পতঞ্জলিয়ে লাভ কৰিলে AEO Tier-2 প্ৰমাণপত্ৰ, স্বামী ৰামদেৱে ক’লে, “ভাৰতৰ বাবে গৌৰৱৰ দিন”
পতঞ্জলীয়ে লাভ কৰিলে AEO (Authorized Economic Operator) Tier-2 প্ৰমাণপত্ৰ। এই প্ৰমাণপত্ৰখনে বিশ্ব বাণিজ্যত সততা, স্বচ্ছতা আৰু যোগান শৃংখল সুৰক্ষাৰ উচ্চ মানদণ্ডৰ প্ৰতীক।

পতঞ্জলি ফুডছ লিমিটেডে আন এক ডাঙৰ অগ্ৰগতি। ৱ’ৰ্লড কাষ্টমচ অৰগেনাইজেচন (WCO) আৰু ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়-ভাৰতীয় শুল্ক বিভাগে পতঞ্জলীক AEO (Authorized Economic Operator) Tier-2 প্ৰমাণপত্ৰ প্ৰদান কৰিছে। এই প্ৰমাণপত্ৰখনে বিশ্ব বাণিজ্যত সততা, স্বচ্ছতা আৰু যোগান শৃংখল সুৰক্ষাৰ উচ্চ মানদণ্ডৰ প্ৰতীক।
ভাৰতৰ কেইটামান শীৰ্ষ কোম্পানীয়েহে এই মৰ্যাদা লাভ কৰিছে। আৰু FMCG খণ্ডৰ কেইটামান কোম্পানীয়েহে এই সন্মানীয় প্ৰমাণ পত্ৰ লাভ কৰিছে। এতিয়া সোণালী আখৰেৰে এই তালিকাত পতঞ্জলিৰ নাম সংযোজন কৰা হৈছে।
এই প্ৰমাণ পত্ৰ কিয় বিশেষ?
AEO Tier-2 প্ৰমাণপত্ৰৰ জৰিয়তে পতঞ্জলি ফুডছে শুল্ক ধন পৰিশোধ, বেংকৰ নিশ্চয়তা ৰেহাই, প্ৰত্যক্ষ বন্দৰ ডেলিভাৰী (ডি পি ডি), 24×7 ক্লিয়াৰেন্সৰ সুবিধা আদিকে ধৰি ২৮ টাতকৈও অধিক আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক সুবিধা লাভ কৰিব। যিকোনো কোম্পানীৰ গুণগত মান, সততা, স্বচ্ছ কৰ্ম ব্যৱস্থা আৰু ৰাষ্ট্ৰীয় স্বাৰ্থত অৱদানৰ প্ৰমাণ এইটোৱেই। এয়া কেৱল প্ৰমাণ পত্ৰ নহয়, ভাৰতৰ অৰ্থনৈতিক স্বাধীনতাক আৰু অধিক শক্তিশালী কৰা এক সন্মান।
স্বামী ৰামদেৱৰ বাৰ্তা
স্বামী ৰামদেৱে কয় যে, “আজি কেৱল পতঞ্জলি পৰিয়ালৰ বাবেই নহয়, প্ৰতিজন ভাৰতীয়ৰ বাবেও গৌৰৱৰ দিন।পতঞ্জলিয়ে প্ৰতিদিনে নিৰ্ভৰযোগ্য, প্ৰামাণ্যকৰণ, প্ৰতিযোগিতামূলক ক্ষমতা আৰু গুণগত মানৰ ক্ষেত্ৰত নতুন গতিৰে আগবাঢ়িছে আৰু ব্যৱসায়িক খণ্ডত উদ্যোগীকৰণৰ নতুন মানদণ্ড নিৰ্ধাৰণ কৰি আছে। এই প্ৰমাণপত্ৰই জাতি গঢ়ি তোলাৰ আমাৰ সংকল্পক আৰু অধিক শক্তিশালী কৰি তুলিছে।”
তেওঁ কয় যে, “এই সন্মান আমাৰ ধৰ্য, গুণগত মান আৰু সততাৰ প্ৰতীক। আমি প্ৰতিশ্ৰুতি দিছো যে, আমি ‘স্বদেশী সে স্বাভিমান’ৰ এই পথত অধিক দ্ৰুতগতিত আগবাঢ়িম আৰু ‘মেক ইন ইণ্ডিয়া’ক বিশ্বৰ শিখৰলৈ লৈ যাম।”
আচাৰ্য বাল্কৃষ্ণৰ বাৰ্তা
একে সময়তে আচাৰ্য বালকৃষ্ণই কয় যে, “এই কৃতিত্ব সমগ্ৰ পতঞ্জলি পৰিয়াল, কৰ্মচাৰী আৰু গ্ৰাহকৰ সামূহিক প্ৰচেষ্টাৰ ফল।AEO Tier-2 প্ৰমাণপত্ৰ আমাৰ কামৰ স্বচ্ছতা, গুণগত মান আৰু আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ প্ৰমাণ। ইয়াৰ ফলত ৰপ্তানি কাৰ্যকলাপ বৃদ্ধি পাব আৰু দেশৰ অৰ্থনীতি শক্তিশালী হ’ব। এই সন্মানে আমাক কেৱল দেশৰ ভিতৰতে নহয়, বিশ্বৰ প্ৰতিটো কোণলৈ সংযোগ বৃদ্ধি কৰিব। ই সংস্কৃতি, আয়ুৰ্বেদ আৰু থলুৱা সামগ্ৰীৰ প্ৰচাৰত সহায়ক বুলি প্ৰমাণিত হ’ব।”