আৰ্জেণ্টিনাত উপস্থিত প্ৰধানমন্ত্ৰী মোদীঃ লিথিয়াম যোগান সন্দৰ্ভত আলোচনাৰ সম্ভাৱনা
ঘানা আৰু ট্ৰিনিদাদ এণ্ড ট’বাগোৰ ভ্ৰমণ সামৰাৰ পিছত আজি আৰ্জেণ্টিনাত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আজি প্ৰধানমন্ত্ৰী মোদী আৰু আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি জেভিয়াৰ মাইলীৰ মাজত দ্বিপাক্ষিক আলোচনা অনুষ্ঠিত হ’ব। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতীয় মূলৰ লোকসকলকো সম্বোধন কৰিব।

আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক উন্নত কৰি তোলাৰ লক্ষ্যৰে বৰ্তমান পাঁচখন দেশৰ ভ্ৰমণত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই বিদেশ ভ্ৰমণৰ অংশ হিচাপে ইতিমধ্যে আফ্ৰিকান ৰাষ্ট্ৰ ঘানা আৰু কেৰিবিয়ান দেশ ট্ৰিনিদাদ এণ্ড ট’বাগোৰ ভ্ৰমণ সামৰাৰ পিছত আজি আৰ্জেণ্টিনাত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দুদিনীয়া ট্ৰিনিদাদ এণ্ড ট’বাগো ভ্ৰমণৰ সময়ত দুয়োখন দেশে দ্বিপাক্ষিক সম্পৰ্ক সম্প্ৰসাৰণৰ বাবে দুয়োখন দেশৰ মাজত ছয়খন চুক্তি স্বাক্ষৰিত হয়। প্ৰধানমন্ত্ৰী মোদী আৰু ট্ৰিনিদাদ এণ্ড ট’বাগোৰ প্ৰধানমন্ত্ৰী কমলা প্ৰসাদ বিছেছৰৰ মাজত আলোচনাৰ অন্তত দুয়োখন দেশে আন্তঃগাঁথনি, ঔষধ আৰু সংস্কৃতিকে ধৰি কেইবাটাও ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বাবে এই চুক্তিসমূহত স্বাক্ষৰ কৰে।
ইয়াৰ পিছতে আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি জেভিয়াৰ মাইলীৰ আমন্ত্ৰণমৰ্মে দুদিনীয়া ভ্ৰমণসূচীৰে দেশখনত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী মোদী। আজি পুৱতি নিশা দুদিনীয়া ভ্ৰমণসূচীৰে আৰ্জেণ্টিনালৈ ৰাওনা হয় প্ৰধানমন্ত্ৰী মোদী। নিজা এক্স হেণ্ডলত তেওঁ ইতিমধ্যে আৰ্জেণ্টিনাৰ বুয়েনছ আয়াৰ্ছত অৱতৰণৰ ছবি প্ৰচাৰ কৰিছে। আৰ্জেণ্টিনাত উপস্থিত হোৱাৰ পিছতে তেওঁক প্ৰবাসী ভাৰতীয়সকলে উষ্ম আদৰণি জনায়।
Distance is no barrier when it comes to cultural connect!
Honoured by the gracious welcome from the Indian community in Buenos Aires. It is truly moving to see how, thousands of kilometres away from home, the spirit of India shines brightly through our Indian community. pic.twitter.com/k1qH88dMmw
— Narendra Modi (@narendramodi) July 5, 2025
উল্লেখ্য যে প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব লাভৰ পিছত মোদীৰ এয়া দ্বিতীয়বাৰৰ বাবে আৰ্জেণ্টিনা ভ্ৰমণ। ইয়াৰ পূৰ্বে ২০১৮ চনত তেওঁ জি-২০ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে আৰ্জেণ্টিনা ভ্ৰমণ কৰিছিল। আজি প্ৰধানমন্ত্ৰী মোদী আৰু আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি জেভিয়াৰ মাইলীৰ মাজত দ্বিপাক্ষিক আলোচনা অনুষ্ঠিত হ’ব। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতীয় মূলৰ লোকসকলকো সম্বোধন কৰিব।
Landed in Buenos Aires for a bilateral visit which will focus on augmenting relations with Argentina. I’m eager to be meeting President Javier Milei and holding detailed talks with him.@JMilei pic.twitter.com/ucdbQhgsUj
— Narendra Modi (@narendramodi) July 5, 2025
প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণৰ সময়ত ভাৰত আৰু আৰ্জেণ্টিনাৰ মাজত প্ৰতিৰক্ষা, কৃষি, শক্তি, পাৰমাণৱিক সহযোগিতা, বাণিজ্য আৰু বিনিয়োগৰ বিষয়ত আলোচনা হ’ব পাৰে। তদুপৰি দুয়োখন দেশৰ মাজত লিথিয়াম যোগানৰ ক্ষেত্ৰতো আলোচনা তথা চুক্তি হোৱাৰ সম্ভাৱনা আছে। আৰ্জেণ্টিনাত বিশ্বৰ ভিতৰতে তৃতীয় সৰ্বাধিক লিথিয়াম মজুত আছে। গতিকে প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ সময়ত এই সন্দৰ্ভত আলোচনাৰ সম্ভাৱনা প্ৰবল।
উল্লেখ্য যে ২ জুলাইৰ পৰা ১০ জুলাইলৈ ৫খন দেশ ভ্ৰমণৰ পৰিকল্পনা কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। ঘানা, ট্ৰিনিদাদ এণ্ড ট’বাগোৰ পিছত আৰ্জেণ্টিনা ভ্ৰমণ প্ৰধানমন্ত্ৰী মোদীৰ এই বিদেশ ভ্ৰমণ পৰিকল্পনাৰ তৃতীয় পৰ্যায়। আজি আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি জেভিয়াৰ মাইলীক সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। লগতে তেওঁ ভাৰত-আৰ্জেণ্টিনা ব্যৱসায়িক সন্মিলন ২০২৫ত অংশগ্ৰহণ কৰিব। একে সময়তে ভাৰতীয় মূলৰ লোকৰ সৈতে সাংস্কৃতিক অনুষ্ঠানতো অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।
ইয়াৰ পিছত দেওবাৰে তেওঁ আৰ্জেণ্টিনাৰ বৈদেশিক মন্ত্ৰী, বাণিজ্য মন্ত্ৰী, শক্তি মন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হ’ব। এই বৈঠকত তেওঁ লিথিয়াম আৰু তৰলীকৃত প্ৰাকৃতিক গেছ যোগানৰ দৰে বিষয়ত চুক্তি স্বাক্ষৰ কৰিব পাৰে বুলি সূত্ৰই প্ৰকাশ কৰিছে। হ’ব পাৰে। দুদিনীয়া এই আৰ্জেণ্টিনা ভ্ৰমণৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে ব্ৰাজিললৈ ৰাওনা হ’ব। ব্ৰাজিলৰ ৰিঅ’ ডি জেনেৰিঅ’ চহৰত অহা ৬ আৰু ৭ জুলাইত তেওঁ ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব।