ভাৰতীয় নৌসেনীত সংযুক্ত হ’ল তিনিখনকৈ যুদ্ধ জাহাজ; জানি লওক এই তিনিখন যুদ্ধ জাহাজৰ সবিশেষ
ভাৰতীয় নৌসেনাত সংযুক্ত হল তিনিখনকৈ নতুন যুদ্ধ জাহাজ । আই এন এছ চুৰাট, আই এন এছ নীলগিৰি আৰু আই এন এছ বাঘশ্বীৰ নামৰ যুদ্ধ জাহাজ তিনিখন আনুষ্ঠানিকভাৱে নৌসেনাক অৰ্পণ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ।
 
                                প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে তিনিখন “মেড ইন ইণ্ডিয়া” আগশাৰীৰ নৌসেনাৰ যুঁজাৰু জাহাজ দেশৰ বাবে উৎসৰ্গা কৰে । আই এন এছ চুৰাট, আই এন এছ নীলগিৰি আৰু আই এন এছ বাঘশ্বীৰক দেশৰ বাবে আগবঢ়াই প্ৰধানমন্ত্ৰীয়ে কয় যে এখন ধ্বংসকাৰী জাহাজ, এখন ফ্ৰিগেট আৰু এখন চাবমেৰিন একেলগে ভাৰতীয় নৌসেনাত অন্তৰ্ভুক্ত কৰাৰ এই প্ৰক্ৰিয়া দেশত প্ৰথমবাৰলৈ হৈছে ।
অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ সামুদ্ৰিক নিৰাপত্তাৰ ওপৰত আলোকপাত কৰি কয় যে আজি ভাৰতক গ্ল’বেল ছাউথত ‘নিৰ্ভৰযোগ্য’ আৰু ‘দায়বদ্ধ’ দেশ হিচাপে স্বীকৃতি দিয়া হৈছে । প্ৰধানমন্ত্ৰীয়ে আৰু কয় যে ভাৰতে সম্প্ৰসাৰণবাদৰ পৰিৱৰ্তে উন্নয়নৰ মনোভাৱৰ ওপৰত কাম কৰে আৰু তেওঁ লগতে কয়, “আমি ‘সাগৰ’ৰ (SAGAR) মন্ত্ৰ দিলোঁ যাৰ অৰ্থ হৈছে অঞ্চলটোৰ সকলোৰে বাবে নিৰাপত্তা আৰু উন্নয়ন ।”

আই এন এছ বাঘশ্বীৰ
আজি অন্তৰ্ভুক্ত কৰা নৌসেনাৰ জাহাজ কেইখনৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আই এন এছ নীলগিৰি চোলসকলৰ সামুদ্ৰিক শক্তিৰ প্ৰতি উৎসৰ্গিত হোৱাৰ বিপৰীতে আই এন এছ চুৰাটে গুজৰাটৰ মাজেৰে ভাৰত কেতিয়া পশ্চিম এছিয়াৰ সৈতে সংযুক্ত হৈছিল সেই কাহিনীৰ কথা সোঁৱৰাইছে ।
“আই এন এছ নীলগিৰি চোলসকলৰ সামুদ্ৰিক ক্ষমতাৰ শক্তিৰ বাবে উৎসৰ্গিত । আই এন এছ চুৰাটে গুজৰাটৰ মাজেৰে ভাৰতৰ পশ্চিম এছিয়াৰ সৈতে কেতিয়া সংযুক্ত হৈছিল সেই কাহিনীৰ কথা মনত পেলাই দিয়ে । আজি মই আই এন এছ বাঘশ্বীৰ চাবমেৰিন মুকলি কৰাৰো সুযোগ পালোঁ । এই নতুন মঞ্চসমূহে ভাৰতৰ নিৰাপত্তা আৰু উন্নয়নক শক্তি প্ৰদান কৰিব । গ্ল’বেল ছাউথত ভাৰতক নিৰ্ভৰযোগ্য আৰু দায়িত্বশীল দেশ হিচাপে স্বীকৃতি দিয়া হৈছে । ভাৰতে সম্প্ৰসাৰণবাদতকৈ আদৰ্শবাদৰ মতাদৰ্শৰ ওপৰত কাম কৰে । ভাৰতে সদায় মুকলি, সুৰক্ষিত, সৰ্বাংগীন আৰু সমৃদ্ধিশালী ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলক সমৰ্থন কৰি আহিছে । ভাৰতে ‘সাগৰ’(SAGAR) মন্ত্ৰ দিলে যাৰ অৰ্থ হৈছে অঞ্চলটোৰ সকলোৰে বাবে নিৰাপত্তা আৰু উন্নয়ন,” বুলি প্ৰধানমন্ত্ৰী মোদীয়ে কয় ।

