চলন্ত বাছত জঘন্য কাণ্ড! মানুহৰ আগতেই খুলিলে কাপোৰ, তাৰ পাছত…
মহিলাগৰাকীয়ে অভিযুক্তৰ ভিডিঅ’ দেখুৱাই কোল্লাম ইষ্ট থানাত এজাহাৰ দাখিল কৰে। তাৰ পিছতে এই ঘটনাত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হয়। লুকাউট নোটিচ জাৰি কৰাকে ধৰি তদন্ত আৰম্ভ কৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

চলন্ত বাছত যাত্ৰীৰ জঘন্য কাণ্ড। কেৰালাৰ কোল্লামৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজন ব্যক্তিক। এগৰাকী মহিলাই তেওঁৰ বিৰুদ্ধে ৰুজু কৰিছিল গোচৰ। মহিলাগৰাকীয়ে অভিযোগ কৰে যে বাছত যাত্ৰা কৰি থকা অৱস্থাত মানুহজনে মহিলাগৰাকীৰ কাষৰ চিটত বহি কাপোৰ খুলি হস্তমৈথুন কৰিবলৈ আৰম্ভ কৰে। লগতে মহিলাগৰাকীয়ে অভিযুক্তৰ এই কাণ্ডৰ ভিডিঅ’ ৰেকৰ্ডিং কৰি দেখুৱাই দিয়াৰ পিছতে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰে।
মহিলাগৰাকীয়ে মাভেলিকাৰ ফাষ্ট পেচেঞ্জাৰ কেএছআৰটিচি বাছত কোটিয়ামৰ পৰা কোল্লামলৈ গৈ আছিল। এজাহাৰ দাখিল কৰাৰ সময়ত মহিলাগৰাকীয়ে কয় যে সেই সময়ত বাছখনত অতি ভিৰ আছিল। অভিযুক্তই আহি মহিলাগৰাকীৰ কাষৰ আসনত বহি মহিলাগৰাকীৰ সন্মুখত অশ্লীল কাম কৰিবলৈ ধৰিলে। সেই সময়তে মহিলাগৰাকীয়ে তেওঁৰ ভিডিঅ’ ৰেকৰ্ডিং কৰে। মহিলাগৰাকীয়ে কয় যে তেওঁ অভিযুক্তক এই ভিডিঅ’টো আৰক্ষীক দেখুৱাম বুলিও ভাবুকি দিছিল যদিও তথাপিও তেওঁ নিজৰ কাৰ্য বন্ধ কৰা নাছিল।
মহিলাগৰাকীয়ে অভিযুক্তৰ ভিডিঅ’ দেখুৱাই কোল্লাম ইষ্ট থানাত এজাহাৰ দাখিল কৰে। তাৰ পিছতে এই ঘটনাত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হয়। লুকাউট নোটিচ জাৰি কৰাকে ধৰি তদন্ত আৰম্ভ কৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। মহিলাগৰাকীয়ে বাছখনত আৰু তিনিগৰাকী মহিলা থকাৰ কথাও জনায়। লগতে অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্তক
অভিযুক্ত ব্যক্তিজন কোল্লামৰ মাইলাক্কাডৰ নিবাসী ৪৩ বছৰীয়া সুনীল কুমাৰ। ইথিক্কাৰা দলঙৰ সমীপত কোল্লাম চহৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তেওঁক। সোমবাৰে মহিলাগৰাকীয়ে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। অৱশ্যে ৰাজহুৱা পৰিবহণত এগৰাকী মহিলাৰ সৈতে এনে কার্য সংঘটিত হোৱাৰ এয়া প্রথম খবৰ নহয়৷ ইয়াৰ আগতেও বহুবাৰ এনে খবৰ পোহৰলৈ আহিছে। যাৰ বাবেই আজিও বহু মহিলাই অকলে যাত্ৰা কৰিবলৈ ভয় কৰে।
লগতে পঢ়ক: ৰে’লৰ এটা ডবা নিৰ্মাণৰ বাবদ কিমান কোটি টকা খৰচ হয় জানেনে?