৃদ্ধিশালী ভাৰত গঢ়াৰ সংকল্পৰে কাম কৰিছিল। তেওঁৰ অতুলনীয় অৱদান দেশে সদায় মনত ৰাখিব।”
I pay homage to Atalji on his punyatithi. He worked all his life with the resolve of building a strong and prosperous India. The nation will always remember his tremendous contribution.
— Rajnath Singh (@rajnathsingh) August 16, 2025
উল্লেখ্য যে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত ৯৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিছিল। ২০১৮ চনৰ ১৬ আগষ্টত দিল্লীৰ এইমছত চিৰদিনৰ বাবে চকু মুদিছিল প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে। ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক সদস্য বাজপেয়ীয়ে তিনিবাৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
অৱশ্যে এই তিনিটা কাৰ্যকালৰ ভিতৰত মাত্ৰ এবাৰহে তেওঁ সম্পূৰ্ণ কাৰ্যকাল লাভ কৰিছিল। প্ৰথমবাৰৰ বাবে ১৯৯৬ চনত ১৩ দিনৰ বাবে, তাৰ পিছত ১৯৯৮–৯৯ চনত ১৩ মাহৰ বাবে আৰু ১৯৯৯ চনৰ পৰা ২০০৪ চনলৈ তেওঁ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছিল। উল্লেখ্য যে সম্পূৰ্ণ কাৰ্যকাল লাভ কৰা তেওঁ আছিল দেশৰ প্ৰথমগৰাকী অকংগ্ৰেছী প্ৰধানমন্ত্ৰী।