আই এন এছ নীলগিৰি মুকলি কৰিলে প্ৰধানমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰীয়ে
সমগ্ৰ ভাৰত মহাসাগৰীয় অঞ্চলত ভাৰতৰ প্ৰথম সঁহাৰিদাতা হিচাপে উত্থান ঘটিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় নৌসেনাই জীৱন ৰক্ষা আৰু হাজাৰ হাজাৰ কোটি টকাৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সামগ্ৰী সুৰক্ষাৰ ক্ষেত্ৰত কৰা প্ৰচেষ্টাক প্ৰশংসা কৰে ।
তেওঁ আৰু কয় যে আছিয়ান ৰাষ্ট্ৰসমূহ, অষ্ট্ৰেলিয়া, উপসাগৰীয় বা আফ্ৰিকান দেশৰ সৈতে হওক, ভাৰতৰ অৰ্থনৈতিক সহযোগিতা অধিক শক্তিশালী হৈ আহিছে ।
তেওঁ কয়, “সমগ্ৰ ভাৰত মহাসাগৰ অঞ্চলত ভাৰতে প্ৰথম সঁহাৰিদাতা হিচাপে আত্মপ্ৰকাশ কৰিছে । যোৱা কেইমাহমানৰ ভিতৰত আমাৰ নৌসেনাই শ শ লোকৰ জীৱন ৰক্ষা কৰি হাজাৰ কোটি টকাৰ ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সামগ্ৰীক সুৰক্ষা প্ৰদান কৰিছে । ইয়াৰ ফলত ভাৰতৰ প্ৰতি বিশ্বৰ আস্থা বাঢ়িছে । আপোনালোক সকলোৰে বাবেই এয়া সম্ভৱ হৈছে । ভাৰতীয় নৌসেনা আৰু উপকূলৰক্ষী বাহিনীৰ ওপৰত এই আস্থা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে । আজি আপোনালোকে দেখিছে যে আছিয়ান হওক, অষ্ট্ৰেলিয়া হওক, উপসাগৰীয় দেশেই হওক, আফ্ৰিকান দেশেই হওক, সকলোৰে সৈতে ভাৰতৰ অৰ্থনৈতিক সহযোগিতা অধিক শক্তিশালী হৈ আহিছে ।”
‘সবকা সাথ সবকা বিশ্বাস’ৰ সংকল্পৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে সমগ্ৰ বিশ্বক এটা পৰিয়াল বুলি বিশ্বাস কৰে আৰু বিভিন্ন অনুষ্ঠানত ভাৰতে ‘‘এক পৃথিৱী, এক পৰিয়াল আৰু এক ভৱিষ্যত’’ আৰু ‘এক পৃথিৱী, এক স্বাস্থ্য’কে ধৰি কেইবাটাও ‘মন্ত্ৰ’ আগবঢ়াইছিল ।
‘‘যেতিয়া ভাৰতে জি-২০ৰ অধ্যক্ষ পদৰ সুযোগ পাইছিল তেতিয়া আমি এক পৃথিৱী, এক পৰিয়াল আৰু এক ভৱিষ্যতৰ মন্ত্ৰ দিছিলো । যেতিয়া বিশ্বই Covid-19ৰ সৈতে যুঁজি আছিল, আমি ‘এক পৃথিৱী, এক স্বাস্থ্য’ৰ মন্ত্ৰ দিছিলো । আমি বিশ্বাস কৰোঁ যে গোটেই পৃথিৱীখনেই পৰিয়াল । আমি সবকা সাথ সবকা বিশ্বাসৰ মনোভাৱত বিশ্বাস কৰোঁ, সেয়েহে, আমি অঞ্চলটোৰ নিৰাপত্তাৰ পোষকতা কৰোঁ । বিশ্বৰ নিৰাপত্তা, অৰ্থনীতি আৰু ভূ-ৰাজনীতিৰ কথা আহিলে ‘সামুদ্ৰিক দেশ’ হিচাপে ভাৰতৰ অৱদান বৃহৎ হ’ব । অৰ্থনৈতিক উন্নয়ন আৰু শক্তি সুৰক্ষাৰ বাবে পৰম্পৰাগত জল, ভূখণ্ডৰ জল সুৰক্ষা আৰু যাতায়তৰ স্বাধীনতা নিশ্চিত কৰাটো প্ৰয়োজনীয়,” বুলি প্ৰধানমন্ত্ৰীয়ে কয় ।

