শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ভাতৃক জীৱন দানেৰে ৰাখী বন্ধনৰ অমূল্য উপহাৰ দিলে ভগ্নীয়েঃ ভাতৃ-ভগ্নীৰ কাহিনীয়ে জিনিছে হৃদয়

সাধাৰণতে ৰাখী বন্ধনৰ দিনটোত ভাতৃৰ পৰা ভগ্নীয়ে লাভ কৰে বিভিন্ন উপহাৰ। কিন্তু হাৰিয়ানাৰ এগৰাকী মহিলাই নিজ ভাতৃৰ পৰা উপহাৰ গ্ৰহণ কৰাৰ পৰিৱৰ্তে ভাতৃৰ হাততহে তুলি দিছে এক অমূল্য উপহাৰ। নিজ ভাতৃক এক নতুন জীৱন দানেৰে এই মহিলাগৰাকীয়ে ভাতৃ-ভগ্নীৰ সম্পৰ্কক কৰি তুলিছে মহীয়ান।

ভাতৃক জীৱন দানেৰে ৰাখী বন্ধনৰ অমূল্য উপহাৰ দিলে ভগ্নীয়েঃ ভাতৃ-ভগ্নীৰ কাহিনীয়ে জিনিছে হৃদয়
দুই ভাতৃ-ভগ্নী
Monjit Dutta
Monjit Dutta | Edited By: Barasha Sarma | Updated On: 19 Aug 2024 17:00 PM

আজি দেশত উদযাপন কৰা হৈছে ৰাখী বন্ধন উৎসৱ। এই উৎসৱৰ জৰিয়তে ভাতৃ-ভগ্নীৰ পবিত্ৰ সম্পৰ্কক উজলাই তোলা হৈছে। সাধাৰণতে এই দিনটোত ভাতৃৰ পৰা ভগ্নীয়ে লাভ কৰে বিভিন্ন উপহাৰ। পৰম্পৰা হিচাপেই প্ৰচলিত হৈ আহিছে এই উপহাৰ প্ৰদানৰ নিয়ম। কিন্তু হাৰিয়ানাৰ এগৰাকী মহিলাই নিজ ভাতৃৰ পৰা উপহাৰ গ্ৰহণ কৰাৰ পৰিৱৰ্তে ভাতৃৰ হাততহে তুলি দিছে এক অমূল্য উপহাৰ। নিজ ভাতৃক এক নতুন জীৱন দানেৰে এই মহিলাগৰাকীয়ে ভাতৃ-ভগ্নীৰ সম্পৰ্কক কৰি তুলিছে মহীয়ান। হাৰিয়ানাৰ ফৰিদাবাদত দেখিবলৈ পোৱা গৈছে এই অনন্য দৃশ্য।

ৰূপা নামৰ এই মহিলাগৰাকীয়ে ভাতৃক নিজৰ এটা বৃক্ক দানেৰে প্ৰদান কৰিছে ৰাখী বন্ধনৰ অমূল্য উপহাৰ। প্ৰকাশিত খবৰ অনুসৰি ৰূপাৰ ভাতৃ ললিত কুমাৰ ২০২৩ চনৰ পৰা বৃক্কৰ সমস্যাত ভুগি আছে। ক্ৰিয়েটিনিন বৃদ্ধি হোৱাৰ বাবে ললিতে ডায়েলাইছিছ কৰিব লগা হৈছিল। এনে পৰিস্থিতিত ভাতৃ ললিতক বৃক্ক দান কৰিবলৈ আগবাঢ়ি আহিছিল ৰূপা।

চেক আপৰ সময়ত ললিতৰ ক্ৰিয়েটিনিন ১২তকৈ অধিক পোৱা যায়। ইয়াৰ পিছত তেওঁৰ ডায়েলাইছিছ আৰম্ভ হ’ল। ললিত কুমাৰৰ মতে, তেওঁৰ ভগ্নী ৰূপা ফৰিদাবাদত থাকে। ৰূপাই যেতিয়া ভাতৃ ললিতৰ সমস্যাৰ বিষয়ে জানিব পাৰে, তেতিয়া তেওঁ লগে লগে এটা বৃক্ক দান কৰাৰ ইচ্ছা প্ৰকাশ কৰে। কিন্তু ললিত কুমাৰে দৃঢ়ভাৱে ৰূপাৰ এই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰে।

কিন্তু ভাতৃৰ জীৱ্বন ৰক্ষাৰ বাবে বদ্ধপৰিকৰ হৈ পৰে ৰূপা আৰু ললিতৰ বাধাৰ পিছতো ৰাখীৰ দুদিন পূৰ্বে নিজৰ এটা বৃক্ক দি তেওঁৰ জীৱন ৰক্ষা কৰে। ৰূপাৰ এই অমূল্য উপহাৰৰ সুবাদত এতি্যা সুস্থ হৈ উঠিছে ললিত। ঘূৰাই পাইছে এক নতুন জীৱন। ইফালে ভাতৃ ললিতৰ জীৱন ৰক্ষা কৰি অত্যন্ত সুখী ভগ্নী ৰূপা।

ৰূপাই জানিবলৈ দিয়া মতে ভাতৃ ললিতৰ বাধা আওকাণ কৰি তেওঁ বৃক্ক দান কৰিছে। লক্ষণীয়ভাৱে সম্প্ৰতি দুটা সন্তানৰ মাতৃ ৰূপাৰ স্বামীৰ মৃত্যু হৈছে। ৰাখী বন্ধন উপলক্ষে ভাতৃৰ জীৱন ৰক্ষা কৰি এতিয়া সুখী হৈ পৰিছে ৰূপা। তেওঁলোকৰ এই কাহিনীয়ে এতিয়া হৃদয় জিনিছে সকলোৰে।