ভাৰতীয় নৌসেনাৰ নতুন যুদ্ধ জাহাজ
ভাৰতৰ সামুদ্ৰিক সীমা শক্তিশালী কৰাৰ বাবে ছাত্ৰপতি শিৱাজীয়ে কৰা প্ৰচেষ্টাৰ কথা স্মৰণ কৰাৰ লগতে নৌসেনাত তিনিখনকৈ যুদ্ধ জাহাজ অন্তৰ্ভুক্ত কৰাৰবাবে ভাৰতীয় নৌসেনা আৰু তিনিওখন নৌসেনাৰ জাহাজৰ নিৰ্মাতাসকলক অভিনন্দন জনায় প্ৰধানমন্ত্ৰীয়ে ।
প্ৰতিৰক্ষা উৎপাদন আৰু সামুদ্ৰিক নিৰাপত্তাৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশ হোৱাৰ ভাৰতৰ দৃষ্টিভংগীক বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত তিনিখন প্ৰধান নৌসেনাৰ যুদ্ধ জাহাজৰ অন্তৰ্ভুক্তিয়ে এক উল্লেখযোগ্য গুৰুত্ব বহন কৰিছে ।
আই এন এছ চুৰাটত ৭৫ শতাংশ থলুৱা সামগ্ৰী ব্যৱহাৰ কৰা হৈছে আৰু ই অত্যাধুনিক অস্ত্ৰ-চেন্সৰ পেকেজ আৰু উন্নত নেটৱৰ্ককেন্দ্ৰিক ক্ষমতাৰে সজ্জিত।
আই এন এছ নীলগিৰি ভাৰতীয় নৌসেনাৰ যুদ্ধ জাহাজ ডিজাইন ব্যুৰোৰ দ্বাৰা ডিজাইন কৰা হৈছে আৰু ইয়াত বৰ্ধিত জীয়াই থকাৰ ক্ষমতা, সাগৰৰ ৰক্ষণাবেক্ষণ, আৰু আক্ৰমণৰ বাবে উন্নত বৈশিষ্ট্য সন্নিবিষ্ট কৰা হৈছে, যিয়ে পৰৱৰ্তী প্ৰজন্মৰ থলুৱা ফ্ৰিগেটৰ প্ৰতিফলন ঘটায় ।
আই এন এছ বাঘশ্বীৰে ভাৰতৰ ছাবমেৰিন নিৰ্মাণৰ ক্ৰমবৰ্ধমান বিশেষজ্ঞতাক প্ৰতিনিধিত্ব কৰে আৰু ইয়াক ফ্ৰান্সৰ নৌসেনা গোটৰ সহযোগত নিৰ্মাণ কৰা হৈছে ।
 
                         
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
 
		 
 
		 
 
		 
 
		 
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
	  
		
         
                       
                       
                      